সদস্য:গৌতম বৰুৱা/পেৰাচুত

পেৰাচুত

উৰা জাহাজৰ পৰা কোনো প্ৰয়োজনত বা বিপদৰ সময়ত শূন্যত জাঁপ দি অৱতৰণ কৰাৰ বাবে কাপোৰেৰে নিৰ্মিত ছাতিৰ দৰে যি আহিলাৰ সহায় লোৱা হয় তাকেই পেৰাচুত বোলা হয় | পেৰাচুত পিন্ধি আকাশৰ পৰা যিসকলে জাপ দিয়ে তেওঁলোকক 'পেৰাত্ৰুপাৰ' বা 'স্কাইদাইভাৰ' বুলি কোৱা হয় | বিজ্ঞানসন্মত চিন্তাৰে প্ৰথম পেৰাচুতৰ নিৰ্মাণ পৰিকল্পনা শিল্পী লিঅ’নাৰ্ড' দা ভিন্সিয়ে কৰিছিল ইং ১৪৮৫ চনত | পাছত লুইচ চেবাস্তিন লেনৰমান্দ (ইং ১৭৫৭-১৮৩৯ , Louis Sebastien Lenormand) নামৰ ফৰাছী শিক্ষকজনে লিঅ’নাৰ্ড' দা ভিন্সিৰ কল্পিত উৰণ ছাতি বা পেৰাচুতৰ বাস্তৱ ৰূপ দিয়ে | ইং ১৭৬৯ চনত শূন্যৰ পৰা পেৰাচুতেৰে প্ৰথম জঁপিওৱা ব্যক্তিজনৰ নাম আছিল আন্দ্ৰে জেকুইচ গাৰনেৰিন(Andre Jacques Garnerin ) |