শ্বেহজাদা (চলচ্চিত্ৰ)
This article is an orphan, as few or no other articles link to it. Please introduce links to this page from related articles; suggestions may be available. |
শ্বেহজাদা (অনুবাদ: ৰাজকুমাৰ) হৈছে ২০২৩ চনত ৰোহিত ধাৱনৰ পৰিচালনাত আৰু টি-ছিৰিজ ফিল্মছ, হাৰিকা এণ্ড হাছিন ক্ৰিয়েচনছ, গীতা আৰ্টছ আৰু ব্ৰেট ফিল্মছৰ সহ-প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন চলচ্চিত্ৰ। ই হৈছে ২০২০ চনৰ তেলেগু ছবি আলা বৈকুণ্ঠপুৰমুলুৰ পুনৰ্নিৰ্মাণ। ইয়াত অভিনয় কৰিছে কৃতি ছানন, পৰেশ ৰাৱাল, মনীষা কইৰালা, ৰাজপাল যাদৱ, ৰনিত ৰয় আৰু শচীন খেদেকাৰৰ সৈতে ছবিখনৰ সহ-প্ৰযোজক কাৰ্তিক আৰয়নে।
শ্বেহজাদা | |
---|---|
পৰিচালক | ৰোহিত ধৱন |
চিত্ৰনাট্য | ৰোহিত ধৱন |
কাহিনী | ত্ৰিবিক্ৰম শ্ৰীনিবাস |
ভিত্তি | আলা বৈকুণ্ঠপুৰমুলু লেখক: ত্ৰিবিক্ৰম শ্ৰীনিবাস |
প্ৰযোজক |
|
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | সুদীপ চেটাৰ্জী সঞ্জয় এফ গুপ্তা |
সম্পাদনা | ৰিতেশ ছোনী |
সংগীত পৰিচালক | প্ৰীতম |
প্ৰযোজনা কোম্পানীসমূহ |
|
পৰিবেশক | এ এ ফিল্মছ |
মুক্তি |
১৭ ফেব্ৰুৱাৰী ২০২৩ |
দৈৰ্ঘ্য |
১৪৫ মিনিট[1] |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹৬৫ কোটি[2] |
সৰ্বমুঠ আয় | est. ₹৪৭.৪৩ কোটি[3] |
২০২১ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা প্ৰিন্সিপাল ফটোগ্ৰাফী ২০২৩ চনৰ জানুৱাৰী মাহত শেষ হয়। মুম্বাই, দিল্লী আৰু মৰিচাছত ব্যাপকভাৱে শ্বুটিং কৰা হয়। ছবিখনৰ স্কোৰ আৰু চাউণ্ডট্ৰেক এলবাম ৰচনা কৰিছে প্ৰীতমে। প্ৰথমতে ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত থিয়েটাৰত মুক্তি পোৱাৰ কথা আছিল, যদিও শ্বেহজাদাক এসপ্তাহৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুক্তি দিয়া হয়। সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰা ছবিখনে ব্যৱসায়িকভাৱেও বিফলতা লাভ কৰিছিল।
পটভূমি
সম্পাদনা কৰককলা-কুশলী
সম্পাদনা কৰক- কাৰ্তিক আৰয়ান: বাণ্টু নন্দৰ চৰিত্ৰত
- কৃতি ছানন: সমৰা সিঙৰ চৰিত্ৰত
- পৰেশ ৰাৱাল: বাণ্টুৰ পালক পিতৃ বাল্মিকী উপাধ্যায়ৰ চৰিত্ৰত
- মনীষা কইৰালা: বাণ্টুৰ জৈৱিক মাতৃ যশোদা 'যশু' নন্দৰ চৰিত্ৰত
- ৰনিত ৰয়: বাণ্টুৰ জৈৱিক পিতৃ ৰনদীপ নন্দৰ চৰিত্ৰত
- ৰাজপাল যাদৱ: পৰিদৰ্শক সতীশ যাদৱ হিচাপে
- শচীন খেডেকাৰ: যশোদাৰ পিতৃ আৰু বাণ্টুৰ জৈৱিক দাদা আদিত্য জিন্দলৰ চৰিত্ৰত
- দেবত্তমা সাহা: বাণ্টুৰ পোষক ভগ্নী আৰু ৰাজৰ জৈৱিক ভগ্নী নিশাৰ চৰিত্ৰত
- অংকুৰ ৰাথী: বাল্মিকীৰ জৈৱিক পুত্ৰ ৰাজ নন্দৰ চৰিত্ৰত
- ছানি হিন্দুজা: সাৰঙৰ চৰিত্ৰত
- ভিন ৰাণা: বিক্ৰান্তৰ চৰিত্ৰত
- অশ্বিন মুশ্ৰণ: কৈলাস জিন্দলৰ চৰিত্ৰত
- আলী আছগাৰ: অৰুণৰ চৰিত্ৰত
- শলিনী কাপুৰ: আৰতি জিন্দলৰ চৰিত্ৰত
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Kartik Aaryan starrer Shehzada certified 'U/A' by CBFC with duration of 2 hours 25 minutes". Bollywood Hungama. 11 February 2023. https://www.bollywoodhungama.com/news/bollywood/kartik-aaryan-starrer-shehzada-certified-u-cbfc-duration-2-hours-25-minutes/.
- ↑ "Understanding the Economics of the Kartik Aaryan starrer Shehzada and, how much the film needs to earn to make a profit". Bollywood Hungama. 13 February 2023. https://www.bollywoodhungama.com/amp/news/features/understanding-economics-kartik-aaryan-starrer-shehzada-much-film-needs-earn-make-profit/। আহৰণ কৰা হৈছে: 14 February 2023. "Made on a budget of Rs. 85 cr. (Rs. 65 cr. as Cost of Production and Rs. 20 cr. on Print and Advertisement)"
- ↑ "SHEHZADA BOX OFFICE". Bollywood Hungama. https://www.bollywoodhungama.com/amp/movie/shehzada-2/box-office/। আহৰণ কৰা হৈছে: 18 March 2023.