সদস্য:JBDVIJASDVI/প্ৰমেয়কে প্ৰমাণ বোলা

কোনো লক্ষ্য ভেদ কৰাৰ বাবে এৰা বাণত যদি লক্ষ্য আগতেই আঁৰি থোৱা (খুঁচি থোৱা) থাকে তেন্তে সেই বাণ নিষিদ্ধ নকৰি উপায় নাই। যুক্তিসূত্ৰত এনে লক্ষ্যধাৰী যুক্তিবাণ[ভাল অনুবাদ লাগে] Begging the question (petitio principii) বিভ্ৰাট হিচাপে গন্য কৰা হয়।

কোনো যুক্তি সিদ্ধ কৰিবলৈ বা কোনো সিদ্ধান্তত উপনীত হোৱাৰ বা প্ৰমান কৰিবৰ লক্ষ্যেৰে যদি এনে যুক্তিবাণ এৰা হয় যত প্ৰামান্য তথ্য অথবা সিদ্ধান্তক অজানিতে বা চাতুৰ্য্যৰে আৰম্ভনিতেই সত্যজ্ঞান কৰি লোৱা হয় তেন্তে সেই যুক্তিবাণ বিভ্ৰাট গতিকে মান্যতাহীন হব।

লক্ষ্য আঁৰি থোৱা যুক্তিবাণ সততে চিনাক্ত কৰাতো কিছু কঠিন হব পাৰে। চতুৰ বক্তা বেছিভাগ ক্ষেত্ৰতে শব্দ-কৌশলৰ সহায়ত প্ৰয়োগ কৰা এনে যুক্তিবাণ এৰি ধৰা নপৰাকৈ সাৰি যায় । লিখিত বক্তব্যৰ সূক্ষ্ম অধ্যয়নত কেতিয়াবা এনে বিভ্ৰাট চকুত পৰে।

উদাহৰণ স্বৰূপে যদি কোনোবাই ধপাঁত খালে কিয় নিচা হয় এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে ধপাঁত নিচাযুক্ত দ্ৰব্য সেয়ে খালে নিচা হয় , তেন্তে এই বিভ্ৰাট সংঘটিত হোৱা প্ৰত্যক্ষ কৰিব পাৰি। ইয়াত ধপাঁতক নিচাযুক্ত দ্ৰব্য বুলি কোৱাৰ অৰ্থই হল যে ধপাঁত খালে নিচা হয় কিন্তু কিয় নিচা হয় তাৰ প্ৰকৃত উত্তৰ পোৱা নগল।

তেনেদৰে পৃথিৱীখন কিয় ঘূৰণীয়া এই প্ৰশ্নৰ উত্তৰত যদি কোনোৱে কয় যে পৃথিৱী খনৰ আকাৰ গোলকৰ দৰে হোৱাৰ বাবেই ঘূৰণীয়া , তেন্তে এই বিভ্ৰাটেই হোৱা দেখা যায়। পৃথিৱী খনৰ আকাৰ গোলকৰ দৰে বুলি কোৱাৰ মানেই হল পৃথিৱী খন ঘূৰণীয়া কিন্তু পৃথিৱী খন কিয় ঘূৰণীয়া হব লগা হল তাৰ কোনো যুক্তি নাহিল।

দুইক্ষেত্ৰতেই মূল প্ৰশ্নৰ পৰাই উত্তৰতো আওপকীয়াকৈ আহৰণ কৰা হৈছে যিটো উত্তৰ সঠিক যুক্তি নহয়।

কঠিন উদাহৰণ স্বৰূপে তলৰ বক্তব্য কেইটি মন কৰিব পাৰি

  • প্ৰত্যেকজন মানুহক কথা কোৱাৰ অধিকাৰ প্ৰদান কৰাটো দেশ এখনৰ বাবে সদায় লাভজনক কিয়নো দেশে বিভিন্ন গোষ্ঠীৰ প্ৰত্যেকজন মানুহক নিজৰ নিজৰ আৱেগ সমূহ কথাৰে প্ৰকাশ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়া উচিত।
  • বুৰঞ্জীৰ দৰে কামত নহা বিষয় স্কুলৰ পাঠ্যক্ৰমৰ পৰা উঠাই দিব লাগে কিয়নো বুৰঞ্জী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ একো কামত নাহে।