শ্ৰীপদ এ ডাভোলকাৰ (ইংৰাজী: Shripad Dabholkar, ১৯২৪ – মে’ ২০০১) এগৰাকী ভাৰতীয় বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। তেওঁ প্ৰকৃতিৰ অনুকূল গ্ৰাম্য উন্নয়নৰ বাবে তৃণমূল পৰ্যায়ৰ নেটৱৰ্কিঙৰ এক গাঁথনিহীন পদ্ধতিৰ প্ৰতিষ্ঠাপক আছিল, যাক প্ৰয়োগ পাৰিবাৰ (পৰীক্ষামূলক সম্প্ৰদায়) বুলি কোৱা হৈছিল।[1][2] তেওঁৰ অৱদানক ১৯৮৫ চনৰ জামনালাল বাজাজ বঁটাকে ধৰি বহুতো বঁটাৰ দ্বাৰা স্বীকৃতি দিয়া হয়।[3]

“কাম কৰাৰ ধাৰণা” বিষয়ক আলোচনা চক্ৰত শ্ৰীপদ ডাভোলকৰ, নতুন দিল্লী, ২০০১

প্ৰায়োগ পাৰিবাৰে পাওলো ফ্ৰেইয়াৰ (`পেডাগগি অৱ দ্য অপ্ৰেছড’ৰ লেখক) আৰু ইভান ইলিচ (`ডিস্কুলিং ছ'চাইটি'ৰ লেখক)কে ধৰি কিছুমান প্ৰভাৱশালী শৈক্ষিক চিন্তাবিদৰ পৰা যথেষ্ট মনোযোগ লাভ কৰিছিল। ১৯৭০ চনত ইভান ইলিচে ডাভোলকাৰক কুৱেৰ্নাভাকাৰ চেণ্ট্ৰ’ ইণ্টাৰকালচাৰেল ডি ডকুমেণ্টেচনলৈ আমন্ত্ৰণ জনায়। জাৰ্মানীৰ কাচেল বিশ্ববিদ্যালয়ে ১৯৭৩ চনত ‘‘গ্ৰাম্য উন্নয়নৰ বাবে বিজ্ঞান: শ্ৰীপদ ডাভোলকাৰ আৰু পাওলো ফ্ৰেইৰৰ সৈতে এখন কৰ্মশালা’’ আয়োজন কৰে। কৰ্মশালাৰ বিষয়বস্তু আছিল ৰাজনৈতিক সজাগতা বৃদ্ধিৰ বাবে ফ্ৰেইয়াৰৰ ’সমালোচনাত্মক শিক্ষাবিজ্ঞান’ আৰু সম্পদ সাক্ষৰতা বিকাশৰ বাবে প্ৰয়োগ পাৰিবাৰৰ শিক্ষাবিজ্ঞানৰ পদ্ধতিসমূহক পাৰ্শ্বৱৰ্তী কৰি ৰখা।[4]

শ্ৰীপদ এ ডাভোলকাৰ আছিল এগৰাকী শিক্ষাবিদ, যিয়ে গ্ৰাম্য অঞ্চলৰ গড় শ্ৰমিকৰ জীৱনৰ পৰিস্থিতিৰ সম্পূৰ্ণ পৰিৱৰ্তনৰ আহিলা হিচাপে শিক্ষাক গঢ় দিয়াৰ লক্ষ্য লৈছিল। ডাভোলকৰে ২৫ বছৰ ধৰি গণিতৰ অধ্যাপক হিচাপে গ্ৰাম্য বিশ্ববিদ্যালয় মৌনি বিদ্যপীঠত কাম কৰিছিল, যিখন জে পি নাইকে “শিক্ষাৰ জৰিয়তে উন্নয়ন” মূলমন্ত্ৰৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ ধনেৰে পাইলট প্ৰজেক্ট হিচাপে প্ৰতিষ্ঠা কৰিছিল। ডাভোলকাৰে বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতে জড়িত নোহোৱা আনুষ্ঠানিক স্কুলীয়া শিক্ষাৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিল য’ত গতানুগতিক শৈক্ষিক ব্যৱস্থাৰ সীমাবদ্ধতাৰ বাবে বহুতো সক্ষম ব্যক্তিয়ে বিফলতাৰ ছাপ মাৰি লৈ শিক্ষা বাদ দিয়াৰ প্ৰৱণতাত আছিল। জ্ঞান যোগাযোগৰ অনানুষ্ঠানিক পদ্ধতি গ্ৰহণ কৰি বিজ্ঞানৰ ৰহস্যমুক্তকৰণৰ জৰিয়তে কৃষকসকলক শিক্ষা দিয়াৰ কাম হাতত ল’বলৈ তেওঁ বিশ্ববিদ্যালয় এৰিছিল। ডাভোলকাৰে মহাৰাষ্ট্ৰৰ সাংগলী জিলাৰ এখন গাঁও তাছগাঁৱত ম্হেত্ৰে, আৰভে, পাটিলকে ধৰি কৃষকৰ এটা মূল গোটৰ সৈতে কাম আৰম্ভ কৰিছিল। এই গোটৰ সফলতাই তেওঁলোকৰ উদ্ভাৱনী পদ্ধতিৰে আন বহুতো ক্ষুদ্ৰ কৃষকৰ প্ৰতি গণ সজাগতা আৰু আগ্ৰহ সৃষ্টি কৰাত সহায় কৰিছিল।[5]. তেওঁলোকে নিজাকৈ অধ্যয়ন গোট গঠন কৰি গতানুগতিক কৃষি বিশেষজ্ঞৰ পৰামৰ্শৰ বিৰুদ্ধে আঙুৰৰ খেতিৰ ফালে মুখ কৰিলে আৰু যদিও ই অঞ্চলটোৰ পৰম্পৰাগত শস্য নাছিল।

ডাভোলকাৰে উইংকলাৰ এট্ অলৰ ক্লাছিক মনোগ্ৰাফ ‘’জেনেৰেল ভিটিকালচাৰ’’[6] কৃষকৰ বাবে মাৰাঠীলৈ অনুবাদ কৰিছিল, যিটো তেওঁলোকৰ অধ্যয়ন গোটে আয়ত্ত কৰি উপলব্ধি কৰিছিল। বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উন্নত বিজ্ঞান ব্যৱহাৰ কৰাৰ বাবে এই নেটৱৰ্ক-নিৰ্মাণৰ ফলত বিজ্ঞান আৰু শিক্ষাৰ এক নতুন সমাজবিজ্ঞানৰ সৃষ্টি হৈছিল।

জিলাখনৰ উৎপাদনশীলতা বিশ্ব মানদণ্ডলৈ বৃদ্ধি পায় আৰু আঙুৰৰ উৎপাদন এক অতি উৎপাদনশীল কাৰ্য্যকলাপত পৰিণত হয়, যাৰ ফলত অধিক কৃষকে ইয়াৰ খেতি কৰিবলৈ উৎসাহিত হয়।[7] আনুষ্ঠানিক কৃষি শিক্ষা অবিহনে মহাৰাষ্ট্ৰৰ এই কৃষকসকলে ১০ কোটি ডলাৰৰ ওপৰৰ ব্যৱসায়েৰে ভাৰতৰ আগশাৰীৰ আঙুৰৰ খেতিয়ক হৈ পৰিছিল। তাৰ পিছত ডাভোলকাৰে আন শস্যলৈও প্ৰয়োগমূলক গৱেষণা সফলতাৰে সম্প্ৰসাৰিত কৰে।[7]

তেওঁ আতিশ ডাভোলকাৰৰ পিতৃ আৰু নৰেন্দ্ৰ ডাভোলকৰ জ্যেষ্ঠ ভাতৃ।

প্ৰয়োগ পৰিবাৰ

সম্পাদনা কৰক

প্ৰয়োগ পাৰিবাৰ পদ্ধতিটো হৈছে প্ৰকৃতিৰ অনুকূল সমৃদ্ধিৰ বাবে আত্ম-পৰীক্ষামূলক উদ্যোগৰ নেটৱৰ্কিং। কেন্দ্ৰীয় ধাৰণাটো হ’ল, বিদেশী সাহায্য বা আমদানিকৃত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কৃষকক পৰীক্ষা-নিৰীক্ষা কৰি আৰু শেহতীয়া বিজ্ঞানক উপলব্ধি কৰি স্থানীয় সাধাৰণ ব্যক্তিসকলে অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পাৰে। ১৯৬০ চনৰ মাজভাগত ভাৰতৰ মহাৰাষ্ট্ৰত ডাভোলকৰে লোৱা পদক্ষেপৰ পৰাই ইয়াৰ বিকাশ ঘটিছিল। তাৰ পিছত এই নেটৱৰ্কৰ নাম স্বশ্ৰয় বিকাশ মণ্ডল বুলি কোৱা হৈছিল, অৰ্থাৎ নিজৰ বাস্তৱ জীৱনৰ পৰিস্থিতিত কাম কৰি নতুন সম্ভাৱনা গঢ়ি তোলাৰ বাবে আত্মসহায় আৰু আত্মনিৰ্ভৰশীলতা।

কৃষকৰ এই নেটৱৰ্কে অতি সোনকালেই নিজৰ বাস্তৱ জীৱনৰ পৰিস্থিতিত শেহতীয়া বৈজ্ঞানিক পদ্ধতি ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিলে, নিজাকৈ গৱেষণা পদ্ধতি আৰু স্থানীয় পৰিস্থিতিৰ বাবে অধিক উপযুক্ত আঙুৰৰ জাত নিৰ্বাচন কৰিলে। এই গোটসমূহে সহযোগিতামূলক নেটৱৰ্কিং পদ্ধতি আৰু পোষ্টকাৰ্ড ব্যৱহাৰ কৰি ইণ্টাৰনেট ধৰণৰ তথ্য বিনিময়ৰ পথ প্ৰদৰ্শক আছিল।[4]

ডাভোলকাৰে প্ৰয়োগ পাৰিবাৰ পদ্ধতিৰ বিষয়ে প্লেণ্টি ফৰ অল[4] নামৰ কিতাপখনত বৰ্ণনা কৰিছে, য'ত তেওঁ স্থানীয় এলেকাৰ উন্নয়নৰ বাবে এক অগাঁথনিহীন পদ্ধতিৰ সংজ্ঞা আৰু প্ৰতিষ্ঠা কৰিছে:-

  • তৃণমূল পৰ্যায়ৰ নেটৱৰ্কিং।
  • শেহতীয়া বিজ্ঞান, জ্ঞান আৰু নতুন চিন্তাৰ সৃষ্টি আৰু প্ৰচাৰৰ বাবে ৰহস্যমুক্ত কৰা।
  • মানুহৰ নিজৰ টেকন’-বৈজ্ঞানিক উদ্যোগ।

ডাভোলকাৰৰ অনুপস্থিতিতো সফল বুলি প্ৰমাণিত হৈছে প্ৰয়োগ পাৰিবাৰ। হাজাৰ হাজাৰ ক্ষুদ্ৰ কৃষকৰ সৈতে জড়িত এটা নেটৱৰ্ক আজিও সক্ৰিয় হৈ আছে, উদাহৰণস্বৰূপে ওচৰৰ নাচিকৰ অঞ্চল।[8] অনুগামীসকলে দেখুৱাইছে যে এক একৰ মাটিৰ তিনি-চতুৰ্থাংশ মাটি আৰু বৰ্জ্য পানীয়ে "মধ্যবিত্তীয়" পৰ্যায়ত পাঁচজনীয়া পৰিয়াল এটাক খুৱাব পৰাকৈ পৰ্যাপ্ত খাদ্য উৎপাদন কৰিব পাৰে।[9]

স্থানীয় চুবুৰীৰ প্ৰেক্ষাপটত শেহতীয়া বিজ্ঞান ৰূপায়ণৰ ওপৰত ভিত্তি কৰি কৃষিৰ এই পৰিৱেশ-বন্ধুত্বপূৰ্ণ আৰু এই তৃণমূল পৰ্যায়ৰ পদ্ধতিটো, মাছানোবু ফুকোকাই প্ৰৱৰ্তন কৰা "প্ৰাকৃতিক কৃষি" আৰু ইয়াৰ সৈতে জৈৱিক কৃষিৰ পৰা পৃথক কৰিবলৈ "প্ৰাকৃতিক-পৰিৱেশ কৃষি"[10] বুলি কোৱা হয়, যাৰ কিছুমান সাধাৰণ বৈশিষ্ট্য আছে।

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. Disenchanting India: Organized Rationalism and Criticism of Religion in India. Johannes Quack. Oxford University Press, 22 Nov 2011
  2. Information Technology For Common Man. Utpal Kumar Banerjee. Concept Publishing Company, 1 Jan 1992
  3. "Jamnalal Bajaj Award". Jamnalal Bajaj Foundation. 2015. https://www.youtube.com/watch?v=FhCyAZR6TN8। আহৰণ কৰা হৈছে: October 13, 2015. 
  4. 4.0 4.1 4.2 Plenty for all, Mehta Publishing House, 2007 আই.এচ.বি.এন. 8171617492
  5. "Article on Dabholkar by Arun Shourie". Archived from the original on 2019-05-18. https://web.archive.org/web/20190518021338/http://arunshourie.bharatvani.org/articles/19970705.htm। আহৰণ কৰা হৈছে: 2024-10-16. 
  6. General Viticulture, Winkler et Al, University of California Press (1974) আই.এচ.বি.এন. 978-0520025912
  7. 7.0 7.1 "Article in Outlook on Dabholkar". https://www.outlookindia.com/magazine/story/naturally-mr-grapes/204033. 
  8. Unleashing India's Innovation: Toward Sustainable and Inclusive Growth. Mark Andrew Dutz, World Bank. World Bank Publications, 2007
  9. Encyclopaedia Of Economic Development, Volume 3. P. K. Jalan. Sarup & Sons, 1 Jan 2005
  10. Agricultural Innovation in Rural India: The Paradox of Farmer Nonadoption in Bajwada, Madhya Pradesh. Natasha Malpani. Universal-Publishers, 19 Aug 2011