সদস্য:DR DIPUL CH HALOI/জাপানীজ এনকেলাইটিছ

জাপানীজ এনকেলাইটিছ জাপানীজ এনকেলাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছজনীত ৰোগ | কিউলিছিন মহে এই ৰোগ বিয়পায় | এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল গ্ৰুপ বি আৰব’ভাইৰাছ | ই এটা প্ৰাণীজনীত ৰোগ(Zoonotic disease) | আক্ৰান্ত মহে কামোৰাৰ ৫-১০দিনৰ ভিতৰত লক্ষন দেখা যায় | বহু ক্ষেত্ৰত কোনো লক্ষন নাথাকে | ২৫০ জনৰ ভিতৰত এজনহে এই ৰোগৰ লক্ষণ দেখা যায় | প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামাকৰণ কৰা হৈছিল | কেনেকৈ বিয়পে : বনৰীয়া এবিধ চৰাইৰ দেহত (herons) এই ৰোগৰ বিজাণু থাকে(Reservoir)| হাঁহত এই ভাইৰাচ পোৱা গৈছে | আৰু কিউলেক্স মহে চৰাইবিধক কামুৰিলে ভাইৰাছ মহৰ দেহলৈ সংক্ৰমিত হয় | তাৰপাছত এই মহে গাহৰিৰ দেহলৈ ভাইৰাছটো বিয়পায় | মহে গাহৰিৰ পৰা মানুহক কামুৰিলে মানুহৰ শৰীৰলৈ ভাইৰাছটো তেজলৈ সংক্ৰমিত হয় | গতিকে : হেৰন > মহ > গাহৰি > মহ > মানুহ গাহৰিৰ দেহত ভাইৰাছবিধৰ দ্ৰুত বৰ্ধণ হয় | কি হয় : আক্ৰান্ত ব্যক্তিৰ কপনি জ্বৰ হ’ব পাৰে , মূৰৰ বিষ, গা ভাল নলগা, বা সাধাৰণ পানীলগা জ্বৰ হৈ আৰম্ভ হ’ব পাৰে | ১ পৰা ৬ দিনলৈ এই লক্ষণ সমূহ থাকে | জ্বৰ ১০০ ৰ পৰা ১০৪ ডিগ্ৰী ফাৰেইনহাইট পৰ্য্যন্ত হব পাৰে | কিছুমান আক্ৰান্ত লোকৰ কোনো লক্ষণেই নাথাকে | এনেকেফেলাইটিছ স্তৰত ডিঙিৰ জঠৰতা, গাৰ বিষ, দেহৰ এটা অংশ অসাৰ বা অতিশয় কপনি হোৱা দেখা যায় | মানসিক বাধাগ্ৰস্ততাৰ পৰা ক’মা অবস্থালৈ গতি কৰিব পাৰে | চিকিত্সা : এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিত্সা নাই | সহায়ক চিকিত্সা(Supportive treatment) হে কৰা হয় | নলীৰ সহায়ত খাদ্য দিয়া, চেলাইন, মেনিটল, জ্বৰ কমোৱা দৰব আদি দিয়া হয় | নহবলৈ কি কৰিব : • ঘৰৰ চাৰিও ফালে চিকুনকৈ ৰাখিব, • পানী জমা হবলৈ নিদিব, বন্ধ পানীত মহে কণী পাৰি বংশ বৃদ্ধি কৰে, • ডিডিটি ছটিওৱা কৰ্মীক ছটিওৱাত সহযোগিতা কৰক, ঘৰৰ ভিতৰতো , • কেতিয়া গাহৰিৰ গৰাল ঘৰৰ ওচৰত নাৰাখিব কাৰণ গাহৰিৰ পৰাহে মানুহলৈ মহে জেই ভাইৰাছ বিয়পায়, • সকলোৱে জাপানিজ এনাকেফেলাইটিছৰ টিকা লওক , • সাধাৰণ জ্বৰ হলেও চিকিত্সকৰ পৰামৰ্শ লওঁক |