আহোম ৰাজত্বত কৰ্মসংস্কৃতি

বিশ্ব সাহিত্যত বুৰঞ্জী বা ইতিহাসৰ নিজস্ব মহত্ব আছে। ইতিহাস অধ্যয়নে কেৱল যে অতীতৰ গুণ গৰিমা বা শৌৰ্য বীৰ্যৰে উমান দিয়ে তেনে নহয়, বুৰঞ্জী অধ্যয়নে আমাক শিকায় এটা জাতিৰ উত্থান আৰু পতনৰ কাৰণবোৰ। প্ৰতিটো জাতিৰ নিজস্ব কিছু অন্তনিৰ্হিত কাৰক থাকে যাৰ বাবে জাতিটো গৰিমাৰ উচ্ছ শিখৰত অৱতীৰ্ণ হয় বা লাহে লাহে ধ্বংসমুখী হয়। ইতিহাস অধ্যয়ণে সেই কাৰকবোৰ আমাৰ সমুখত ডাঙি ধৰে আৰু জাতি নিৰ্মাতাসকলে সেই কাৰকবোৰৰ ওপৰত ভিত্তি কৰিয়ে জাতিটোক আগুৱাই নিব পাৰে। যদিহে বুৰঞ্জীৰ অধ্যয়ণ নাথাকে, ইতিহাস প্ৰীতি নাথাকে তেন্তে জাতিক নেতৃত্ব দিয়াসকলে বাৰে বাৰে একেটা ভুলকে কৰি থাকে আৰু কালৰ গৰ্ভত সেই জাতি এদিন নিঃশেষ হৈ যায়। সেয়ে অসমীয়াইও নিজক বচাবলৈ জাতিটোক গঢ়োতা আহোমসকলৰ সোণালী অতীতৰ প্ৰতিটো ঘটনা পৰিঘটনাৰ পুংখানুপুংখ লিপিবদ্ধ বুৰঞ্জীসমূহৰ অধ্যয়ণ অতীৱ প্ৰয়োজনা। টাই জনগোষ্ঠীয় লোকসকল মঙ্গোলীয় লোক। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চত বসবাস কৰা টাইসকলৰ পাঁচটা ঠাল পোৱা যায়ঃ টাই আহোম, টাই খাময়াং, টাই আইতন, টাই ফাকে আৰু টাই টুৰুং। উল্লেখযোগ্য যে বিভিন্ন ঠাইলৈ প্ৰৱৰ্জিত টাইসকলক বিভিন্ন নামেৰে জনা যায়। টাইসকলক ব্ৰহ্মদেশত শ্য়াম বুলি কোৱাৰ বিপৰীতে থাইলেণ্ডত শ্যান্ নামেৰে জনা যায়। ইন্দোচীনত লাও বুলি জনা যায়। ইতিহাসবিদ জৰ্জ স্কটে টাইসকলৰ অন্যান্য নামবোৰ এনেদৰে পোৱা বুলি উল্লেখ কৰিছেঃ টাই, থাই, খুন, লু, লাও, খামতি, পাঈ, মুই, মুঅঙ, থো নাইবা দো, টাইলুং, টাইন’ই টাইমাও, চাই খে, পু-টাই, পু নং, পু-মান, পুজু, পু-চেই পু-এন্, পু-য়েই, পু-চুই, পো-অ’, প’, চুইহান বা হোৱা-পাঈ, পাঈ-জেন, তু-জেন্, পু-মান, হেই বা হোৱা-তু-লাও, নুং বা লুংজেন, চা-জেন, হেই বা পাই-ছা-জেন, হিন-ছিআ, ছুই-ছিআ, ছুং-ছিআ আদি। নাম যিয়েই নহলেও উত্তৰপূৱ ভাৰতত টাই আহোমসকলেই আটাইতকৈ বেছি পুৰণি। বাকী চাৰিটা টাই ঠালৰ লোক অষ্টাদশ শতিকাৰ শেষৰ ফালে উত্তৰ-পূৱ ভাৰতলৈ প্ৰৱৰ্জিত হৈছিল। টাই আহোম বা হা-চামসকল হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। এওঁলোক বিভিন্ন সময়ত চীনৰ য়ুন্নান প্ৰদেশৰ পৰা অহা টাই মানুহৰ বংশধৰ। ঐতিহাসিকভাৱে চীনদেশৰ দেহং দাই স্বায়ত্ব শাসিত প্ৰান্তৰ (পূৰ্বৰ পূব মৌঙ মাও অঞ্চলৰ) দাইকোঁৱৰ চাওলুং চুকাফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱে সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য (মৌঙ দুন চুন খাম) স্থাপন কৰি অসমত প্ৰায় ৬১০ বছৰ শাসন কৰে। গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাত টাই আহোম লোকসকলে বসবাস কৰে। এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে। আহোমসকলে নিজকে কিন্তু ‘নোৱা’ বা ‘নৰা’ নামেৰেহে চিনাকি দিছিল। আহোম শব্দটো বিভিন্ন ক্ষেত্ৰত বিভিন্ন লোকে ব্যৱহাৰ কৰিছিল। বৰঅম্ৰৰ প্ৰকাশিত পুথিত উল্লিখিত মতে হা-চাম শব্দটো বিভিন্ন সময়ত ব্ৰহ্মদেশৰ বিভিন্ন জনগোষ্ঠীয়ে চুকাফাৰ লগত অহা টাই ঠালটোক বুজাবলৈ ব্যৱহাৰ কৰিছিল। সেইসময়ৰ বিভিন্ন জনগোষ্ঠীয়ে টাইসকলক পৰাস্ত কৰিব নোৱাৰি অসম বা আহম বা অহম বুলি মাতিছিল। কালক্ৰমত আধুনিক যুগত তেওঁলোকক আহোম নামেৰে মতা হৈছিল। কিন্তু আহোমসকলে টাই বুলিয়ে নিজকে পৰিচয় দিয়ে সেয়েহে আহোমসকল আৰু আহোম সংগঠনসমূহে টাই আহোম শব্দটো অধিক প্ৰয়োগ কৰা দেখা যায়। এওঁলোকে শাসন কৰা অঞ্চলটোক অসম বা আচাম বুলিয়ে কোৱা হৈছিল। শংকৰদেৱেও আহোমসকলক "অসম মুলুক" বুলি উল্লেখ কৰিছিল আৰু মোগলসকলেও আচাম বুলি কৈছিল অৱশ্যে থলুৱা লোকসকলে আহোম শব্দটোৱে ব্যৱহাৰ কৰিছিল। কালক্ৰমত মোগলসকলেও আহোম ৰাজ্যক আৰু ৰাজ্যৰ লোকক আচাম বুলি উল্লিখিত কৰিছিল। আহোমসকলে কিন্তু প্ৰথমতে নিজকে টাই বুলিহে কৈছিল। কিছু বিদ্বানৰ মতে চুকাফাৰ লগত অহা টাই ঠালটোৰ আগত অহা টাইসকলক নোৱা বা নৰা বুলি কোৱা হৈছিল। বৰ্তমান টাই-নোৱাসকল চীনদেশত বাস কৰে। এই সম্বন্ধে সত্যেন্দ্ৰনাথ শৰ্মাই নিজৰ ব্যাখ্যা আগ বঢ়াইছিল এনেদৰে- "যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উৎপত্তি হোৱা। কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয় গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল।" টাই আহোমৰ ইতিহাস অধ্যয়ণ কৰিলে দেখা যায় যে অতি পৰাক্ৰমেৰে ছশ বছৰ শাসন কৰি বিশ্ব-অভিলেশ অৰ্জন কৰাৰ মূলতে আছিল সু-পৰিকল্পিত কৰ্ম-সংস্কৃতি। বৰ্তমান ভাৰত তথা অসমত যিদৰে চৰকাৰী পৃষ্ঠপোষকতাত নাগৰিকৰ কৰ্মসংস্কৃতি ধ্বংস কৰি হিতাধিকাৰীৰ সৃষ্টি কৰা হৈছে তাৰ সম্পূৰ্ণ বিপৰীত আছিল আহোমৰ কৰ্মসংস্কৃতি। বৰ্তমান চৰকাৰৰ মাহেকে ৩০০ টকা, ৮৫০ টকা, বিনামূলীয়া চাউল, স্কুটি, পইচা আদি দি মানুহক কৰ্মবিমুখ কৰি তোলাৰ বিপৰীতে কৰ্মক সংস্কৃতি হিচাপে গঢ়ি তুলিব পৰাটোৱেই আছিল আহোমৰ পৰাক্ৰমৰ মূলমন্ত্ৰ। কৰ্মক সংস্কৃতি হিচাপে গঢ় দিবলৈ হলে কৰ্ম আঁচনিভুক্ত হ’ব লাগিব আৰু সেই কৰ্মই ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ কল্যান সাধিব লাগিব। আহোম স্বৰ্গদেউসকলে দেশৰ প্ৰজাক নিৰ্দিষ্ট কৰ্ম আঁচনি আৰু নিয়মানুৱৰ্তীতাৰে কৰ্মঠ কৰি তুলিছিল। এইটোৱেই আছিল আহোম ৰাজশক্তি, যিয়ে সময়ে সময়ে আভ্যন্তৰীণ কলহ, কন্দলবোৰ কঠোৰ শক্তিৰে দমন কৰিছিল লগতে প্ৰৱল প্ৰতাপী মোগল শক্তিক সোতৰবাৰকৈ পৰাজিত কৰিছিল। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে সামৰিক শক্তিত ইমান প্ৰতাপী আহোম শাসন-তন্ত্ৰত সামৰিক সৈন্য বুলি এটা শ্ৰেণী সৃষ্টি হোৱা নাছিল। বৰ্তমান সময়ত প্ৰতিখন দেশতে এটা সামৰিক বাহিনী থাকে যি যুদ্ধ-বিগ্ৰহত অংশগ্ৰহণ কৰে আৰু যুদ্ধ বিগ্ৰহ নহলে বছৰ বছৰ জুৰি চৰকাৰী ধনেৰে ভোগ-বিলাস, আমোদ প্ৰমোদ কৰি কটায়। কিন্তু আহোম তন্ত্ৰ এনে আহোৱাহযুক্ত নাছিল। আহোম শাসন কালত প্ৰতিজন অসমীয়াই সুনিপুন যুদ্ধা, কৰ্মঠ কৃষক আৰু প্ৰতিজন মানুহেই প্ৰয়োজন হলে যিকোনো কৰ্ম কৰিব পৰাকৈ সুদক্ষ আছিল। মোগল সেনাপতি ৰাজপুত বীৰ ৰামসিংহই অসমীয়া সৈন্যৰ ভূয়সী প্ৰশংসা কৰি এইদৰে মন্তব্য কৰি গৈছে--"এই দেশৰ ৰজাৰ গৌৰৱ,পাত্ৰ-মন্ত্ৰীসকলৰ গৌৰৱ,সেনাপতিসকলৰ গৌৰৱ,সমগ্ৰ দেশখনৰ গৌৰৱ ৷ প্ৰতিজন অসমীয়া সৈন্যই নাও চলোৱা,কাঁড় মৰা,খাৱৈ খন্দা আৰু হিলৈ মৰা এই সকলোতে পাকৈত ৷ এনেদৰে সকলো কামতে পাকৈত ৰণুৱা মই ক'তো দেখা নাই ৷ আনকি মই, ৰামসিংহ ব্যক্তিগতভাৱে ৰক্ষণক্ষেত্ৰত থাকিও কোনো সুযোগ বা ছিদ্ৰ নাপালো ৷" এয়া কেনেকৈ সম্ভৱ হয়। সম্ভৱ হয় ৰাজতন্ত্ৰই কৰ্ম আঁচনিৰে দেশৰ জনগণক সকলো কৰ্মৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে, সম্ভৱ হৈছিল স্বৰ্গদেউসকলৰ সুপৰিকল্পিত কৰ্ম আঁচনিৰ বাবে। এনে সুপৰিকল্পিত কৰ্ম আঁচনিৰ দ্বাৰাহে জাতীয় জীৱনৰ কৰ্ম-সংস্কৃতিৰ ভেটি নিৰ্মাণ হোৱা সম্ভৱ। আহোম যুগত জনসাধাৰণক কৰ্মমুখী কৰি তুলিবৰ বাবে কৰ্ম আঁচনি যুগুতাই লোৱা হৈছিল আৰু এনে কৰ্ম আঁচনি অনুসৰিয়ে বৃত্তিগত খেল প্ৰথা প্ৰৱৰ্তন কৰা হৈছিল। এডোখৰ ঠাইৰ প্ৰজাৰ জীৱনধাৰা স্বচ্ছল হৈ উঠিব পৰাকৈ ঠাইডোখৰত বিবিধ প্ৰকাৰ বৃত্তগত লোকক বহোৱা হৈছিল। কমাৰ, কুমাৰ, কঁহাৰ, কাটনি, খনিকৰ, কাঠকটীয়া, গণক, গায়ন, গোৱাল, চমাৰ, ঢেকীয়াল, তিৰুৱাল, তাঁতী, চোলাধৰা, চাংৰুং, তেলী, নাপিত, ধোৱা, দুলীয়া, বাঢ়ৈ, বেজ, মালী, মুদৈ, লেখাৰু, সোণাৰী, শিলাকুটি আদি সকলো খেলৰ লোকক একেডোখৰ ঠাইতে বঢ়াইছিল। এনেধৰণৰ ভিন্নমুখী কৰ্মই অসম দেশৰ জনগণক শ্ৰমৰ মৰ্যদাৰ শিক্ষা দিছিল আৰু সমাজ বা বৃহত্তৰ অসমীয়া জাতিটো স্বনিৰ্ভৰ হৈ পৰিছিল। স্বনিৰ্ভৰশীল কৰ্ম-আঁচনিৰ বাবেই প্ৰজাসাধাৰণৰ প্ৰত্যাহিক জীৱন স্বচ্ছল হৈ উঠিছিল আৰু স্বচ্ছল অৱস্থাই সমাজ জীৱনলৈ সুস্থতা আনিছিল বাবে সাহিত্য, সংগীত, চিত্ৰ, স্থাপত্য-ভাস্কৰ্য শিল্পৰ দৰে সুকুমাৰ কলা-চৰ্চা কৰিবলৈ ৰজাঘৰে-প্ৰজাঘৰে সময়-সুবিধা লাভ কৰিছিল। আহোম শাসন কালত অসমৰ কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ কিছু বিষয়া প্ৰত্যক্ষভাৱে নিযুক্ত হৈছিল। তাৰে এজন উল্লেখযোগ্য বিষয়া আছিল মোমাই তামুলী। মো-মাই এটা টাই শব্দ যাৰ অৰ্থ অভিযন্তা। বহুল প্ৰচাৰিত বাক্য "লাচিতে মোমায়েকক কাটিলে" বাক্যষাৰত থকা ‘মো-মাই‘জনো আচলতে এজন অভিযন্ত্ৰাহে আছিল। দুখীয়া নিচলা মোমাই তামুলীয়ে সু-পৰিকল্পিত যিখন বাৰী পাতিছিল সেইখন আদৰ্শ বাৰীৰ কাষেৰে পাৰ হৈ যাওঁতে, বাৰীখন দেখি স্বৰ্গদেউ প্ৰতাপ সিংহ সাংঘাটিক ধৰণেৰে প্ৰভাৱিত হ’ল আৰু মোমাই তামুলীক বৰবৰুৱা পাতি সমগ্ৰ অসমতে এক আদৰ্শৱান কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ দায়িত্ব দিছিল। এফালে স্বৰ্গদেউ প্ৰতাপ সিংহৰ কৰ্ম চেতনা আৰু আনফালে মোমাই তামুলীৰ মৌলিক চিন্তাপ্ৰসূত বৈজ্ঞানিক কৰ্ম আঁচনি – এই দুই শক্তিয়ে আহোম সাম্ৰাজ্যক বিশ্বৰ বুকুতে অনন্য ঐশ্বৰ্যশালী কৰি তুলিছিল। মোমাই তামুলী বৰবৰুৱাই আহোম শাসনকালত নিজস্ব পৰিকল্পনাৰে প্ৰজাসকলৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ কৰা কেইটামান কাম তলত চমুকৈ আলোচনা উল্লেখ কৰিলোঁ। প্ৰতিখন গাঁৱৰ ইখনৰ লগত সিখনক সংলগ্ন কৰিব পৰাকৈ মোমাই তামুলীয়ে গঞা ৰাইজৰ হতুৱাই বাট-পথ নিৰ্মাণ কৰাইছিল। প্ৰতিঘৰ মানুহৰ নিজ নিজ বাৰীত চাৰিওফালে ঢাপ মাৰি জেওঁৰা দিয়াটো বাধ্যতামূলক কৰিছিল। তদুপৰি নিতৌ নিজৰ নিজৰ বাৰীত পুৰুষ-তিৰোতা সকলোৱে শ্ৰমদান কৰিব লাগিছিল। প্ৰত্যেকৰ বাৰীতে বিবিধ প্ৰকাৰৰ ফল- মূলৰ গছ ৰুবলৈ ৰাজকীয় আদেশ জাৰী কৰিছিল। ৰজাৰ আদেশ মৰ্মে প্ৰতিজন পুৰুষেই দিনত বাৰীত কাম কৰি ৰাতি হলেই বাঁহৰ পাচি-খৰাহী সাজি পিছদিনা ৰাজ বিষয়াক দেখুৱাব লগা হৈছিল। তিৰোতাসকলৰ বেলিকা আৰু অধিক কঠোৰ নিয়ম কৰা হৈছিল। তিৰোতাসকলে দিনটো বাৰীত কাম কৰাৰ উপৰিও ৰাতি প্ৰতিগৰাকী তিৰোতাই ১০ অঁৰা (এৱঁৰা গছ মুগাত ৫ টা থাকে, এৰি মুগা হলে এৱঁৰাত ৪ টা থাকে)কৈ সূতা কাটি দিব লাগিছিল। প্ৰতিঘৰ মানুহে এনে নিয়ম মানি কাম কৰিবলৈ বাধ্য আছিল। কোনো এলেহুৱা লোকে কাম নকৰি তদাৰকী বিষয়াক ভেটি দি যদি শাস্তিৰ পৰা বাচিবলৈ চেষ্টা কৰে তেন্তে ভেঁটি লওঁতা বিষয়াজনক গুৰুতৰ শাস্তি বিহা হৈছিল তথা ভেটি দিওঁতাত তাতোধিক শাস্তি প্ৰদান কৰা হৈছিল। চুপাত্ফা বা স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত এই কৰ্ম সংস্কৃতিৰ প্ৰয়োগ অধিক কঠোৰকৈ বলবত হৈছিল। ফলত কঠোৰ পৰিশ্ৰমেৰে এচাম লোকে দেশ-জাতিক আগবঢ়াই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ বিপৰীতে এচাম এলেহুৱাই কাম কৰাৰ পৰা বাচিবলৈ ৰাজকীয় পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সত্ৰসমূহত ভীৰ কৰিছিল। বিয়া-বাৰু নকৰাই উদাসীন ভকত হৈ সত্ৰসমূহত থকা লোকসকলৰ বাবে সম্পূৰ্ণ ৰাজকীয় পৃষ্ঠপোষকতাত থকা খোৱাৰ ব্যৱস্থা কৰা হৈছিল। ফলত কিছু বিয়া পতা লোকেও ঘৰ বাৰী এৰি কেৱলীয়া ভকত হৈ সত্ৰত থাকিবলৈ লয়। প্ৰচলিত আছে যে এই ভাওধৰা ভকতসকলৰ কথা গম পাই স্বৰ্গদেউ গদাধৰ সিংহই সকলো ভাওধৰা ভকতক ধৰি আনি চে-ৰাই-দৌৰ পৰা ৰংপুৰলৈকে এটা আলি বান্ধিবলৈ আদেশ দিলে – যিটো আলি আজিও অজৰ আমৰ হৈ ঢোদৰ আলি হিচাপে জনাজাত হৈ আছে। আহোম শাসনত প্ৰত্যেকেই ৰজাৰ ঘৰত পাল পাতি পাতি সৈনিক, আলধৰা, খেতি-খোলা কৰা, আলি বন্ধা, দোলা ভাৰ বোৱা, পুখুৰী খন্দা, দৌল দেৱালয় সজা আদি কাম কৰিবই লাগিছিল। অৰ্থাত প্ৰত্যেক কামতে প্ৰত্যেকজনেই পাকৈত হবই লগীয়া হৈছিল। এনে কৰ্মসংস্কৃতি পৃথিৱীৰ অন্য কৰবাত আছে নে নাই নাজানো, কিন্তু তাৰ বলতে আহোমসকলে ছশ বছৰ শাসন কৰিব পাৰিছিল। এই কথা-কামবোৰত উব্দুদ্ধ হবলৈয়ে আমি প্ৰত্যেকেই আহোম বুৰঞ্জীবোৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আহি পৰিছে।