শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড

১৯৭৫ চনত ১৫ আগষ্ট পুৱাত বাংলাদেশ সেনাবাহিনীৰ এদল বিপথগামী সদস্য সামৰিক অভ্যুত্থান সংগঠিত কৰে আৰু শেখ মুজিবুৰ ৰহমানক তেওঁৰ ধানমণ্ডি-৩২ ৰ বাসভৱনত হত্যা কৰে। তাৰ পিছত ১৫ আগষ্ট ১৯৭৫ থাকে ৬ নভেম্বৰ ১৯৭৫ লৈকে খন্দকাৰ মোশতাক আহমেদ অঘোষিতভাবে বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

পটভূমি সম্পাদনা কৰক

১৯৭১ চনৰ ১৬ ডিসেম্বৰ বাংলাদেশৰ বিজয়ৰ পাছত শেখ মুজিবুৰক পাকিস্তানৰ কাৰাগাৰৰ পৰা মুক্তি দিয়া হয়। পিছত শেখ মুজিবুৰ ৰহমানে যুক্তৰাষ্ট্ৰ, লণ্ডন আৰু ভাৰত হৈ বাংলাদেশত উভতি যায়। নিজদেশত যোৱাৰ পিছত মুজিবুৰে প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ শাসন ভাৰ গ্ৰহণ কৰে আৰু আগামী তিনি বছৰলৈকে সেই পদতে নিযুক্ত থাকে। পৰবৰ্ত্তীকালত ১৯৭৫ চনত তাই ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰে। শেখ মুজিবুৰে ১৯৭৫ চনৰ ৭ জুন তাৰিখে সকলো ৰাজনৈতিক দল আৰু সংবাদ মাধ্যম নিষিদ্ধ কৰি জাতীয় ঐক্য চৰকাৰ প্ৰতিষ্ঠা কৰে। বাংলাদেশ কৃষক শ্ৰমিক আৱামী লীগ গঠনৰ মাধ্যমত তাৰ একদল শাসনৰ ঘোষণাৰ পিছত সুশীল সমাজ, বুদ্ধিজীৱী আৰু সকল ৰাজনৈতিক দল বিৰোধিতা কৰে। জাতীয় ৰক্ষাবাহিনী আছিল ১৯৭২ চনত গঠিত এটা অত্যন্ত বিতৰ্কিত মিলিশিয়়া বাহিনী যি বাহিনী শেখ মুজিবুৰ ৰহমানৰ প্ৰতি অনুগত আছিল। এইটো বেসামৰিক জনগণৰ পৰা অস্ত্ৰ পুনৰুদ্ধাৰ বাবে গঠিত হ'লেও প্ৰকৃততে মুজিবুৰ চৰকাৰক ক্ষমতাচ্যুত হওয়াৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰিছিল। জাতীয় ৰক্ষাবাহিনীৰ মাজত অসন্তুষ্টি মুজিবুৰৰ হত্যাকান্ডৰ অন্যতম কাৰণ হিচাপে বিবেচিত হয়।

বামপন্থী শক্তিৰ উত্থান সম্পাদনা কৰক

১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈকে উদীয়মান বামপন্থী শক্তি মুজিব হত্যাকান্ডৰ পৰিস্থিতি সৃষ্টিৰ বাবে বহুত পৰিমানে দায়ী। বাংলাদেশত ১৯৭২ চনত বৈজ্ঞানিক সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে আৱামী লীগৰ ছাত্ৰ সংগঠন, বাংলাদেশ ছাত্ৰ লীগৰ পৰা বিভক্ত হৈ তাৰে এটা অংশ লৈ জাতীয় সমাজতান্ত্ৰিক দল(জাসদ) গঠন কৰ। কৰ্নেল আবু তাহেৰ আৰু হাসানুল হক ইনুৰ নেতৃত্বত জাসদৰ সশস্ত্ৰশাখা, গণবাহিনী চৰকাৰৰ সমৰ্থক, আৱামী লীগৰ সদস্য আৰু পুলিচৰ হত্যাৰ মাধ্যমে অভ্যুত্থানত লিপ্ত হয়। ইয়াৰ ফলত বাংলাদেশত আইন শৃংখলা বজায় ৰখাত অসুবিধাৰ সৃষ্টি হয় আৰু মুজিবুৰ হত্যাকাণ্ড সংগঠিত হোৱাৰ পথ প্ৰশস্ত হয়।

চক্ৰান্তকৰীগণ সম্পাদনা কৰক

কাৰ্নেল সৈয়দ ফাৰুক ৰহমান, খন্দকাৰ আব্দুৰ ৰশীদ, শৰিফুল হক (ডালিম), মহিউদ্দিন আহমেদ, এ.কে.এম মহিউদ্দিন আহমেদ, বজলুল হুদা আৰু এস.এইচ.এম.বি নূৰ চৌধুৰী বাংলাদেশ সেনাবাহিনীৰ অভিজ্ঞতা সম্পন্ন মেজৰ আছিল। বিদেশী গোয়েন্দাৰ পৰা ইঙ্গিত পাই সিহঁতে চৰকাৰ উৎখাত কৰি নিজৰ সামৰিক চৰকাৰৰ শাসন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰে। মুজিবুৰৰ মন্ত্ৰী পৰিষদৰ আৱামী লীগৰ এজন মন্ত্ৰী, খন্দকাৰ মোশতাক আহমেদ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহনত সন্মত হয়। কিন্তু মোশতাক আৰু চেন্ট্ৰেল ইনটেলিজেন্স এজেন্সি মুুজিবুৰ হত্যাকাণ্ডত জড়িত আছিল বুলি সাংবাদিক লৰেন্ছ লিফশুলজ দাবি কৰিছিল। কথিত আছে, তৎকালীন সেনাপ্ৰধান কে. এম. শফিউল্লাহ, ডিৰেক্টৰেট জেনেৰেল অব ফোৰ্সেস ইনটেলিজেন্স আৰু এয়াাৰ ভাইস মাৰশাল আমিনুল ইছলাম খান মুজিব হত্যাৰ বিষয়ে আগতীয়াকৈ জানিছিল।

ঘটনা-প্ৰবাহ সম্পাদনা কৰক

১৯৭৫ চনৰ ১৫ আগষ্ট পুৱতিনিশাত ষৰযন্ত্ৰকাৰিহতে চাৰিটা ভাগত বিভক্ত হয়। সিহঁতৰ এদল আছিল মেজৰ হুদাৰ অধীনত বেঙ্গল লেন্সাৰেৰ ফাৰ্স্ট আৰ্মড ডিভিশন আৰু ৫৩৫ পদাতিক ডিভিশনৰ সদস্য যিহতে মুজিবুৰৰ বাসভৱনত আক্ৰমণ কৰে। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময় আৰু ১৯৪৭ লৈকে ঢাকাত অবস্থানৰত আনন্দবাজাৰ পত্ৰিকাৰ সাংবাদিক সুখৰঞ্জন দাশগুপ্ত তাইৰ "মিডনাইট ম্যাসাকাৰ ইন ঢাকা" কিতাপখনত লিখে যে, মুজিব হত্যাকাণ্ডৰ প্ৰকৃত বৰ্ণনা সদায় ৰহস্যৰ আড়ালত থাকিব। সি আৰু লিখে যে মুজিবুৰ বাসভৱনত ৰক্ষাত নিয়োজিত আৰ্মি প্লাটুন সেনাবাহিনীক প্ৰতিৰোধ কৰাৰ বাবে একো প্ৰচেষ্টা কৰা নাছিল। মজিবুৰৰ পুতেক, শেখ কামালক বাসভৱনৰ নিচতলত গুলি কৰা হয়। মুজিবক পদত্যাগ কৰিবলৈ চিন্তা কৰিবলৈ কয় আক্ৰাান্তকাৰিহতে। আৰু তেতিয়া মুজিব চৰকাৰ বাহিনীৰ প্ৰধান, কাৰ্নেল জামিলক টেলিফোন কৰি সহায় বিচাৰে। জামিল ঘটনাস্থলত আহি তাত থকা সৈন্যবিলাকক সেনানিবাসত যাবলে নিৰ্দেশ দিয়াত সৈন্যদলে তাতে অজামিল আৰু মুজিবুৰক একেলগে গুলি কৰি হত্যা কৰে।

হত্যাকাণ্ডত মুজিবুৰৰ স্ত্ৰী শেখ ফজিলাতুন্নেছা মুজিব, মুজিবুৰৰ সৰু ভাই শেখ নাসেৰ, দুইজন চাকৰ, শেখ জামাল, শেখ ৰাসেল আৰু মুজিবুৰৰ দুই পুত্ৰক হত্যা কৰা হয়। সেই সময়ত শেখ হাছিনা আৰু শেখ ৰেহানা পশ্চিম জাৰ্মানিত আছিল। পিছত সিহতে ভাৰত চৰকাৰৰ ওচৰত আশ্ৰয় বিচাৰি ভাৰতত গুচি আহে।

দুটা সৈনিক দল মুজিবুৰৰ ভাগিন আৰু আৱামী লীগৰ প্ৰভাৱশালী নেতা শেখ নজৰুল হকক তাঁৰ অন্তঃসত্বা স্ত্ৰীৰ লগত ১৩/১, ধানমন্ডি আৰু মুজিবুৰৰ ভগ্নিপতি আৰু চৰকাৰৰ এজন মন্ত্ৰী আব্দুল ৰব সেৰনিয়াবিতক তাৰ পৰিবাৰৰ ১৩ জন সদস্য লগত মিন্টু ৰোডত হত্যা কৰে। আৱামী লগৰ চাৰিজন প্ৰতিষ্ঠাতা সদস্য, বাংলাদেশৰ প্ৰথম প্ৰধান মন্ত্ৰী তাজউদ্দীন আহমেদ, মনসুৰ আলি, সৈয়দ নজৰুল ইসলাম আৰু আহম কামৰুজ্জামানক আটক কৰা হয়। সিহতক তিনি মাহ পিছত ১৯৭৫ চনৰ ৩ নভেম্বৰ তাৰিখত ঢাকা কেন্দ্ৰীয় কাৰাগাৰত হত্যা কৰা হয়। বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমান আৰু তাৰ পৰিবাৰবৰ্গৰ হত্যাকান্ডৰ লগত জড়িত ব্যক্তিসকলৰ আইনী ব্যৱস্থাৰ পৰা ৰেহাই দিবলৈ বাংলাদেশত ইনডেমনিটি অধ্যাদেশ আইন প্ৰনয়ন কৰা হৈছিল। ১৯৭৫ চনৰ ২৬ চেপ্তেম্বৰ তাৰিখত তৎকালীন ৰাষ্ট্ৰপতি খন্দকাৰ মোশতাক আহমেদ ইনডেমনিটি অধ্যাদেশ জাৰি কৰে।

হত্যাকাণ্ড বিচাৰ সম্পাদনা কৰক

বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ হত্যাৰ ২১ বছৰ পিছত ১৯৬৬ চনৰ ১২ নভেম্বৰ ইনডেমনিটি আইন বাতিল কৰি আৱামী লীগ চৰকাৰ আৰু ১৯৬৬ চনৰ ২অক্টোবৰত ধানমন্ডি থানাত বঙ্গবন্ধুৰ ব্যক্তিগত সহকাৰী আফম মহিতুল ইসলাম বঙ্গবন্ধুৰ হত্যাকাণ্ডৰ বাবে মামলা কৰে। ২০০১ চনৰ ৩০ এপ্ৰিল তাৰিখে তৃতীয় বিচাৰক মোহম্মদ ফোজলুল কৰিম ২৫ দিন শুনানিৰ পাছত ২১ জনক মৃত্যুদন্ডাদেশ নিশ্চিত কৰে। ১৯৯৮ চনৰ ৮ নভেম্বৰৰ পৰা ২০০৯ চনৰ ২৪আগষ্ট লৈকে বাদী বিবাদীৰ আপিলৰ প্ৰেক্ষিতত চাৰি দফাত ৰায় প্ৰকাশ হয়। সৰ্বশেষ আপিল বিভাগে ২০০৯ চনৰ ৫ অক্টোবৰত পৰা একচেটিয়া ২৯ দিন শুনানি হোৱাৰ পিছত ১৯ নভেম্বৰত চূড়ান্ত ৰায় ঘোষিত হয়। এই ৰায়ৰ মাধ্যমে দীৰ্ঘ ১৩ বছৰ ধৰি চলা বঙ্গবন্ধুৰ হত্যাকাণ্ডৰ আইনী আৰু বিচাৰিক কাৰ্য শেষ হয়।

ৰায় কাৰ্যকৰ সম্পাদনা কৰক

২০১০ চনৰ ২৮ জানুৱাৰী মাহত বঙ্গবন্ধুৰ ৫ জন খুনিৰ ফাঁচী হয়। সিহঁতে হল- কৰ্নেল সুলতান শাহৰিয়াৰ ৰছিদ খান, মেজৰ বজলুক হুদা, শেখ কৰ্নেল মহিউদ্দিন আহমেদ আৰু লে কৰ্নেল এ.কে.এম মহিউদ্দিন আহমেদ। ইয়াৰ উপৰিও ১২ জনৰ মাজত ৬জন বিদেশত পলাই গৈছে। সিহঁতৰ আটাইবিলাক হল-খন্দকাৰ আব্দুল ৰশিদ, লে কৰ্নেল শৰিফুল হক ডালিম, লে কৰ্নেল এ.এম ৰাশেদ চৌধুৰী, ৰিসালদাৰ মোসলেস উদ্দিন, লে কৰ্নেল এস.এইচ নূৰ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্নেল আব্দুল মাজেদ।