সদস্য:Archana Borah/অগৰুৰ ব্যৱহাৰ
[1]অগৰুৰ বাবে অসম দেশ প্ৰখ্যাত ।মধ্য অসম আৰু ব্ৰহ্মপুত্ৰ দক্ষিণ কুলত প্ৰচুৰ পৰিমাণে অগৰু গছ থকাৰ সংবাদ ইতিহাসত পোৱা যায় ।ইয়াৰ আন নাম সাঁচি গছ ।ব্যক্তিগত,সামাজিক আৰু ধৰ্মীয় জীৱনত অগৰুৰ ব্যৱহাৰ অতি তাৎপৰ্যপূৰ্ণ ।প্ৰাগজ্যোতিষ বিজয়ৰ পিছত মধ্যম পাণ্ডৱ ভীমসেনে এই ৰাজ্যৰ পৰা অগৰু সংৰক্ষণ কৰাৰ কথা পোৱা যায় -মহাভাৰতৰ সভা পৰ্বত ।পাণ্ডৱ সকলে ৰাজসূয় যজ্ঞ কৰাৰ কালত প্ৰাগজ্যোতিষৰ পৰা অসামান্য মণি -মুক্তা আৰু স্বৰ্ণ ৰোপ্যৰ লগতে লাভ কৰিছিল সুগন্ধিযুক্ত অগৰু ।কালিদাসৰ ৰঘুবংশৰ ৰঘু কামৰূপলৈ আহোঁতে কালা গুৰুদ্ৰমত (অগৰু) তেওঁৰ হাতী বন্ধা কথা বিবৃত হৈছে ।কৌটিল্যৰ অৰ্থশাস্ততো উল্লেখ আছে -কামৰূপৰ ক্ষেত্ৰত অনান্য মূল্যবান গছৰ লগতে পোৱা যায় অগৰু গছ ।কুমাৰ ভাস্কৰ বৰ্মাই হৰ্ষ শিলাদিত্যলৈ পঠিয়াইছিল -কৃষ্ণ গুৰু তৈল(অগৰু গছ)।আইন-ই-আকবৰীৰ দ্বিতীয় খণ্ডত আছে -কামৰূপৰ পৰ্বতমালাত পোৱা প্ৰচুৰ পৰিমাণৰ আগৰ গছ কাটি তাৰ পৰা পোৱা লোকে অগৰু তেল উলিয়ায়।খৰালি কালত এই কাম আৰম্ভ হয় ।অগৰুৰ তেল প্ৰসাধন সামগ্ৰী।পুৰণি অসমত তুলাপাতৰ ব্যৱহাৰৰ পূৰ্বে পুথি-পাঁজি লিখা হৈছিল অগৰু বা সাঁচি গছৰ ছালৰ পৰা প্ৰস্তুত কৰা সাঁচিপাতত।
- ↑ দাস,ড°নাৰায়ণ আৰু ৰাজবংশী, ড°পৰমানন্দ (সম্পাদক) (২৭মে,১৯৯৬). অগৰুৰ ব্যৱহাৰ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ ,পাণবজাৰ ,গুৱাহাটী -১. পৃষ্ঠা. ৩২৬.