সতৰাম চাৰিঙীয়া ফুকন আহোম ৰজাঘৰৰ কুকুৰাচোৱা বিষয়া ভূত আহোমৰ ঘৰত জন্ম হৈছিল। ১৮১০ চনত চন্দ্ৰকান্ত সিংহৰ কম বয়সতে ৰাজপাটত উঠাৰ কাৰণে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেখেতক ৰজাৰ লগৰীয়া পাতে। সেই সূত্ৰে সতৰামক চাৰিঙীয়া ফুকনৰ বাব দিয়া হৈছিল। কালক্ৰমত সতৰাম চাৰিঙীয়া ফুকন ৰজাৰ আস্থাভাজন হৈ ক্ষমতাশালী হৈ উঠিছিল। [1]

সতৰাম চাৰিঙীয়া ফুকন
জন্ম ১৮ শতিকা
মৃত্যু ১৯শতিকা

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৫-২৮৬