প্ৰসন্ন পাম সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

ৰাভাকৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল,ইং ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজানা চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত৷ পিতৃৰ নাম- কমল কুমাৰ ৰাভা আৰু মাকৰ নাম- দাখেল বালা ৰাভা৷

শিক্ষা সম্পাদনা কৰক

বৰ্তমানৰ মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ মানিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰসন্ন পাম আগিয়া এম.ভি.স্কুলৰ পৰা উত্তীৰ্ণ হয়৷

জীৱনৰ কৰ্মৰাজী সম্পাদনা কৰক

প্ৰসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰিছিল৷ অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল৷ এইবোৰ গীতৰ কথা আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে৷ দ’দান বীৰ নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ মাৰুক্ষেত্ৰী(নাটক), সৃষ্টি বিধান, ময়ৰা শক্তি, লাঙামুক্তি, কামগিৰি শক্তি, পিদান সংসাৰ, মায়া হাছং, লেখা তেৱা জমা তাংচা, ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰৈ আছে৷

মৃত্যু সম্পাদনা কৰক

ইং ২০-২-১৯৭৮ তাৰিখে এক নিৰ্বাচনী প্ৰচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীৰ মৃত্যু হয়৷

তথ্য উৎস সম্পাদনা কৰক

[1]চমুটোকা: প্ৰসন্ন পাম৷

  1. https://www.dailyassam.com/2022/02/chapter-9-class-10-question-answer.html