শ্বীৰ্ক

ইছলামত শ্বীৰ্ক হ'ল এটা অমাৰ্জনীয় অপৰাধ

শ্বীৰ্কঃ (আৰবী: شرك širk) শ্বীৰ্ক শব্দৰ অৰ্থ-অংশীদাৰিত্ব,অংশীবাদ,মিলোৱা, সমকক্ষ কৰা, সমান কৰা, শৰিক কৰা, ভগাভাগি কৰা। ইংৰাজীত Polytheism (একাধিক উপাস্যত বিশ্বাস), Associate,partner.

বিশ্বাসগতভাবে,আমলগতভাবে আল্লাহৰ সৈতে ইবাদতৰ ক্ষেত্ৰত অন্য কোনো ব্যক্তি বা বস্তুক আল্লাহৰ অংশীদাৰ/সমতুল্য বা সমান বনোৱাকে/কৰাকে শ্বীৰ্ক বোলে।

ৰব আৰু ইলাহ হিচাপে আল্লাহৰ সৈতে অন্য কাৰোবাক অংশীদাৰ সাব্যস্ত কৰাৰ নামেই শ্বীৰ্ক। অধিকাংশ ক্ষেত্ৰত উলুহিয়াত তথা ইলাহ হিচাপে আল্লাহৰ সৈতে শ্বীৰ্ক কৰা হয়৷ যেনেকৈঃ আল্লাহৰ সৈতে অন্য কাৰোবাৰ ওচৰত দোয়া কৰা কিংবা বিভিন্ন প্ৰকাৰ ইবাদত যেনেকৈঃ যবেহ, মান্নাত, ভয়, কুৰবানী, আশা, মহব্বত,আনুগত্য,ভৰসা ইত্যাদি কোনো বস্তুয়েই গাইৰুল্লাহৰ উদ্দেশ্যৰে নিবেদন কৰা৷ আল্লাহক আহ্বানৰ নিচিনা অন্যক আহ্বান কৰা, আল্লাহক ভয় কৰাৰ নিচিনা অন্যকে ভয় কৰা, তেওঁৰ ওচৰত যি কামনা কৰা হয়, অন্যৰ ওচৰত সেয়া কামনা কৰা। তেওঁক ভালপোৱাৰ নিচিনা অন্যকো ভালপোৱা। [1]

শ্বীৰ্ক হ'ল তাওহিদৰ পৰিপন্থী এটা বিষয়। ইছলামত শ্বীৰ্ক হ'ল এটা অমাৰ্জনীয় অপৰাধ যদি মৃত্যু নিকটবৰ্তী হোৱাৰ পূৰ্বে আল্লাহৰ ওচৰত এই অপৰাধৰ বাবে ক্ষমা বিচৰা নহয়। ইছলামৰ নিৰ্ভৰযোগ্য তথ্য অনুসৰি, আল্লাহ তাআলাৰ ওচৰত ক্ষমা বিচাৰিলে মৃত্যুৰ পাছত নিজৰ বিচাৰ অনুসৰি ইবাদতকাৰী সকলৰ যিকোনো ভুল ক্ষমা কৰিব পাৰে, কিন্তু শ্বীৰ্কৰ অপৰাধী দুনিয়াত ক্ষমা নিবিচাৰিলে কেতিয়াও ক্ষমা নকৰিব। আল্লাহ তা'আলা শ্বীৰ্কৰ বিপৰীত তাওহিদৰ মূল বক্তব্য উপস্থাপন কৰিছে এনেকৈ-,

কোৱা তেখেতেই আল্লাহ একক/অদ্বিতীয়।

আল্লাহ কাৰো মুখাপেক্ষী নহয়। তেওঁৰ কোনো সন্তান নাই আৰু তেখেতো কাৰো সন্তান নহয়,

আৰু তেওঁৰ সমতুল্য কোনো নাই।

[2]

শ্বীৰ্কৰ প্ৰকাৰ সম্পাদনা কৰক

[3]

লগতে চাওক সম্পাদনা কৰক

তাওহিদ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. লেখকঃ ছেলেহ বিন ফাওযান আল-ফাওযান। ইছলাম প্ৰচাৰ ব্যুৰো, ৰিয়াদ, চৌদিআৰব।
  2. (কোৰআনঃ ১১২) | "কুৰআন ১১২". https://www.hadithbd.com/read-alquran.php?suraNo=112. }}
  3. https://allahordikeahban.wordpress.com/2015/08/11/%E0%A6%B6%E0%A6%BF%E0%A6%B0%E0%A6%95-%E0%A6%95%E0%A6%BE%E0%A6%95%E0%A7%87-%E0%A6%AC%E0%A6%B2%E0%A7%87-%E0%A6%93-%E0%A6%95%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%95%E0%A6%BE%E0%A6%B0/amp/[সংযোগবিহীন উৎস]