সত্যা (ইংৰাজী: Satya) মাধবদেৱৰ শিষ্য হৰিহৰ আতাৰ পত্নী৷ কম বয়সতে বিয়া হোৱা সত্যাই জীৱনত নানা দুখ-কষ্ট সহিবলগীয়া হৈছিল৷

সত্যা
অন্য নাম সত্যা আই
জনা যায় হৰিহৰৰ পত্নী
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী হৰিহৰ
পিতৃ-মাতৃ সত্য বৰদলৈ

হৰিহৰৰ সৈতে বিবাহ

সম্পাদনা কৰক

কোচৰজা লক্ষীনাৰায়ণৰ পৃষ্ঠপোষকতাত থকাকালত ৰজাই মাধবদেৱক উদাসীন ভকতসকলে সংসাৰ ধৰ্ম পালন কৰি বিয়া হ’ব লাগে বুলি মত প্ৰকাশ কৰাত মাধবদেৱে তেওঁৰ শিষ্য হৰিহৰ আতা, জনাৰ্দন আতৈ আৰু মুকুন্দ আতৈক বিয়া কৰাবলৈ কয়৷ হৰিহৰে সজ ছোৱালী চাই দিলে বিয়া হ’বলৈ সন্মত হয়৷ সেইমতে লক্ষীনাৰায়ণৰ মাতৃ আইধায়ে তেওঁৰ বাবে কেইবাঠাইতো ছোৱালী চাই শেষত সত্য বৰদলৈৰ কন্যা সত্যাক হৰিহৰলৈ ঠিক কৰে৷ মায়াত আবদ্ধ হৈ পৰে বুলি কেইবাজনী সুন্দৰী কন্যা নাকচ কৰা বাবে সুন্দৰী সত্যাক আইধায়ে “ফেদেলী’’ বুলি কোৱাইছিল৷ হৰিহৰ সন্মত হোৱাত আইধায়ে ছকুৰি টকাৰ অলংকাৰ গঢ়াই বিয়া দিয়ে৷[1]

হৰিহৰৰ সৈতে সংসাৰ

সম্পাদনা কৰক

বিয়াৰ পিছতেই হৰিহৰে পত্নীক কৈছিল, বিয়া কৰালোঁ হয়, কিন্তু মোৰ তিনিটি বাক্য মানি নচলিলে এৰি দিয়া হ’ব৷[1] হৰিহৰৰ তিনিটি বাক্য আছিল, পৰপুৰুষৰ মুখ চাব নোৱাৰে, পৰৰ বস্তু গ্ৰহণ কৰিব বা খাব নোৱাৰে আৰু ভৰি দেখাকৈ মেখেলা দাঙিব নোৱাৰে৷ [2][3] সত্যা সুন্দৰী আছিল৷ আ-অলংকাৰ পিন্ধিলে সত্যাৰ ৰূপ পাৰ্বতীৰ সমান হৈছিল কিন্তু হৰিহৰে তেওঁক “কাণী’’ বুলিহে মাতিছিল আৰু এই লৈ সত্যা বা আইধাইৰ আপত্তি আছিল৷ হৰিহৰে তেওঁলোকৰ আপত্তি মনা নাছিল৷

সত্যাৰ অপৰাধ

সম্পাদনা কৰক

বিয়াৰ পিছত সত্যাই অসাৱধানবশতঃ হৰিহৰে দিয়া ’বচন’ ভংগ কৰিছিল৷ এদিন ঘৰৰ আগেৰে ঢোলে-দগৰে বিয়াৰ সমদল এটা পাৰ হৈ যাওঁতে সত্যাই বেৰৰ ফাঁকেৰে জুমি চাইছিল৷ হৰিহৰে দিয়া প্ৰথম বচন ভংগ হ’ল৷ ইয়াৰ কিছুদিন পিছত এবাৰ সত্যা পেহীয়েকৰ ঘৰলৈ গৈছিল৷ যাওঁতে বাটত এটা সুঁতি পাৰ হ’ব লাগে৷ উভতি অহা সত্যাক হৰিহৰে সুধিলে, “কাণী, পানী কিমান আছিল?’’ সত্যাই আঁঠুলৈকে আছিল বুলি ক’লে৷ তই মোৰ বাক্য মনা নাই, সুঁতি পাৰ হ’লি কিন্তু কাপোৰ তিতা নাই, তাৰমানে তই কাপোৰ দাঙিছিলি৷ দ্বিতীয়বাৰলৈ ক্ষমা কৰিলোঁ৷ তৃতীয়বাৰ মোৰ বচন ভংগ কৰিলে তোক এৰি দিম বুলি হৰিহৰে খং কৰিলে৷ তাৰপিছত ব’হাগৰ বিহুত সত্যা মাকৰ ঘৰলৈ গৈ মাকৰ কথা পেলাব নোৱাৰি জলপান খালে৷ হৰিহৰে গৈ দেখি ককৰ্থনা কৰিলে, আৰু লগে লগে তেওঁৰ তিনিওটা বচন ভংগ কৰা বুলি সত্যাক তাতেই ত্যাগ কৰি গুচি আহিল৷[1]

শেষ পৰিণতি

সম্পাদনা কৰক

স্বামীয়ে এৰি থৈ অহা সত্যাক খুৰাক সত্যধৰ বৰদলৈয়ে আনি হৰিহৰৰ ঘৰ পোৱালেও তেওঁ সত্যাক ঘৰ সুমাবলৈ নিদি এজন অচিনাকী মানুহৰ হাতত দান কৰিলে৷ মানুহজনে সত্যাক লৈ গৈ ৰাতি এটা ঘৰত থাকিবলৈ লৈ সত্যাৰ গুণৰ বলত তেওঁৰ শৰীৰ চুব নোৱাৰি আচৰিত হৈ পিছদিনা পুৱা তেওঁ সত্যাক হৰিহৰক ওভোতাই দি গ’ল৷ কিন্তু হৰিহৰে ঘৰ সোমাব নিদি ঘৰৰ বাহিৰতে চালি এখন দি দিনত ’নখেৰে ধান ফালি যি চাউল উলিয়ায়’ সেই চাউলকে সিজাই খাই স্বামীক “গুৰুবোধে’’ ভাবিবলৈ পৰামৰ্শ দিলে৷ এনেদৰে কিছুকাল থাকি সত্যাৰ মৃত্যু হ’ল৷[1] সত্যাৰ মৃত্যুৰ পিছত সত্যাৰ গহণা আৰু কাপোৰ-কানি নৈত পেলাই দি হৰিহৰ সেই ঠাইৰ পৰা গুচি গ’ল৷[3]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪৮৯. 
  2. https://muktosinta.org/gurupotni-satya-aai/
  3. 3.0 3.1 দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ৩১৬-৩১৯.