মহালয়াৰ তাৎপৰ্য:

'মহা' মানে 'পৰম' আৰু 'লয়' মানে বিলীন হোৱা। আন এটা দাৰ্শনিক মত অনুসৰি 'লয়' মানে তৰংগ(wave) অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ'ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়।

পবিত্ৰ মহালয়া প্ৰবাদ অনুসৰি, মহালয়াৰ এই বিশেষ দিনটোতেই ধৰালৈ শুভ শক্তিৰ আগমন ঘটে আৰু মহালয়াৰ পুৱাৰপবিত্ৰ বতাহজাকে সুস্থ কৰি তোলে সকলোৰে শৰীৰ-মন-আত্মা।

মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি আছেজনবিশ্বাস সাধাৰণৰ লোকসকলৰ বাবে এই মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি বুলি ধৰা হয় যদিও জ্যোতিষ শাস্ত্ৰত ইয়াৰআছে আন এক তাৎপৰ্য(Significance of Mahalaya) দেৱী দুর্গাৰ আগমণ আৰু গমনৰ ওপৰত ভিত্তি কৰিয়েই হিন্দুধর্মাৱলম্বী লোকসকলে দেশৰ ভৱিষ্যক পুৰ্বানুমান কৰে

জ্যোতিষ শাস্ত্ৰৰ মতে, মহালয়া পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ শুভ আৰম্ভণি এই দিনটোতে হিন্দু ধর্মাৱলম্বীলোকসকলৰ বহুতেই তেওঁলোকৰ পূৰ্ব পুৰুষসকলক স্মৰণ তথা তৰ্পণ কৰে(Mahalaya rituals and Tarpan) তৰ্পণৰঅৰ্থ হৈছে সন্তুষ্ট কৰা এই তৰ্পনৰ ফলত নৰকত থকা পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে আনকি পূৰ্বপুৰুষে মুক্তি লাভ কৰিলে তেওঁলোকৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে ধৰাত থকা কনিষ্ঠজনক আৰ্শীবাদ প্ৰদান কৰে বুলিলোকবিশ্বাস আছে সেয়েহে পূৰ্ব পুৰুষসকলৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত কৰা হয় তৰ্পণ

প্ৰবাদ অনুসৰি, মহালয়াৰ দিনটোতে ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্ব পুৰুষসকলক আগবঢ়াইছিল তৰ্পণ যাৰ ফলস্বৰূপেৰামচন্দ্ৰই পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি লাভ কৰিছিল

তাৰোপৰি, হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি, মহালয়াৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধকৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয় মহালয়াক নৱৰাত্ৰিৰ আৰম্ভণি বুলিও আছে জনবিশ্বাস মা দুৰ্গাৰনামত উৎসৰ্গিত এই দিনকেইটাত মাৰ ভক্তসকলে দিন উপবাসে থাকি তেওঁৰ নটা ৰূপক পূজা আগবঢ়ায়

লোক বিশ্বাস অনুসৰি, মহালয়াৰ এই দিনটোতে মা দুৰ্গাই তেওঁৰ সন্তান ক্ৰমে লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতেনাও, হাতী, ঘোঁৰা অথবা দোলাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহিছিল(Devi Durga arrival) সেইসময়তে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিছিল মহালয়াৰদিনটোত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে মহালয়াৰ দিনটোৰ পৰা সপ্তম দিনা মা দুৰ্গাৰ পূজা আৰম্ভ হয়আৰু দশম দিনা এই পূজা সমাপ্ত হয় (Mahalaya and Durga Puja)

আনকি এই মহালয়াৰ আৰম্ভ হোৱাৰ লগে লগে মৃন্ময় শিল্পীসকলেও দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ সানিবলৈআৰম্ভ কৰে আৰু ইয়াৰ পিছতেই এই নিৰ্জীৱ মূৰ্তিটোয়ে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে

দুৰ্গা দেৱীৰ বাহন সিংহ যদিও প্ৰত্যেকবাৰে মা মৰ্ত্যলৈ আহে বেলেগ বেলেগ বাহনত