ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা(Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈ আহিছে।