শ্বেৰ-এ-হিন্দ

সামৰিক সন্মান বা পুৰস্কাৰ

শ্বেৰ-এ-হিন্দ (ইংৰাজী: Sher-e-Hind; টাইগাৰ অফ ইণ্ডিয়া) আছিল ১৯৪৩ চনত ছিংগাপুৰত স্থাপিত ইম্পেৰিয়েল জাপানী সমৰ্থিত আজাদ হিন্দ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সামৰিক সন্মান। প্ৰথমে নাজী জাৰ্মানীত সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা স্থাপিত এই বঁটা পিছলৈ দক্ষিণ পূব এছিয়াত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৈন্যসকলকো প্ৰদান কৰা হয়। যুঁজত অস্ত্ৰ লৈ প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে বা যুদ্ধ বিহীন পৰিস্থিতিত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। বৰ্তমান এই বঁটা অপ্ৰচলিত অৱস্থাত আছে।

শ্বেৰ-এ-হিন্দ

তৰোৱাল সহ শ্বেৰ-এ-হিন্দ বঁটা
ধৰণ নেক অৰ্ডাৰ / মেডেল
প্ৰদান কৰা হয় বীৰত্ব
প্ৰদান কৰোঁতা আজাদ হিন্দ
যোগ্যতা ছোলজাৰছ অফ ইণ্ডিচ্ছ লিজন, ভাৰতীয় জাতীয় সেনাবাহিনী, ভাৰতীয় স্থলসেনা বাহিনী
স্থিতি বৰ্তমান অপ্ৰচলিত
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধ
শেষবাৰলৈ প্ৰদান কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধ
মুঠ জনা নাযায়
মৰণোত্তৰভাৱে মুঠ প্ৰাপক জনা নাযায়
মুঠ প্ৰাপক কেপ্টেইন কুঁৱল সিং, কেপ্টেইন বাৰু সিং, কেপ্তেইন গণেশী লাল
পূৰ্বৱৰ্তিতা
পৰৱৰ্তী  (নিম্ন) চৰ্দাৰ-এ-জঙ্গ

বঁটা লাভ কৰোঁতা সম্পাদনা কৰক

এই বঁটা লাভ কৰা ব্যক্তি সকলোৰে নাম জ্ঞাত নহয়। ইয়াৰে তিনিগৰাকী হৈছে:

  • কেপ্টেইন বাৰু সিং,
  • কেপ্টেইন কুঁৱল সিং আৰু
  • কেপ্টেইন গণেশী লাল[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক