শৃংখল (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ

শৃংখল (The Quiver) হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই। 'অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম'ৰ সহযোগত 'ছিলভাৰ লাইন প্ৰডাক্‌চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা প্ৰীতি শইকীয়া, পাৰ্থ প্ৰতিম বৰা, শচীন্দ্ৰ কুমাৰ কাকতি আৰু সংগীতা শইকীয়াৰ। সংগীত পৰিচালনা মানস হাজৰিকাৰ।[1]

শৃংখল

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক প্ৰবীণ হাজৰিকা
কাহিনী ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক প্ৰীতি শইকীয়া
পাৰ্থ প্ৰতিম বৰা
শচীন্দ্ৰ কুমাৰ কাকতি
সংগীতা শইকীয়া
(ছিলভাৰ লাইন প্ৰডাক্‌চন)
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম
অভিনয়ত আদিল হুছেইন
জয়া শীল ঘোষ
বাদল দাস
সৌৰভ হাজৰিকা
চিত্ৰগ্ৰহণকাৰী সিদ্ধাৰ্থ বৰুৱা
সম্পাদনা নিৰঞ্জন গগৈ
সংগীত পৰিচালক মানস হাজৰিকা
মুক্তি
১৭ অক্টোবৰ, ২০১৪
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

শৃংখলৰ কাহিনীভাগত সত্তৰ দশকৰ অসমীয়া সমাজৰ এগৰাকী দুখীয়া বিধৱা মহিলাই জীৱন সংগ্ৰামত ভোগ কৰা যন্ত্ৰণা আৰু নিৰাপত্তাহীনতাৰ ওপৰত চলচ্চিত্ৰখনৰ কাহিনী আধাৰিত।[1]

নিৰ্মাণ সম্পাদনা কৰক

২০১২ চনৰ ২৯ নৱেম্বৰত শৃংখলৰ শুভ মহুৰত ছিপাঝাৰৰ গৰুখুটিত সম্পন্ন হয়। উক্ত চলচ্চিত্ৰখন নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা ষাঠি শতাংশ ধন আগবঢ়োৱাৰ বিপৰীতে বাকী চল্লিশ শতাংশ বিনিয়োগ কৰিছে ছিলভাৰ লাইন প্ৰডাক্‌চনৰ বেনাৰত প্ৰীতি শইকীয়া, পাৰ্থ প্ৰতিম বৰা, সংগীতা শইকীয়া আৰু শচীন্দ্ৰ কুমাৰ কাকতিয়ে।

চিত্ৰগ্ৰহণ সম্পাদনা কৰক

৩৫ এম এম কেমেৰাৰে শৃংখলৰ চিত্ৰগ্ৰহণ কৰা হয়। চিত্ৰগ্ৰহণৰ দায়িত্বত আছিল সিদ্ধাৰ্থ বৰুৱা।

চিত্ৰনাট্য সম্পাদনা কৰক

কথাছবি খনৰ মূল চিত্ৰনাট্য মহেন্দ্ৰ বৰঠাকুৰৰ। পৰিচালকে কৈছে যে চলচ্চিত্ৰ খাতিৰত ভৱেন্দ্ৰ নাথ শইকীয়াৰ মূল কাহিনী কিছু পৰিমাণে সাল-সলনি কৰা হৈছে। কিন্তু মূল গল্পৰ কোনো ক্ষতি কৰা হোৱা নাই। ছবিখনৰ সংলাপ ৰচনা কৰিছে পৰিচালক প্ৰবীণ হাজৰিকাই।

কলা-কুশলী সম্পাদনা কৰক

  • চিত্ৰগ্ৰহণ : সিদ্ধাৰ্থ দুৱৰা
  • প্ৰডাক্‌চন ডিজাইনাৰ : ফটিক বৰুৱা
  • সহকাৰী পৰিচালক : গৌৰৱ বৰুৱা, উদয় ভাস্কৰ, বিদ্যজ্যোতি ডেকা, হিৰকজ্যোতি নাথ
  • সংগীত : মানস হাজৰিকা
  • শব্দগ্ৰহণ : যতীন শৰ্মা (ফিল্ম ক্ৰাফট্‌)
  • সম্পাদনা : নিৰঞ্জন গগৈ

অভিনয়ত সম্পাদনা কৰক

বহুদিন বাংলা ছবিজগতত ব্যস্ত থকাৰ পাছত প্ৰায় ১৪ বছৰৰ মূৰত জয়া শীল ঘোষে এইখন ছবিৰে অসমীয়া ছবিজগতলৈ প্ৰত্যাৱৰ্তন কৰে।[1] ছবিখনৰ অভিনয় শিল্পীসকল হ'ল

চেন্সৰ আৰু মুক্তি সম্পাদনা কৰক

২০১৩ চনৰ ২৯ আগষ্টত গুৱাহাটীত সুকলমে শৃংখলৰ চেন্সৰ হৈ যায়। ছবিখনে U চাৰ্টিফিকেট লাভ কৰে। ২০১৪ চনৰ ২৯ আগষ্টত ছবিখনে অসমৰ মুঠ সাতটা চিত্ৰগৃহত মুক্তি লাভ কৰে।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক