সতী ৰাধিকা এগৰাকী মহীয়সী নাৰী। তেওঁ কৈৱৰ্ত কুলৰ মাছমৰীয়া নদীয়াল পূৰ্ণানন্দৰ পত্নী আছিল। বৰদোৱাৰ ওচৰত টেম্বুৱানী জানে প্ৰতিবছৰে বাৰিষা কালত বৰদোৱাবাসীসকলৰ শস্য নষ্ট কৰাৰ বাবে ইয়াত বান্ধ দিবলৈ পৰিকল্পনা কৰা হৈছিল। কেইবাবাৰো চেষ্টা কৰাৰ পিছতো প্ৰৱল সোঁতে সকলো উটুৱাই লৈ যোৱাৰ বাবে ৰাইজে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ওচৰলৈ আহিছিল। গুৰুজনাই এগৰাকী শান্তি বা সতী তিৰোতায়ে তিনিকাঠি পলেৰে পানী আনি জানত দিলে এয়া সম্ভৱ বুলি বিধান দিছিল। পূৰ্ণানন্দৰ পত্নী জয়ন্তীয়ে নিজকে সতী বুলি এয়া কৰিবলৈ আগবাঢ়ি আহিল আৰু তেওঁ তিনিকাঠি পলেৰে টেম্বুৱানী জানত পানী দিয়াৰ পিছত ৰাইজে এই জানত বান্ধ দিবলৈ সক্ষম হৈছিল।ইয়াৰ পিছত গুৰুজনায়ে তেওঁক সতী ৰাধিকা নাম প্ৰদান কৰিছিল আৰু টেম্বুৱানী জান শান্তি জান হিচাপে জনাজাত হৈছিল।

সতী ৰাধিকা
অন্য নাম সুমথিৰা
জয়ন্তী
তৰাৱতী
দাম্পত্যসঙ্গী পূৰ্ণানন্দ

তথ্যসূত্ৰ

সম্পাদনা কৰক