|
ৱিকিপিডিয়ালৈ আদৰিছোঁ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাৰ বাবে আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আশাকৰোঁ আগলৈকো আপুনি ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকিব। আপুনি সৃষ্টি কৰা এই প্ৰবন্ধটোৱে হয়তো ৱিকিপিডিয়াৰ নীতি-নিয়ম ঠিকমতে মানি চলা নাছিল। সেয়ে এই প্ৰবন্ধটোক আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে আৰু অধিক তথ্য থাকিব পাৰে, অনুগ্ৰহ কৰি সেয়া চাই লয় যেন। এই কামৰ বাবে আপুনি নিৰাশ নহ'ব। সদস্য পৃষ্ঠাত থাকিলেও আপুনি প্ৰবন্ধটো সম্পাদনাৰ কাম চলাই যাব পাৰে আৰু ইয়াৰ অলপ বিকাশ সাধন হোৱাৰ পাছত প্ৰবন্ধটো পুনৰ মুখ্য স্থানলৈ "স্থানান্তৰ" কৰি দিব পাৰিব। এইক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সম্মুখীন হ’লে আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত। |
| এই প্ৰবন্ধত কোনো কোনো স্থানত অন্য ভাষাৰ পৰা অসমীয়ালৈ অনুদিত শব্দ/বাক্যাংশ ব্যৱহাৰ কৰা দেখা গৈছে। ইয়াৰে কোনো কোনো অনুবাদ অ-যথাযথ/অপ্ৰয়োজনীয়/বিভ্ৰান্তিকৰ যেন ভাৱ হয়। এনে ক্ষেত্ৰত অনুগ্ৰহ কৰি (১) উপযুক্ত অনুবাদ/অনুলিপি কৰি বা (২) বন্ধনীৰ ভিতৰত মূল শব্দটো দি বা (৩) শব্দটোৰ পাচতে {{মূল শব্দৰ প্ৰয়োজন}} বা {{ভাল অনুবাদ লাগে}} বুলি লিখি বিভ্ৰান্তি দুৰ কৰাত সহায় কৰক। লগতে আলোচনা পৃষ্ঠাত আলোচনাও কৰিব পাৰে। |
হোজাৰ সত্যনিষ্ঠা[ভাল অনুবাদ লাগে] ( Argument from ignorance ) এক যুক্তি-বিভ্ৰাট। হোজাই যি দেখে বা শুনে তাকে সত্য-শুদ্ধ বুলি ভাবি সিদ্ধান্ত লয়। যুক্তিসূত্ৰত যেতিয়া কোনো বিচাৰোপস্থানক সত্য (বা অসত্য) বুলি দাঠি কোৱা হয় কিয়নো সেয়া অসত্য (বা সত্য) বুলি প্ৰমানিত হোৱা নাই তেতিয়া তেনে যুক্তিবাণত কেৱল হোজাহে আক্ৰান্ত হয় কিয়নো হোজাৰ সত্যনিষ্ঠ মন আৰু অধিক তদন্ত কৰিবলৈ অক্ষম বা অপাৰগ। হোজাৰ সত্যনিষ্ঠাই আন এক বিভ্ৰাট খাইনে পিন্ধে অৱস্থাৰ { False dilemma (false dichotomy, fallacy of bifurcation, black-or-white fallacy)} সৃষ্টি কৰিব পাৰে যেতিয়া কোনো এক বিচাৰোপস্থানক কেৱল সত্য বা অসত্য বা তেনে কোনো দুই ধৰণে গ্ৰহন কৰিবলৈ জোৰ দিয়া হয় যত হোজাই অজ্ঞানৱশতঃ আন কিবা হব পাৰে বুলি বা অন্য ধৰণে গ্ৰহন কৰিব পাৰি বুলি ভাবিব নোৱাৰে। তৰ্কত কেতিয়াবা প্ৰতিপক্ষই এনে বিভ্ৰাটৰ অৱতাৰণা কৰিলে আত্মপক্ষ সমৰ্থন কৰিবলৈ প্ৰতিপক্ষক তাহাঁতৰ গৰজত সেই যুক্তিক প্ৰমান কৰিবলৈ প্ৰত্যাহ্বান জনাব পাৰি।