তালিকাখন সৃষ্টি কৰাৰ বাবে অশেষ ধন্যবাদ বাইদেউ, আপোনাক জনাবলৈ পাই সঁচাকৈয়ে সুখী যে আমাৰ ওচৰত একাধিক উৎসত স্বৰ্গদেউসকলৰ সাঁচিপতিয়া আহোম নামসমূহ সংৰক্ষণ আছে চাবলৈ ইয়াত ক্লিক কৰক। আচলতে মই স্বৰ্গদেউসকলৰ প্ৰতিটো পৃষ্ঠাত আহোম লিপিৰ নামসমূহ ইতিমধ্যে যোগ কৰিলোঁ। আহোম লিপি পঢ়িবলৈ আৰু লিখিব নোৱাৰাৰ বাবে বহু লেখকে কেইবাটাও নাম ব্যৱহাৰ কৰিছিল যদিও এতিয়া আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি আৰু আহোম লিপিৰ সহায়ত আমি বানান আৰু উচ্চাৰণ দুয়োটা সহজেই গম পাব পাৰো! যদি আপুনি মোটামুটি মানক টাই উচ্চাৰণটো শুনিব বিচাৰে তেন্তে আপুনি http://ipa-reader.xyz/ ত söwkafāa‧ পেষ্ট কৰিব পাৰে! যদি আপুনি ভাবে যে মহেশ্বৰ নেওগৰ ব্যৱহৃত নাম আঁতৰোৱা অনুচিত তেন্তে আমি ইয়াক দুটা খণ্ডত ভাগ কৰিব পাৰো আহোম নাম আৰু মহেশ্বৰ নেওগৰ ব্যৱহৃত নাম। পিছে শুদ্ধ আহোম নামসমূহ আওকাণ কৰাটো মোৰ মতে ভুল হব। ধন্যবাদ।