শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ


মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাৱৰ কাহিনী:

[মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাৱ তথা মন্দিৰৰ উত্পত্তিৰ কাহিনী দৰাচলতে সত্যতাৰ আধাৰত প্ৰতিস্থিত এক লোকপ্ৰবাদহে। সুদূৰ অতীতৰ কোনো লিখিত কাহিনী বুৰঞ্জী আকাৰে আমাৰ হাতত নাই যদিও হাৰিভাঙ্গা গাঁৱৰ একাংশ জীৱিত (কোনো কোনো লোক সম্প্ৰতি আমাৰ মাজত নাই) বয়স্ক পুৰোধা ব্যক্তি সকলৰ একান্ত সহায় সহযোগিতা আৰু অনুপ্ৰেৰণাৰ বলত আমি সংগ্ৰহ কৰা নিন্মলিখিত কাহিনীকে ৰাইজে গৃহিত বুলি স্বীকাৰ কৰিছে। ]

প্ৰবাদ আছে যে,এসময়ত হাৰিভাঙ্গা গাঁৱৰ সস্তেৰাথেৰ চুবুৰীৰ একেবাৰে পশ্চিম মূৰে এগৰাকী অকলশৰীয়া নিপুত্ৰী বিধৱা তিৰোতা বাস কৰিছিল। তেওঁৰ নাম জনা নাযায় যদিও কোনো কোনো লোকে তেওঁক “কুচোথেৰ বুঢ়ী” নামেৰে অভিহিত কৰা তথ্য পোৱা যায়। তিৰোতাগৰাকী বৰ সৰল আৰু পৱিত্ৰ অন্তৰৰ লগতে ধৰ্মপৰায়না আৰু অতিথিপৰায়না আছিল। এদিন সন্ধিয়া পৰত তেওঁৰ ঘৰত এজন কলীয়া বৰণৰ লোক আহি উপস্থিত হয় আৰু ৰাতিটোৰ বাবে বুঢ়ীৰ পঁজাত আশ্ৰয় বিচাৰে। বুঢ়ীয়ে সন্ধিয়াৰ অতিথিক ভগৱানৰ স্বৰূপ জ্ঞান কৰি বৰ আথে বেথে ঘৰৰ ভিতৰলৈ নিমন্ত্ৰে আৰু যত্পৰোনাস্তি সেৱা-শুশ্ৰুষা আগবঢ়ায়। নিশা অতিথিক কি খুৱাব তাকে ভাবি চিন্তি বুঢ়ীয়ে হা-হুমুনিয়াহ কাঢ়ি ৰান্ধনীশাললৈ গৈ ভাত ৰন্ধাৰ যো-জা কৰি থকাৰ সময়তে এক অলৌকিক ঘটনা ঘটে। বুঢ়ীৰ চাউলৰ টেকেলিৰ তলিত এমুঠিমানহে চাউল আছিল,তাকে ধুবলৈ খৰাহীত তোলোতে দেখা পায় যে চাউলৰ টেকেলিটো চাউলেৰে পৰিপূৰ্ণ হৈ আছে। বুঢ়ীয়ে উক্ত ঘটনাক প্ৰভুৰ লীলা বুলি সুঁৱৰি চাউলখিনি “হোকাখোৱা” জানত ধুবলৈ ঘাটলৈ যায়। এ‍ই জানটোৰ দক্ষিণ দিশত বুঢ়ীৰ ঘৰ। “হোকাখোৱা” জানৰ “খখৰা” ঘাটত  বুঢ়ীয়ে যেতিয়া চৰুৰ চাউলখিনি ধুবলৈ হাত পোনায়,সেই সময়তে এটা ৰৌ মাছ জপিয়াই আহি চৰুত পৰে। আচম্বিতে ঘটা উক্ত ঘটনাত বুঢ়ীয়ে নিজকে সৌভাগ্যৱতী জ্ঞান কৰি পৰম ভক্তিৰে ঈশ্বৰৰ লীলাক সোঁৱৰে আৰু  ৰং মনেৰে নিজৰ পঁজালৈ ওভতে। নিশা আলহীক অতি আদৰ সাদৰেৰে আপ্যায়ন কৰিবলৈ সক্ষম হৈ  বুঢ়ীয়ে আত্মসন্তুষ্টি লাভ কৰে। আলহীৰ বাবে নিজৰ বাঁহৰ আধাভগা বিচনাখন ভালদৰে সজাই পৰাই তৈয়াৰ দিয়ে আৰু নিজে মজিয়াৰ মাটিত শু‍ই পৰে। মাজনিশা বুঢ়ীয়ে এটি সপোন দেখিলে। সপোনত এজন দিব্য পুৰুষে বুঢ়ীক ক’লে, “আই, তোমাৰ শুশ্ৰুষাত মই মুগ্ধ হৈছোঁ, সেয়েহে তোমাক আশীৰ্বাদ কৰিলোঁ। মই তোমাৰ গোঁসাই থাপনাৰ ওচৰত এটা বিগ্ৰহ থাপিলোঁ। তাক “কলীয়া” বুলি পূজিবা। তুমি যোৱা সন্ধিয়া থাপনাত যি গছি বন্তি জ্বলাইছিলা,সি সাত দিন সাত ৰাতি ধৰি একেলেথাৰিয়ে জ্বলি থাকিব। তাৰ প্ৰমাণ স্বৰূপে তোমাৰ ঘৰৰ পূৱ দিশত থকা মৃত বকুলজুপিত নতুন কলি মেলিব। জানিবা,হাৰিভাঙ্গা গাঁৱলৈ প্ৰভুৰ “কলীয়া” অৱতাৰৰ আগমন ঘটিছে। সাধ্যানুসাৰে পূজা অৰ্চ্চনা কৰিবা।” এ‍ই সপোন দেখা মাত্ৰকে বুঢ়ীয়ে চক খাই সাৰ পাই উঠে আৰু দেখে যে আলহীজন বিচনাত নাই। লৰালৰিকৈ গোঁসাই থাপনালৈ গৈ দেখে যে থাপনাৰ ওচৰত কলীয়াৰ বিগ্ৰহ এটি প্ৰতিষ্ঠা হৈ আছে আৰু বন্তি গছিও জ্বলি আছে। ইতিমধ্যে ৰাতিও পুৱাবলৈ ধৰিছিল। বাহিৰলৈ ওলাই আহি দেখিলে যে ঘৰৰ পূৱ দিশত থকা মৃত বকুলজুপিৰ গুৰিতে এটি সৰুকৈ কলি ফুটিছে। বুঢ়ীয়ে ৰাতি দেখা সপোনৰ সত্যতাৰ প্ৰমাণ পালে। সমগ্ৰ ভক্তিভাৱেৰে ভগৱানৰ নাম সুঁৱৰি বুঢ়ীয়ে কাহিলীপুৱাতে‍ই গাওঁবাসীৰ আগত সমগ্ৰ ঘটনা বিৱৰি ক’লে আৰু গাওঁবাসীয়ে সভক্তিৰে আহি বুঢ়ীৰ ঘৰৰ ওচৰতে “হোকাখোৱা”জানৰ পাৰত বকুলজুপিৰ তলত সৰুকৈ থান এখন পাতি তাত “কলীয়া গোঁসাই মহাপ্ৰভু”ৰ বিগ্ৰহ স্থাপন কৰে। ফলশ্ৰুতিতে‍ই সি “কলীয়া গোঁসাইৰ থান” হিচাপে জনপ্ৰিয় হয়।

https://kaliagosai.wordpress.com/2012/06/23/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ad%e0%a7%81%e0%a7%b0-%e0%a6%86%e0%a7%b1%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ad%e0%a6%be%e0%a7%b1%e0%a7%b0-%e0%a6%95%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a8%e0%a7%80/