সদস্য:অংশুমান হাজৰিকা/সনাতন হাজৰিকা

সনাতন হাজৰিকা (১৯১৮-১৯৮৪) অসমৰ যাত্ৰা দলৰ এগৰাকী বিবেক গায়ক, নৃত্যশিল্পী, সংগীত পৰিচালক, নাট অনুবাদক তথা অভিনেতা। সনাতন হাজৰিকাৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ পকোৱা মৌজাৰ অন্তৰ্গত চুৰচুৰী (হাজৰিকাপাৰা) গাঁৱত। পিতৃ মিহিৰাম হাজৰিকা আৰু মাতৃ উৰ্মিলা হাজৰিকা। তেওঁৰ এগৰাকী সহোদৰ হ'ল ৰত্নেশ্বৰ হাজৰিকা। ১৯১৮ চনত জন্মগ্ৰহণ কৰা এইজনা শিল্পীৰ ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱা হেতু পাঠশালা পাছ কৰাৰ পাছত আনুষ্ঠানিক শিক্ষাত যতি পৰে, অৱশ্যে অনানুষ্ঠানিক শিক্ষাৰে শিক্ষিত এই শিল্পীৰ ইংৰাজী, বাংলা, সংস্কৃত আদিৰ ভাষাৰো যথেষ্ট জ্ঞান আছিল। ৰুচিসন্মত সাজ-পাৰ আৰু শিল্পী সুলভ বৈশিষ্ট্যৰ অধিকাৰী আছিল সনাতন হাজৰিকা।

বৈবাহিক জীৱনঃ- পশ্চিম চামতাস্থিত এখন আঢ্যৱন্ত ঘৰৰ শ্ৰীমতী পাৰুল ঠাকুৰীয়াৰ সৈতে বিবাহ হয়। শ্ৰীমতী পাৰুল ঠাকুৰীয়াও গীত-মাতৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল আছিল।

সুন্দৰ যাত্ৰাঃ- নিচেই ল'ৰালিৰ পৰা সংগীতৰ প্ৰতি থকা দুৰ্বাৰ ৰাপৰ কাৰণেই সংগীত নৃত্যকে জীৱনৰ সৰ্বস্ব বুলি ধৰি শিল্পী গৰাকী নামি পৰে বিশাল সংগীত সাগৰত। সুৱদী কণ্ঠৰ মূৰ্ছনাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লক্ষ লক্ষ শ্ৰোতা দৰ্শকৰ অন্তৰত মচিব নোৱাৰা সাঁচ নৃত্য, অভিনয়, নাট্য পৰিচালনাৰে হৈ পৰিছিল স্বনামধন্য। বিশেষত 'বিবেক' গায়কৰ ভূমিকাৰে তেওঁ হৈছিল অবিস্মৰণীয়। শিল্পীগৰাকী আছিল একাধাৰে গায়ক, নৃত্যশিল্পী, অভিনেতা, নৃত্য সংগীত পৰিচালক, নাট অনুবাদক আৰু সামগ্ৰিক যাত্ৰা দলৰ মাষ্টৰ। এইখিনিতে আমাৰ সীমিত জ্ঞানেৰে 'বিবেক' চৰিত্ৰটোৰ বিষয়ে অলপ ক'ব খুজিছো। তদানীন্তন সময়ছোৱাত অসমৰ যাত্ৰাদল বিলাকত যিবোৰ নাট প্ৰদৰ্শন কৰা হৈছিল, সেইবোৰ আছিল বুৰঞ্জীমূলক, কাল্পনিক, পৌৰাণিক নাট। নাটবোৰত স্বদেশ প্ৰেমৰ স্ফুৰণ বাৰুকৈয়ে আছিল। মঞ্চস্থ নাটকৰ কোনো চৰিত্ৰ যেনে- ৰজা-ৰাণী নাইবা অন্যান্য চৰিত্ৰৰ অন্তৰত কেতিয়াবা বিভিন্ন ভাৱে দোলা দিয়া পৰিলক্ষিত হয়, কেতিয়াবা কিংকৰ্ত্তব্যবিমূঢ় অৱস্থা হয়, কোনটো কৰা ভাল কোনটো কৰা বেয়া ক'ব নোৱাৰা অৱস্থা হয়, তেনে সময়তে "সত্য শিৱ সুন্দৰৰ" প্ৰতীক হিচাপে গাত গেৰুৱা বসন পৰিহিত বিবেক চৰিত্ৰই ভূমিকা লয়। হয়তো ৰজাই (চৰিত্ৰই) কৰা ভুল অথবা কৰিব খোজা ভুলৰ বিষয়ে সকীয়াই দিয়ে গীতৰ মাধ্যমত। বিবেকৰ কথামতে কাম কৰিলে ৰজাই ভালেই হ'ল নহ'লে ৰসাতললৈ গ'ল। ৰজা যদি স্বেচ্ছাচাৰী হয় বিবেককে কশাঘাটেৰে চিৰাচিৰ কৰে। এই বিবেক চৰিত্ৰত ভূমিকা লৈ খোলামঞ্চত হেজাৰ হেজাৰ দৰ্শক শ্ৰোতাৰ কৰ্ণ কুহৰত মৌ বৰষা গীতৰ লহৰেৰে অমৃত যোগাইছিল শিল্পী সনাতন হাজৰিকাই। নাছিল কোনো অত্যাধুনিক শব্দযন্ত্ৰৰ পয়োভৰ। সাত-আঠ বছৰৰ পৰা শিল্পীয়ে নিজ গাঁৱৰ 'বীণাপাণি অপেৰা'ত নৃত্য শিল্পী হিচাপে শিল্পী জীৱন আৰম্ভ কৰি পিচলৈ ঘূৰি চাব লগা হোৱা নাছিল। তেওঁৰ কণ্ঠৰ মাজত লুকাই থকা প্ৰচুৰ প্ৰতিভাই, কণ্ঠত থকা মধুৰতাই আগবাঢ়ি যোৱাত প্ৰশস্ত কৰিছিল সেন্দূৰীয়া পথ। ইয়াৰ পাছতে  ঁৰজনী ভট্ট আৰু অম্বুশৰ্মাৰ সহযোগী হৈ সন্ধাৰ যাত্ৰা দলত গীত আৰু অভিনয়ৰ পাতনি মেলে। ইতিমধ্যে এই যাত্ৰা দল যথেষ্ট জনপ্ৰিয় হৈ পৰে। (ইয়াতে অভিনয় কৰি গীত গায় পোৱা প্ৰায় পঞ্চাশটা মান ৰূপৰ ধুনীয়া ধুনীয়া 'মেডেল' আমি ডাঙৰ হোৱাত প্ৰত্যক্ষ কৰা মোৰ মনত পৰে) সন্ধাৰ পাৰ্টিত থকা সময়তে নাট্যগুৰু ঁব্ৰজ শৰ্মাই অসমৰ যাত্ৰাক এক নতুন যাত্ৰা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি আছিল অসমৰ পশ্চিম দিশত। ১৯২৯ চনত তেখেতৰ 'দক্ষিণ গণকবাৰী' অপেৰা পাৰ্টি ভাঙি যোৱাত সেই পাৰ্টিৰে বচা-বচা শিল্পীক লৈ পুৰণি গুদামৰ বিপিন বৰুৱাৰ সহযোগত 'অসম কহিনুৰ অপেৰা'ৰ জন্ম দিয়ে। এই যাত্ৰা দলত ঁহৰিনাৰায়ণ বৈশ্য, কৃষ্ণ নাথ শৰ্মা, হৰেন্দ্ৰ নাথ শৰ্মা, ঁৰজনী ভট্ট, অঞ্জু শৰ্মা, সনাতন হাজৰিকা, নটসূৰ্য্য ফনী শৰ্মা, চন্দ্ৰ চৌধুৰী, নবীন দাস ইত্যাদি শিল্পীসকলে অভিনয়েৰে নাট্য জগতক এক অনন্য মাত্ৰা প্ৰদান কৰে। পিতাই (আলোচ্য শিল্পী মোৰ পিতা) কোৱা মোৰ এতিয়াও সুন্দৰকৈ মনত পৰে যে যেতিয়া সন্ধাৰ পাৰ্টিত বন্দৱস্ত কৰি আখৰা গৃহত গীত-পৰিচালনাত ব্যস্ত আছিল; হঠাতে ঁব্ৰজ শৰ্মা তাত ওলাইছিল। তেখেতৰ লক্ষ্য আছিল সনাতন হাজৰিকা। সেই সময় সন্ধা অপেৰা পাৰ্টিক মেনেজাৰ গোপাল ভাগৱতীক দহাই দহাই শৰ্মাদেৱে সনাতন হাজৰিকাক দিবলৈ প্ৰত্যক্ষভাৱে কৈছিল; কিন্তু তেখেত ফলৱৰ্তী নোহোৱাত এদিন সংগোপনে পিতাক লৈ যোৱা হৈছিল 'কহিনুৰ অপেৰা'লৈ ৰাতিৰ ভিতৰতে। এইজনা অসমৰ নাট্য গুৰুৰ সান্নিধ্যই পিতাক আনি দিছিল নাট্য জগতত সাফল্যৰ জোৱাৰ। সেইদৰে 'কহিনুৰ অপেৰা' পাৰ্টি সমুজ্জল হৈছিল পিতাৰ দৰে এচাম শিল্পীৰ পৰশত। "অসম কহিনুৰ অপেৰা পাৰ্টিৰ সময়ত অসমৰ মঞ্চজগতৰ ক্ৰমবিকাশ ঘটে। বিশেষকৈ তৃতীয় দশকটোৰ ভিতৰত। আগৰ চৌখিন মনোবৃত্তিৰ পৰিবৰ্ত্তে পেশাদাৰী মনোবৃত্তিৰে শিল্পীসকলে অভিনয়াদি কৰিবলৈ লয় এই দশকতে এক সহ অভিনয় আৰম্ভণিৰ জৰিয়তে ।" সেই সময়ৰ কিছু নাটৰ ভিতৰত কালাপাহাৰ, ৰঞ্জিৎ সিংহ, শিৱাজী, বিজয়, বসন্ত, হিন্দুবীৰ, গুলেনাৰ, পানীপথ ইত্যাদি। ঁহাজৰিকাই এই নাটসমূহৰে কোনো এখনত ৰাজকুমাৰৰ ভাওঁ লৈও ভূয়সী প্ৰশংসা লাভ কৰিছিল। 'কহিনুৰ অপেৰা পাৰ্টি'ৰ পাছত শিল্পী গৰাকী অসমৰ বিভিন্ন খ্যাতি সম্পন্ন যাত্ৰা দল বিলাকত নামি পৰে। ১৯৩৭ চনৰ ভিতৰৰ সময়চোৱাত তেওঁ সুখ্যাতিৰে সংগীত তথা অভিনয়ৰ ভূমিকা লোৱা কেইটামান যাত্ৰা পাৰ্টি আছিল ক্ৰমে টিহুনাট্য সংঘ, লাউপাৰা যাত্ৰা পাৰ্টি, বৰতলা, আঙুলিয়া (?) আদি। এই সময়ছোৱাত ঁপুষ্প মিশ্ৰ, ধৰ্ম দাস, মিশ্ৰ, ঁকমলা চক্ৰৱৰ্ত্তী, ঁপ্ৰসন্ন শৰ্মা আদি বিশিষ্ট শিল্পীসকলক লগ পায়।

১৯৩৮-৩৯ চনত মাৰোৱাৰ  'বীণাপাণি অপেৰা পাৰ্টি' গঠন হয় অসমৰ যাত্ৰা জগতত এই পাৰ্টিৰ এক বিশেষ নাম আছিল। য'ত আছিল পিতাৰ লগতে স্বনামধন্য শিল্পী ঁউদয় ভাগৱতী, ঁপ্ৰসন্ন শৰ্মা, ৰজনী শৰ্মা, পুষ্প মিশ্ৰ, কমলা চক্ৰৱৰ্তী আদি শিল্পীসকল। (চাৰিবছৰৰ পিছত এই পাৰ্টিটো ভাঙি যায় )। ১৯৩৯ চনতে আন এটা পাৰ্টি সন্ধাক আকৌ গঠন হয়। 'ভাৰত মাতা অপেৰা পাৰ্টি' প্ৰায় ৭ বছৰ কাল এই পাৰ্টিটো আছিল; তাৰ ভিতৰত তিনিবছৰ মান এই পাৰ্টীটোত আছিল শিল্পীগৰাকী। সহযোগী শিল্পীসকল আছিল- ঁকৃষ্ণ শৰ্মা, হৰেণ শৰ্মা, ঁযোগেশ শৰ্মা, ৰজনী শৰ্মা। সংগীত পৰিচালনাৰ উপৰি পিতাই কেইবাটাও চৰিত্ৰত  কৰিছিল অপূৰ্ব অভিনয়। নাটসমূহ আছিল- বিজয় বসন্ত, স্বদেশ, হৰিচন্দ্ৰ, যদুপতি, পুষ্প সমাধি, মাণিক মালা ইত্যাদি। সন্ধা গাঁৱত তৃতীয়টো নাট্যদল গঠন কৰিছিল ঁনিধি মেম্বৰে। দলটোৰ নাম আছিল 'জয়হিন্দ অপেৰা পাৰ্টি'। এই পাৰ্টিটো হাজৰিকাদেৱে হৰেণ শৰ্মা, কমলা চক্ৰৱৰ্তী (বৈস্তৱ) আদি শিল্পীৰ লগত অভিনয়-সংগীতেৰে জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। শিল্পীৰ ধৰ্ম শৰ্মাৰ ভাষাত "সেইটো সময়ত হাজৰিকা আৰু বৈশ্য অসমৰ যাত্ৰা দলৰ অপৰিহাৰ্য শিল্পীৰূপে পৰিগণিত।" ইয়াৰ পিছত পিতাই টিহু মেধিপাৰা পাৰ্টিত  ১৯৪২-৪৩ চনত ঁসৰ্বেশ্বৰ গোস্বামী, প্ৰসন্ন শৰ্মা আদিৰ লগত স্বৰ্ণময়ী, ভাৰত গৌৰৱ আদি নাটত যথেষ্ট সুখ্যাতি অৰ্জন কৰে। ইয়াৰ পিছত ক্ৰমে বেলশৰ যাত্ৰাদল, তৰমথা যাত্ৰা দল আদিত অভিনেতা, সংগীত শিল্পী হিচাপে কাম কৰে।

১৯৫০ চনত গঠন হোৱা এটা অতি জনপ্ৰিয় পাৰ্টি হ'ল মুগকুছিৰ গোবিন্দ হালৈৰ "মুগকুছিৰ মিলন নাট্য সমিতি ।" বচাঁ-বচাঁ শিল্পীৰ পয়োভৰ ঘটে প্ৰায় চাৰি-পাঁচ বছৰ কাল এই দলটিত।   এই যাত্ৰাদলত শিল্পী গৰাকী সংগীতৰ ওস্তাদ, অভিনেতা, পৰিচালক, বিবেক গায়ক কেউটি দিশত অন্যান্য ৰূপে প্ৰকাশ পাইছিল। ১৯৫৩ চনত মৰোৱাৰ অৰুণ বৈশ্যৰ 'অৰুণ নাট্য সমিতি' সূৰ্য্য বৈশ্যৰ সৈতে যুগান্তকাৰী প্ৰতিভা দেখুৱাইছিল। ১৯৫৯-১৯৬২ চনলৈ ঁহাজৰিকাই নৃত্য-গীত আদিত যথেষ্ট নতুনত্ব আনি যাত্ৰাদলক অধিক উত্তৰণ ঘটোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬১ চনত নিত্যানন্দৰ 'আৰ্য্য অপেৰা দল'ত সংগীতৰ মাষ্টাৰ তথা অভিনেতাৰূপে সুখ্যাতি অৰ্জন কৰে। এই দলটি আছিল পুৰন্দৰ তালুকদাৰৰ। ১৯৬২-৬৩ চনত বণিয়াকুছিৰ বাপুৰাম দাসৰ "বীণাপাণি অপেৰা" পাৰ্টিত সাৰথি, চোৰাৱ ৰুস্তম আদি নাটকত অভিনয়, বিবেক তথা নৃত্য পৰিচালনা আদি দিশত কাম কৰি শিল্পী গৰাকীয়ে ভূয়সী প্ৰশংসা বুটলিছিল। ককয়াৰ 'কামৰূপ নাট্য কলা কেন্দ্ৰ'ত খেলাঘৰ, অশ্ৰুসাগৰ, সতীৰ ঘাট আদি নাটত অভিনয় তথা বিবেক শিল্পীৰূপে সুখ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰি ১৯৪৩ত মেধিপাৰা, টিহু, গোবিন্দপুৰ, পিপলিবাৰী, বড়ি, বামখাটা, আল্টা আদি বিভিন্ন যাত্ৰা পাৰ্টিত শিল্পী গৰাকীয়ে জীৱনৰ ১৯৩৫ সিংহভাগ সময় কটাইছিল।

পাঠশালাৰ 'নটবাণী থিয়েটাৰ' পাৰ্টিত থকা সময়তে যাত্ৰাদল সমূহৰ থিয়েটাৰমুখী গতি অবিৰত হৈ পৰে । এই থিয়েটাৰ পাৰ্টীলৈকে শিল্পী গৰাকীৰ নাট্যাভিনয় তথা সংগীত শিল্পৰ পূৰ্ণ পয়োভৰ থকা বুলি আমি স্বয়ং দেখিছিলো। সেই থিয়েটাৰৰ দুগৰাকী বলদেৱ শইকীয়া, হৰিশ শৰ্মাই পিতাৰ কৃতিত্বৰ বিষয়ে কৰা প্ৰশংসা আমাৰ আজিও মনত পৰে। ইয়াৰ পাছতে চামতাৰ বিশিষ্ট শিল্পী, পৰিচালক ধৰণী বৰ্মনৰ 'সুৰদেৱী থিয়েটাৰ'তো পিতাৰ বন্দৱস্ত হৈছিল কিন্তু তেতিয়াৰ পৰা অসুস্থ গৈ পৰাত সুৰদেৱীত আৰু থকা নহ'ল। অৱশ্যে অসমৰ নাট্যশিল্পই নতুনত্বৰ দিশত আগবঢ়াৰ সময়তো যাত্ৰা দলবোৰ বহুদিনলৈ আছিল। তেতিয়াও মাজে মাজে অসুস্থ  দেহেৰে হ'লেও কৰ্ত্তব্যৰ খাটিৰত শিল্পী গৰাকীয়ে দুই এঠাইত সংগীত পৰিচালনা তথা কণ্ঠশিল্পী হিচাপে চেৰা-চোৰোকাকৈ কাম কৰিছিল। তাৰ ভিতৰত দুটামান দল হ'ল- ডিমু, আল্টা নাট্য গোষ্ঠী উল্লেখযোগ্য।

শাস্ত্ৰীয় সংগীতৰ ডিগ্ৰী নাথাকিলেও এনেকুৱা এটা ৰাগ নাছিল, যিটোৰ বিষয়ে পিতাৰ শুদ্ধ জ্ঞান নাছিল। স্বৰৰ শুদ্ধ জ্ঞান, তাল-লয়ৰ সূক্ষ্মজ্ঞান আৰু কণ্ঠৰ গভীৰতা আদি তেওঁৰ বিশেষত্ব। আনুষ্ঠানিকভাৱে কমেও তিনিজন বঙালী ওস্তাদৰ (গুৰু) ওচৰত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ কঠোৰ সাধনা কৰিছিল। ডিগ্ৰীৰ উদ্দেশ্যে লক্ষ্ণৌলৈ (ভাতখাণ্ডে) যোৱাৰ যো-জা কৰি দুবাৰ অপৰাগ হৈছিল। কিয়নো বছৰেকীয়া হিচাপত এঠাইত বন্দৱস্ত কৰাৰ পাছত তেওঁ লক্ষ্ণৌলৈ যোৱাৰ সময় পোৱা নাছিল। ভাবিলে আচৰিত হ'ব লাগে যে, পাৰ্টিত থাকি গীত-নৃত্য পৰিচালনা কৰি অভিনয় কৰি তেওঁ আনুষ্ঠানিকভাৱে গুৰু সংগীতৰ সুন্দৰ শিক্ষা লৈছিল। পিতাৰ পৰাই আমি প্ৰাথমিক পৰ্যায়ত শাস্ত্ৰীয় সংগীত মানে কেইটামান ৰাগ, ভজন, ৰবীন্দ্ৰ সংগীত, জ্যোতি সংগীত, বিষ্ণুৰাভাৰ গীত, শ্যামা সংগীত, নজৰুল গীত, বনগীত আদিৰ শিক্ষা লৈছিলো। হাৰমনিয়ামৰ পৰ্দাত তেওঁৰ আঙুলি বুলনি দেখিলে আমি হতবাক হৈছিলো। সঁচাকৈয়ে একেই বাদ্যযন্ত্ৰ অথচ তেওঁৰ আঙুলিৰ পৰশত জীৱন্ত বস্তুৰ দৰে প্ৰাণ পাই উঠে। বহু সময়ত পিতাৰ গৌৰৱেৰে মই গৌৰৱান্বিত হৈছো। ভাবি আচৰিত হৈছিলো শদিয়াৰ পৰা ধুবুৰীলৈ এইকথা  কোনো কোনো ক্ষেত্ৰত সস্তীয়াৰূপে ব্যৱহাৰ কৰা দেখো। পিতাৰ ক্ষেত্ৰত সেই কথা নিয়তসত্য আছিল তাৰ প্ৰমাণ মই নিজেই পাইছিলো। সেই সময়ক যাত্ৰাদলত একাধাৰে নৃত্য, গীত, বিবেক গায়ক, বাদ্যযন্ত্ৰী, অভিনেতা, সংগীত পৰিচালকৰূপে মাষ্টৰৰ নাম পোৱা শিল্পীজনৰ কথা। তেতিয়া মই বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মোৰ 'ৰূমমেট' ঁউমেশ দাস। তেওঁৰ ঘৰ হেলেমত। দুবাৰমান তেওঁৰ ঘৰলৈ গৈছিলো। তেওঁৰ খুড়ীয়েক এজনে মোৰ পৰিচয় ল'লে। কথাই কথাই পিতাৰ কথা ওলাল। তেখেতে অতি আগ্ৰহান্বিত হৈ মোক দুনাই পিতাৰ নাম কৈ সুধিছিল "সেই দুৰ্দান্ত নলবৰীয়া গায়কজনেই তোমাৰ দেউতাৰা নেকি?" মোৰ চকুপানী বিৰিঙিছিল সিদিনা। আকৌ এবাৰ মোৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ বন্ধু শ্ৰীশৰত শইকীয়াহঁতৰ ঘৰলৈ গৈছিলো। তেওঁৰ ঘৰ টিয়কত। সেইবাৰো দুজনমান বয়সিয়াল লোকৰ মুখত পিতাৰ কণ্ঠ, অভিনয় আদিৰ প্ৰশংসা শুনিছিলো। পিতাৰ কথা শুনিছো গৌৰীপুৰত, শুনিছো বইটামাৰীত। ভাবিলে দুখ লাগে  সেই সময়ত যদি প্ৰচাৰ মাধ্যম আজিৰ দৰে আগবঢ়া হ'লহেতেন! ১৯৮৪ চনৰ ১ আগষ্টত গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। লগে লগে শেষ হয় চল্লিশ-পঞ্চলিশ বছৰীয়া শিল্পী জীৱন পৰিক্ৰমা।

সনাতন হাজৰিকা সংগীত বিদ্যালয় শিল্পী গৰাকীৰ নামেৰে ১৯৯৭ চনৰ ২৩ জানুৱাৰীক ঠন ধৰি উঠা বৰনৰ্দ্দী অঞ্চলক এটা সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ জন্মৰ প্ৰাকক্ষণত এদিন ৰাতিপুৱাই উপেন শৰ্মাৰ আগত মোৰ মনৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছিলো। সেয়েহে মনত বৰ আনন্দ পাই শৰ্মাদ্বয়ৰ লগত সম্পূৰ্ণ সহযোগ কৰি অনুষ্ঠানটো প্ৰতিষ্ঠা কৰো। বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা কেইবাবছৰ মই অধ্যক্ষৰ দায়িত্ব লব লগা হৈছিল যদিও মোৰ বিশেষ কৰ্ম ব্যস্ততাৰ বাবে অধ্যক্ষৰ দায়িত্ব উপেন শৰ্মাক দিয়া হয়। মই মুখ্য উপদেষ্টা হিচাপে থাকি ৰাতুল শৰ্মাক প্ৰধান আচাৰ্যৰ দায়িত্ব দিয়া হয়। অনুষ্ঠানটোৰ প্ৰতি স্থানীয় ৰাইজৰ সঁহাৰি লক্ষণীয়। অনুষ্ঠানটিলৈ শ্ৰীযুত মোহন ডেকাই (মামা) নিজৰ মাটি দান দি, অনুষ্ঠানৰ স্ব-গৃহ নিৰ্মাণত সহায় আগবঢ়োৱাত আমি তেখেতৰ ওচৰত কৃতজ্ঞ। শ্ৰীযুত দেৱদাস শৰ্মাই চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা আৰ্থিক সহায় আমাৰ  বাবে বিশেষ সঁহাৰি।

শিল্পীগৰাকী কেইটামান গীতৰ কলিঃ

নন্দন বনে আজি দোলনি সৌ

মৃদু মৃদু ভাহি যায় কুজন চন্দ॥

..... ...... ......

তোমাৰ কোলাৰ নিচুকণি শুনি

নামে নয়নৰ তন্দ্ৰা,

সমীৰণে আনে মেঘৰ বুকুত

কত কবিতাৰ চন্দা॥

..... ..... ......

কৈয়ে দে কৈয়েদে

ক'তো গদাপাণি

চমতাৰ চিৰা-চিৰ গা জয়মতী॥

.... ..... ..... .....

মধু মাধবী ৰাতকে ডাকে মোৰে

আজি প্ৰাণ পুলকিত বাৰে বাৰে॥

..... ..... .....  ......

যে ৰাতি মোৰ  দুৱাৰ দলি

ভাঙলো ঝৰে, জানিয়াইতো

তুমি এলো আমাৰ ঘৰে॥

..... ..... ..... .....

এমন ঘনঘোৰ বৰষাই, এমন দিনে কাষে বোৱা যায়

এমন মেঘচৰে বাদল ঝৰ ঝৰ

তপনগীন ঘন তমসাই॥

..... ..... ..... ......

আঁহতৰ তলতে অ' কি বাঁহী বজালি

মনে মোহনীয়া মাত সমনীয়া॥

..... ...... ...... ......

পগ গুগুৰুবাধে মীৰে নাছিৰে

..... ...... ...... ......

নিচিনিলি ৰতনমণি হেৰভোলা মন

কাঁচ বুটলি বান্ধিলি বোজা

নিচিনিলি সোণ।

..... ...... ...... ......

যায় মনাই যায় পথাৰ  খনি পায়

হালৰ হালোৱা গৰুযুৰি হাল বায়॥

..... ...... ...... ......

সূৰুজ ককাই ডুব মাৰিছে

ধুমুহা আহিছে মোৰে...॥

..... ...... ...... ......

জেগে আছে এই কাৰগাৰে

খুয়া চাই ঘৈৰা নৱমীৰ চাঁদ...॥

..... ...... ...... ......

কাৰেঙৰ পদূলীৰ বকুল ডালত পাৰি

বিনাই বনৰে পাখি...॥

..... ...... ...... ......

অ' আমি পৰ্বত ভৈয়ামৰে মানুহ

বিচাৰিছো আমি কাক

বৰ বৰ মানুহৰ জাত॥

..... ...... ...... ......

যদি তোৰ ডাক শুনে কেৱ না আছে

তবে একলা চলোৰে...॥

..... ...... ...... ......

পায়োৰে মেইতো ৰাম ৰতনধন পায়ো।

..... ...... ...... ......

চাঁদেৰ হাঁসি বাধ ভেঙেছে

উচলে পৰে আলো

অ' ৰজনীগন্ধা তোমাৰ গন্ধ সুধা ঢালো।

..... ...... ...... ......

চৰণ মাগো দীন তুহাৰি

গোবৰধন গিৰীধাৰী॥