শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে

শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে (Sri Jayawardenepura Kotte বা Sri Jayewardenepura Kotte)[1] (কট্টে বুলিও জনাজাত ) শ্ৰীলংকাৰ চৰকাৰী ৰাজধানী।[2] ১৯৮২ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেলৈ স্থানান্তৰ কৰা হয়। ই কলম্বোৰ কাষতে অৱস্থিত নাগৰিক এলেকা।

শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে
Sri Jayawardenepura Kotte

ශ්‍රී ජයවර්ධනපුර කෝට්ටේ

ஶ்ரீ ஜெயவர்த்தனபுர கோட்டை
প্ৰশাসনিক ৰাজধানী
ডিয়াঠা উয়না
ডিয়াঠা উয়না
দেশ শ্ৰীলংকা
প্ৰদেশ পশ্চিম প্ৰদেশ
জিলা কলম্বো জিলা
চৰকাৰ
 • মেয়ৰ আৰ.এ.ডি জনক ৰানায়াক (শ্ৰী লংকা ফ্ৰীদম পাৰ্টি)
কালি
 • প্ৰশাসনিক ৰাজধানী 17 km2 (7 sq mi)
জনসংখ্যা
 (2001)[1]
 • প্ৰশাসনিক ৰাজধানী 1,15,826
 • ঘনত্ব 3,305/km2 (8,560/sq mi)
 • মেট্ৰ’
22,34,289

শ্ৰীলংকাৰ নতুন সংসদ ১৯৮২ চনৰ ২৯ এপ্ৰিলত উদ্বোধন কৰে হয়। নতুন সংসদ ভৱন ৫০,০০০ বৰ্গ মিটাৰ এলেকাৰ দোৱা বা এখন হ্ৰদৰ মাজৰ দ্বীপত নিৰ্মাণ কৰা হয়। এই দ্বীপ পূৰ্বতে পৰ্তুগীজ সকলে কট্টেৰ শেষৰ কালৰ লৈকে অধিকাৰ কৰি ৰাখিছিল। এই ৰাজকীয় চহৰত সুৰা নিষিদ্ধ। ২৯ এপ্ৰিল ১৯৮২ চনত ৰাষ্ট্ৰপতি জে. আৰ. জয়বৰ্ধনে এই সংসদ ভৱন কমপ্লেক্স উদ্বোধন কৰে।

কলম্বোৰ পৰা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ ইয়ালৈ স্থানান্তৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে।

 
কলম্বোৰ পৰা দক্ষিণ পূবত শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেৰ অৱস্থান

কট্টে নাগৰিক উন্নয়ন কাউন্সিল ১৯৩০ ৰ দশকত ৰাজাগিৰীয়া নামৰ আধুনিক ভৱন নিৰ্মাণৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল। পিছলৈ ই কট্টে নাগৰিক কাউন্সিললৈ উন্নীত হয়। কলম্বো পৌৰনিগমৰ এক বুজন অংশৰ দ্বাৰা এই কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৯৭ চনত কট্টে নাগৰিক কাউন্সিল শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে পৌৰনিগমলৈ উন্নীত হয়। চন্দ্ৰ ছিলভা ইয়াৰ প্ৰথম মেয়ৰ আছিল।

এই কাউন্সিলত ২০ জন সদস্য আছে। ইয়াৰ ১০টা ৱাৰ্ড আছে। কিন্তু এই ৱাৰ্ড সমূহৰ কোনো প্ৰতিনিধি নাই। কেৱল ভোটডাঙৰ বাবে এই ৱাৰ্ড ব্যৱহৃত হয়।

  • পিতা কট্টে

পিতা কট্টে চহৰ খনৰ মাজে ভাগৰে গঠিত। মালিবান আৰামায়া মন্দিৰ এই অঞ্চলৰ মুখ্য আকৰ্ষণ।

  • এথুল কট্টে
  • নাৱালা
  • নুগেগদা
  • ৰাজাগিৰীয়া

জনগাঁথনি

সম্পাদনা কৰক

কট্টে এখন বহুজাতিক, বহুধাৰ্মিক চহৰ। সিংহলী সকল কট্টেৰ মূল অধিবাসী। আন আন জনগোষ্ঠী সমূহ হল তামিল, মুছলমান, মালয়, আৰু বুৰঘেৰ। বেছিভাগ মুছলমান আৰু তামিল সকল ৰাজাগিৰীয়াত বাছ কৰে। ২০০১ চনৰ লোকপিয়ল[3] মতে ইয়াৰ জন গাঁথনি এনে ধৰণৰ:

  • সিংহলী ৮৭.৪৯% বা ১০১,৩৩১ জন,
  • শ্ৰীলংকান তামিল ৫.৬৮% বা ৬,৫৮৩ জন,
  • শ্ৰীলংকান মুৰ ৩.৪৮% বা ৪,০৩১ জন,
  • বুৰঘেৰ ১.১৮% বা ১,৩৬৭ জন,
  • মালয় ০.৭৯% বা ৯১৯ জন
  • ভাৰতীয় তামিল ০.৬৮% বা ৭৮৬ জন,
  • শ্ৰীলংকান চেত্তী ০.০৬% বা ৬৫ জন,
  • বাৰাথা ০.০৫% বা ৫৭ জন আৰু
  • অন্যান্য ০.৫৯% বা ৬৮৭ জন,
  • মুঠ জনসংখ্যা হৈছে ১১৫,৮২৬ জন।

আনহাতে ২০০১ চনৰ লোকপিয়ল[3] মতে ইয়াৰ ধৰ্ম ভিত্তিক জন গাঁথনি এনে ধৰণৰ:

  • বৌদ্ধ ধৰ্মৰ লোক ৯৩,৩৬৪ জন,
  • ৰোমান কেথলিক ৮,৬৫৯ জন,
  • ইছলাম ধৰ্মৰ লোক ৫,৪৬৫ জন,
  • হিন্দু ধৰ্মৰ লোক ৪,৫৫০ জন,
  • অন্যান্য খ্ৰীষ্টান ধৰ্মৰ লোক ৩,৬১৮ জন আৰু
  • অন্যান্য ১৭০ জন।

দেশৰ নগৰ অঞ্চল তথা গ্ৰাম্যাঞ্চলত ক্ৰিকেট অতি জনপ্ৰিয় খেল, নগৰ খনৰ প্ৰায় প্ৰতিখন খেল পথাৰত ক্ৰিকেট খেলা দেখা যায়।

এটা সময়ত কলম্বো অঞ্চসত ফুটবল জনপ্ৰিয় আছিল, ১৯৮০ চন মানৰ পৰা ইয়াৰ ঠাই ক্ৰিকেটে দখল কৰিলে। চাৰিটা পৃথক ফুটবল ক্লাবে (লিডো, ৱেলিকাড়া প্ৰগ্ৰেছ, ৱ্লিকাড়া ৰেড ষ্টাৰ আৰু ৱেলিকাড়া ইউনাইটেড) ব্যৱহাৰ কৰা ৱেলিকাড়া, ৰাজাগিৰিয়াৰ ইডব্লিউ পেৰেৰা পাৰ্কৰ খেলপছাৰত ১৯৭০ চনত এটা পেভেলিয়ন নিৰ্মাণ কৰা হয়। যিকিনহওক জেআৰ জয়াৱৰ্ধনেৰ দ্বাৰা ফেলপথাৰ ধ্বংস কৰাৰ পিছত ফুটবল ক্লাবসমূহো অন্তৰ্ধান হবলৈ ধৰিলে।

বহিঃসংযোগ

সম্পাদনা কৰক