সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী

সংযুক্ত জনজাতি জাতীয় মুক্তি(ইংৰাজী: United Tribal Nationalist Liberation Front) ভাৰতঅসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি(চমুকৈ UTNLF) অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদ(প্ৰগতিশীল)ৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল। সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনীয়ে অসমৰ বড়ো জনজাতি অধ্যুষিত অঞ্চলসমূহক সামৰি এখন সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবী তুলিছিল।

১৯৯০ চনত সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনীয়ে বড়ো অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ভাৰতীয় সামৰিক বাহিনীৰ বিৰুদ্ধে হিংসাত্মক আন্দোলন গঢ়ি তুলিছিল।