সঞ্জয় মালহোত্ৰা

ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ

সঞ্জয় মালহোত্ৰা (ইংৰাজী: Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল। ১৯৯০ চনৰ ৰাজস্থান কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জয় মালহোত্ৰাই পূৰ্বতে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্তীয় সেৱা বিভাগত সচিব পদত অধিষ্ঠিত হৈছিল।[2] ইয়াৰ পূৰ্বে তেওঁ গ্ৰাম্য বিদ্যুৎ নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক আৰু শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই কাৰ্যকালৰ পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ হিচাপে নিযুক্তি দিয়া হয়।[3][4][5]

সঞ্জয় মালহোত্ৰা
২৬তম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ
কাৰ্যভাৰ গ্ৰহণ
১১ ডিচেম্বৰ ২০২৪
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
উত্তৰসূৰী শক্তিকান্ত দাস
ভাৰতৰ ৰাজহ সচিব
কাৰ্যকাল
১ ডিচেম্বৰ ২০২২ – ১১ ডিচেম্বৰ ২০২৪
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি সমিতি
পূৰ্বসূৰী তৰুণ বাজাজ
ভাৰতৰ বিত্তীয় সেৱা সচিব
কাৰ্যকাল
১ ফেব্ৰুৱাৰী ২০২২ – ৩০ নৱেম্বৰ ২০২২
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি সমিতি
পূৰ্বসূৰী দেৱাশিস পাণ্ডা
উত্তৰসূৰী বিবেক যোশী
ব্যক্তিগত তথ্য
জন্ম ১৪ ফেব্ৰুৱাৰী, ১৯৬৮ (৫৬ বছৰ)[1]
বিকানেৰ, ৰাজস্থান, ভাৰত
শিক্ষানুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ (বি.টেক)
প্ৰিন্সটন বিশ্ববিদ্যালয় (এমপিপি)
পেচা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া
জীৱিকা অসামৰিক সেৱা বিষয়া