শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত ধলপুৰ মৌজাৰ অন্তৰ্গত এখন সৰু ঠাই হৈছে ভাটৌকুছি। এই স্থানতেই অৱস্থিত শ্ৰী শ্ৰী কেশৱ চৰণ আতা থান সত্ৰ। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শিষ্য কেশৱ চৰণ আতাই, আজিৰ পৰা প্ৰায় ৪৫০ বছৰৰ আগেয়ে, আনুমানিক ১৬ শতিকাৰ শেষৰ ফালে।
শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ | |
---|---|
সত্ৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লখিমপুৰ |
অঞ্চল | ধলপুৰ মৌজাৰ অন্তৰ্গত ভাটৌকুছি গাঁও |
চাৰিসীমা | উত্তৰে: ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ,
দক্ষিণে: কঁচুৱা অঞ্চল, ব্ৰহ্মপুত্ৰ নদী, পূবে: ভাটৌকুছি নৈ, পশ্চিমে: কাঠনি অঞ্চল, মৰি পিছলা নৈৰ এটা অংশ। |
উপাসনা পন্থা | হিন্দু ধৰ্মৰ সনাতন বৈষ্ণৱ পন্থা |
স্থাপন | ১৬ শতিকাৰ দ্বিতীয় অৰ্ধত |
প্ৰতিস্থাপক | শ্ৰী শ্ৰী কেশৱচৰণ আতা |
থান সত্ৰৰ ভৌগোলিক ইতিবৃত্ত
সম্পাদনা কৰকবৰ নাৰায়ণপুৰৰ প্ৰসিদ্ধ বদলা পদ্ম আতাৰ জন্মস্থান নাৰায়ণপুৰৰ পৰা ৭ কিঃমিঃ পশ্চিমে (১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে) ধলপুৰ বা পূৰ্বৰ ধৱলপুৰ। এই ধৱলপুৰতেই বদলা পদ্ম আতাই মোমায়েকৰ ঘৰত থাকি গৰু চৰাইছিল। ধলপুৰ তিনিআলিৰ পৰা পশ্চিমে ২ কিঃমিঃ আৰু দক্ষিণে ১ কিঃমিঃ দূৰত কেশৱ চৰণ আতাৰ জন্মস্থান ভাটৌকুছি। ভাটৌকুছি গ্ৰামে কাঁচিকটা নদীৰ কাখে গৃহ বুলি কথা গুৰু চৰিতত এই স্থানৰ বৰ্ণনা দিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত কাঁচিকটা নদীৰ গতিপথ সলনি হৈছে। পূৰ্বে এই নদীৰ কাষতেই মহাপুৰুষ মাধৱদেৱে বসবাস কৰিছিল। কোনো এক সময়ত এই কাঁচিকটা নদী ভাটৌকুছি সত্ৰৰ কাষেদি বৈ গৈছিল আৰু বৰ্তমানো এই নদীৰ গতিপথেৰে যি জলৰাশি বৈ আছে সেয়ে ভাটৌকুছি নৈ নামে পৰিচিত। এই নদীৰ ঠিক গাতে লাগি আছে শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ।[1]
থান সত্ৰৰ ইতিহাস
সম্পাদনা কৰকঐতিহাসিক বিৱৰণ
সম্পাদনা কৰকআহোম যুগৰ প্ৰথমাৰ্ধৰ শেহৰ ফালে প্ৰতিষ্ঠা হোৱা এখন গাঁও হৈছে ভাটৌকুছি। এই গাঁৱে বৰ্তমান প্ৰায় ৫ শতাধিক বছৰ পাৰ কৰিছে। ভাটৌ চৰাইৰ বসতি প্ৰধান হোৱাৰ বাবে এই অঞ্চলটি পূৰ্বৰে পৰা ভাটৌকুছি নামে জনাজাত। কৰ্দৈ আৰু ৰহদৈ এই অঞ্চলত প্ৰচুৰ পৰিমাণে উপলব্ধ। বৰ্তমান ভাটৌকুছি সত্ৰত কেইবাশবছৰীয়া এজোপা ৰহদৈ আছে; জনমানসত এইজোপা গছ কেশৱ চৰণ আতাই নিজ হাতেৰে ৰোপণ কৰা বুলি ধাৰণা আছে।
মনকৰিবলগীয়া যে 'কুছি' শব্দৰ অৰ্থ বসতি অঞ্চল, বেহা বেপাৰৰ অঞ্চল।[2] আন এটা জনৰৱ অনুসৰি 'ভাট' মানে হৈছে ৰজাৰ কটকী বা দূত; আনহাতে 'কুছি' মানে বাসস্থান। অৰ্থাৎ এই অঞ্চলত কোনো ৰাজবিষয়াৰ বাসস্থল হোৱাৰ বাবে ভাটৌকুছি নামৰ উৎভৱ হোৱাৰ কথা প্ৰচলিত আছে। তৃতীয়টি প্ৰচলিত আখ্যান অনুসৰি 'ভাটৌ' 'গুচি' যোৱাৰ বাবে এই অঞ্চলৰ নাম 'ভাটৌকুছি' ৰখা হয় বুলি কোনো কোনোয়ে ক'ব খোজে। আখ্যান অনুসৰি এটা সময়ত এই অঞ্চলত বহুল পৰ্যায়ত ভাটৌ চৰাইৰ সমাগম হৈছিল। ভক্তগণে থান-সত্ৰত নামধৰ্ম পালনৰ সময়তে ভাটৌ চৰাইৰ সমূহীয়া শব্দত ভক্তসকলৰ ধ্যান ভংগ হৈছিল বাবে এবাৰ শ্ৰী শ্ৰী কেশৱ চৰণ আতাই তেওঁলোকক (ভাটৌসমূহক) ইয়াৰ পৰা গুচি যাবৰ বাবে অনুৰোধ কৰে। সেই অনুসৰি ভাটৌ চৰাইৰ জাকটো ইয়াৰ পৰা গুচি যায়। ফলশ্ৰুতিত অঞ্চলটোৰ নাম ভাটৌকুছি হয়। ভাটৌকুছি অঞ্চলৰ আশে পাশে থকা ঠাই সমূহ আহোম যুগৰ সময়ছোৱাত বা তাৰ পিছৰ সময়তো যুদ্ধজৰ্জৰ অঞ্চল ৰূপে পৰিগণিত হৈছিল। প্ৰথমাৱস্থাত কোচ-আহোমৰ যুদ্ধৰ সময়ছোৱাত আৰু পিছলৈ মানৰ আক্ৰমণত ত্ৰস্তমান হৈ জনবসতিৰ হাৰ হ্ৰাস পাইছিল। পিছলৈ 19 শতিকাত তথাকথিত 'দক্ষিণপাৰৰ' পৰা অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ বহু লোক আহি এই অঞ্চলৰ লগতে এই গাঁৱত বসবাস কৰিবলৈ লয়। জনগাঁঠনিৰ নিৰন্তৰ সালসলনি অথবা বিভিন্ন যুদ্ধদিৰ ধামখুমীয়াটো ভাটৌকুছি সত্ৰই ১৬ শতিকাৰ পৰাই অঞ্চলটোৰ ইতিহাসৰ নীৰৱ সাক্ষী ৰূপে চিহ্নিত হৈ আহিছে।[3]
থান সত্ৰৰ স্থাপন
সম্পাদনা কৰকশ্ৰী শ্ৰী কেশৱ চৰণ আতাৰ জন্মস্থান ভাটৌকুছি। এই গাঁৱতেই ১৫৪৩ (আনু.) খ্ৰীষ্টাব্দত আতাৰ জন্ম হৈছিল বুলি চৰিত পুথিৰ লগতে গৱেষক সকলে ক'ব খোজে। সৰুৰে পৰা বৰ উদাসীন ভাৱেৰে জীৱন কটোৱা আতাই কম বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও বিবাহৰ পাশে তেওঁক বেছিদিন আৱেশ কৰি ৰাখিব নোৱাৰিলে। পিতৃ মাতৃৰ বিয়োগৰ পাছত তেওঁ ভাৰ্যাক গৃহতে এৰি চিৰদিনৰ বাবে গৃহত্যাগী হয় আৰু ভগৱন্তৰ নামেৰে জীৱন পাৰ কৰাত পণ লয়। গৃহত্যাগৰ কিছুদিনৰ পাছত চণ্ডীবৰ কটকী আৰু বৰবিষ্ণু আতাৰ সুবাদতেই আতাই সুন্দৰী নামে ঠাইত অসমীয়া নৱবৈষ্ণৱবাদৰ ভোটাতৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাক্ষাৎ লাভ হয়। প্ৰথম সাক্ষাততে আতাৰ ঈশ্বৰমুখীতাত মোহিত হৈ গুৰুজনাই কেশৱ চৰণক চৰণ দিবলৈ ইচ্ছা কৰে। সেই দেখি এদিন উপবাসে ৰাখি গুৰুজনাই তেওঁক চৰণ দিলে। কেশৱ চৰণক এদিন ৰীতি অনুসাৰে আতা পতা হ'ল। সেইদেখি তেওঁ ভাটৌকুছিয়া কেশৱ চৰণ আতা ৰূপে জনাজাত হয়।[4] এইজনা মহাপুৰুষ মাধৱদেৱৰ অজ্ঞাক্ৰমেই কেশৱ চৰণ আতাই ভাটৌকুছি সত্ৰৰ প্ৰতিষ্ঠা কৰে, ১৬ শতিকাৰ শেষৰ ফালে। আনহাতে ভাটৌকুছি সত্ৰ প্ৰতিষ্ঠা কৰাৰ উপৰিও নগাঁও চহৰৰ পৰা ৭ মাইল পশ্চিমে কলং নৈৰ দক্ষিণপাৰে বৰজহা সত্ৰৰ প্ৰতিষ্ঠা কৰাৰ কথা প্ৰসিদ্ধ চৰিতকাৰসকলে উল্লেখ কৰিছে।[5] বিংশ শতাব্দীৰ প্ৰথম দশকলৈকে ভাটৌকুছি সত্ৰত নিৰ্দিষ্ট গোঁসাই আৰু ভকত আছিল। কোৱা হয় যে কমল দেৱগোস্বামী নামৰ শেষৰজন গোঁসাইৰ মৃত্যু হোৱাত গাঁৱৰ ৰাইজে সত্ৰখন চোৱা চিতা কৰিবলৈ আৰম্ভ কৰে আৰু যোৱা ১০০ বছৰৰো অধিকঁকাল এই সত্ৰই ৰাইজৰ সেৱা-শুশ্ৰূষাত ঠন ধৰি আছে।
গৃহ আৰু ভূমিৰ বিৱৰণ
সম্পাদনা কৰকঐতিহ্যমণ্ডিত ভাটৌকুছি থানৰ নিজা মাটি বাৰ বিঘা। দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই এই ভূমিখণ্ডই দেৱোত্তৰ ভূমি হিচাপে স্বীকৃতি লাভ কৰি আহিছে। কেশৱ চৰণ আতাই যি ভেটি বান্ধি কীৰ্ত্তন ঘৰ প্ৰতিষ্ঠা কৰিছিল সেই ভেঁটিতেই বৰ্তমানৰ কীৰ্তনঘৰ নিৰ্মিত। কীৰ্ত্তন ঘৰৰ ভেটি অতি ওখ আৰু কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে ইয়াৰ ক্ষতি সাধন কৰিব পৰা নাই, ই পূৰ্বৰ স্থিতিতে অক্ষত অৱস্থাত আছে। যোৱা ষাঠি বছৰ কাল ধৰি ভাটৌকুছি গাঁৱৰ বিশ ঘৰ কায়স্থ লোকে আতাৰ থানভাগিৰ পৰিচালনা আৰু প্ৰতিপালন কৰি আহিছে। বৰ্তমান থানভাগিৰ চৌহদত এখনিকৈ প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া বিদ্যালয় গঢ় লৈ উঠিছে। ভকত সকলৰ জিৰণিৰ বাবে দুটা অতিথিশালা আৰু মহাপুৰুষীয়া কৃষ্টি বিকাশ আৰু প্ৰদৰ্শনৰ বাবে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। এই সমূহৰ উপৰিও থান-সত্ৰৰ নিজা ভূমিতে এটা বিশাল পুখুৰী আছে, এই পুখুৰীটোৱেও কেইবাশবছৰ পাৰ কৰিছে। পুখুৰীটোত থান-সম্পাদনা সমিতিৰ নেতৃত্বত প্ৰতি বছৰে মৎস্য পালনৰ উদ্যোগ হাতত লোৱা হয়।[6]
পৰ্য্যটন স্থলী হিচাপে
সম্পাদনা কৰকউল্লেখযোগ্য, গত ইংৰাজী ২০০৯ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে সেই সময়ৰ অসমৰ পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই ভাটৌকুছি থান সত্ৰ ভাগিক ৰাজ্যিক পৰ্যটন কেন্দ্ৰ হিচাপে ঘোষণা কৰি আতাজন আৰু তেৰাৰ জন্মস্থানক চৰকাৰী স্বীকৃতি প্ৰদান কৰে। থান সত্ৰ খনক এক পৰ্যটন থলী ৰূপে গঢ়ি তুলি উঠাৰ ক্ষেত্ৰত ই আছিল এক গুৰুত্বপূৰ্ণ উদ্যোগ। তথাপিও এই থান সত্ৰ পৰ্যটন থলী হিচাপে উজ্জীৱিত হবলৈ এতিয়াও বহু থল আছে। এইক্ষেত্ৰত চৰকাৰী ঘৰৰ শুভ ইচ্ছা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন।
সাংস্কৃতিক দিশ
সম্পাদনা কৰকসাংস্কৃতিক ক্ষেত্ৰ খনত কেশৱ চৰণ আতা থান সত্ৰই সমগ্ৰ অঞ্চলটোত মহাপুৰুষীয়া সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত লৈ আহিছে। এই থান সত্ৰতেই ২০০৪ চনত অসম ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত কৰি অসমীয়া সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সাংস্কৃতিক অনুষ্ঠান হিচাপে প্ৰতিবছৰে সত্ৰত ভাওনা অনুষ্ঠিত হৈ আহিছে। আন সাংস্কৃতিক অনুষ্ঠান সমূহৰ ভিতৰত -- বৰ সবাহ, গুৰু জয়ন্তী, জন্মাষ্টমী, বছৰেকীয়া নাম-সবাহ, দিহানাম আদি নিয়মিতভাবে অনুষ্ঠিত হৈ আহিছে। উল্লেখযোগ্য যে থান সত্ৰৰ এক নিজস্ব গায়ন-বায়নৰ দল আছে। এই দলটিত শিশুৰে পৰা বয়সস্থ সকলো বয়সৰ লোকে প্ৰতি শনিবাৰ আৰু দেওবাৰে গায়ন-বায়নৰ অনুশীলন কৰাৰ নিয়ম আছে। মাজে সময়ে থান সত্ৰত গায়ন বায়ন আৰু ভাওনা ৰ প্ৰশিক্ষণ কাৰ্য্যসূচীও হাতত লোৱা হয়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ নেওগ, মহেশ্বৰ. পবিত্ৰ অসম. অসম সাহিত্য সভা.
- ↑ দত্ত, তিলক (সম্পাদক). ভাগৱত প্ৰণেতা শ্ৰী শ্ৰী কেশৱচৰণ আতা আৰু জন্মস্থান ভাটৌকুছি (আতাৰ ৪৭৯ ত্বম জন্মজয়ন্তী উপলক্ষে প্ৰকাশিত). পৃষ্ঠা. 1-28.
- ↑ দত্ত, তিলক (সম্পাদক). ভাগৱত প্ৰণেতা শ্ৰী শ্ৰী কেশৱচৰণ আতা আৰু জন্মস্থান ভাটৌকুছি (আতাৰ ৪৭৯ ত্বম জন্মজয়ন্তী উপলক্ষে প্ৰকাশিত). পৃষ্ঠা. 1-28.
- ↑ বৰা, লক্ষ্মীনন্দন. সেহি গুণনিধি.
- ↑ লেখাৰু, উপেন্দ্ৰ চন্দ্ৰ (সম্পাদক). কথা গুৰুচৰিত.
- ↑ দত্ত, তিলক (সম্পাদক). ভাগৱত প্ৰণেতা শ্ৰী শ্ৰী কেশৱচৰণ আতা আৰু জন্মস্থান ভাটৌকুছি (আতাৰ ৪৭৯ ত্বম জন্মজয়ন্তী উপলক্ষে প্ৰকাশিত). পৃষ্ঠা. 1-28.