সদস্য:Pranamikaadhikary/হেম বৰুৱাৰ ভ্ৰমণ সাহিত্য

অসমীয়া ভাষাত হেম বৰুৱাই আন আন পুথিৰ লগতে এলানি ভ্ৰমণ সাহিত্য ৰচনা কৰিছিল৷ সেইকেইখন হ’ল, সাগৰ দেখিছা (১৯৫৪ চন), সানমিহলি (১৯৫৭চন), ৰঙা কৰবীৰ ফুল (১৯৫৮ চন), মেকং নৈ দেখিলোঁ(১৯৬৭ চন) আৰু ইজৰাইল (১৯৭০ চন)[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

১৯১৫ চনত জন্ম লাভ কৰা হেম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল আৰু জগন্নাথ বৰুৱা কলেজ আৰু বি বৰুৱা কলেজত শিক্ষকতা কৰাৰ উপৰি স্বাধীনতা আন্দোলনতো অংশ গ্ৰহণ কৰিছিল৷ একেৰাহে তিনিবাৰ তেওঁ সাংসদ নিৰ্বাচিত হৈছিল৷ পচোৱা নামৰ আলোচনী আৰু আসাম এক্সপ্ৰেছ নামৰ দৈনিক কাকতৰো তেওঁ সম্পাদনৰ কৰিছিল৷[2]

ভ্ৰমণ সাহিত্য সম্পাদনা কৰক

(১) সাগৰ দেখিছা: - ১৯৫৩ চনত আমেৰিকা ভ্ৰমণলৈ গৈ তাৰ ৱাশ্বিংটন, নিউয়ৰ্ক, বোষ্টন, ছানফ্ৰান্সিছকো, ডাৰহাম আদি চহৰ ঘূৰি তাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান, চহৰৰ বাসিন্দাসকলৰ কৰ্মহীনতা তথা নিবনুৱা সমস্যাৰ কথা বৰ্ণনা কৰিছে৷ ৰাজনৈতিক কাৰণত যাত্ৰা কৰিলেও তেওঁৰ চকু কেৱল ৰাজনীতিত আৱদ্ধ নহৈ মানৱতাৰ দৃষ্টিভঙ্গীৰে তেওঁ বিষয়বোৰ অৱলোকন কৰিছে আৰু আমেৰিকাৰ বৈদেশিক নীতিৰ বিষয়েও তেওঁৰ কাৰ্যক্ৰমণিকাৰ মাজেৰে উল্লেখ কৰিছে৷

(২) সানমিহলি:- এইখন এখন প্ৰবন্ধ সংকলন৷ ইয়াত ব্ৰহ্মদেশ আৰু চীন ভ্ৰমণ সম্পৰ্কে কেইটামান লেখা সন্নিৱিষ্ট কৰা আছে৷

(৩) ৰঙা কৰবীৰ ফুল:- ৰাছিয়া ভ্ৰমণকালত তেওঁ লাভ কৰা অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰি লিখিছে ৰঙা কৰবীৰ ফুল৷ কিতাপখনত মুঠ পাঁচটা অধ্যায়ত ৰাছিয়াৰ শিল্পকলা, ৰাজনীতি, কৃষি, আৰু ৰাছিয়াৰ আৰ্ট গেলেৰী আদিৰ বিষয়ে লিখাৰ মাজেৰে তেওঁ ৰাছিয়াৰ মানুহৰ কৰ্মোদ্যম আৰু সময়ানুৱৰ্তিতাৰ কথা লিখিছে৷

(৪) ইজৰাইল:- ইজৰাইল ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰি ইজৰাইল নামৰ কিতাপখনত বৰুৱাই লিখিছে ইজৰাইলী লোকৰ সাধাৰণ জীৱন যাপনৰ কথা৷ ইয়াত ধনী দুখীয়া, গাঁও চহৰৰ মানুহৰ মাজত কোনো প্ৰভেদ নাই৷ মন্ত্ৰী, আমোলা, খেতিয়ক বা আন সাধাৰণ মানুহক কাকো ইয়াত বিশেষভাৱে চিনাক্ত কৰিব নোৱাৰি৷ এইখন ভ্ৰমণ কাহিনীত লেখকে ভাষা বিষয়ক আলোচনাও বৰ গভীৰভাৱে কৰিছে৷ হিব্ৰু, সংস্কৃত আৰু লেটিন-- এই তিনি ভাষাই পৃথিৱীৰ পুৰণি ভাষা বুলি আলোচনা আগবঢ়াইছে৷

(৫) মেকং নৈ দেখিলোঁ:- লেখক বৰুৱাৰ পঞ্চম তথা শেষ ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থ৷ থাইলেণ্ড, কম্বোডিয়া, লাওছ, মালয়েছিয়া আৰু ছিংগাপুৰ ভ্ৰমণ কৰি পোৱা জ্ঞান-অভিজ্ঞতাৰে বৰুৱাই এই কিতাপখন লিখিছে৷[3]

ভ্ৰমণ সাহিত্য ব্যক্তিনিষ্ঠ সাহিত্য৷ ভ্ৰমণ কাহিনী সম্পৰ্কে হেম বৰুৱাৰ ভাষাত “দেশ ভ্ৰমণ আৰু কিতাপ অধ্যয়ন - এই দুয়োটা সমপৰ্যায়ৰ কথা৷ মানুহৰ অন্তৰাত্মাত নজনাক জানিবলৈ নুবুজাক বুজিবলৈ সদায়ে এক ধাউতি বিদ্যমান৷ এইকাৰণে মানুহে কিতাপ পঢ়ে বা দেশ ভ্ৰমণ কৰে৷’’ [4] হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যই দেশ আৰু মানুহক জনাৰ অৱকাশ দিয়ে৷ অসমীয়া ভ্ৰমণ সাহিত্যক তেওঁ তেওঁৰ লিখনিৰে জনপ্ৰিয় কৰি গৈছে৷

হেম বৰুৱাৰ ৰচনা সম্বন্ধে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে, “প্ৰতিটো বাক্যতে জীৱনৰ প্ৰতি তেওঁৰ প্ৰচণ্ড ইন্দ্ৰিয়গ্ৰাহ্য প্ৰেম, মানুহৰ ওপৰত অপৰিসীম আস্থা, আৰু নিজৰ ওপৰত প্ৰচণ্ড আত্মবিশ্বাসৰ প্ৰকাশ৷ জীৱনক ভাল পাবলৈ শিকোৱা ৰসগ্ৰাহী লেখকসকলৰ ভিতৰত হেমবৰুৱাক শীৰ্ষস্থান দিব লাগিব৷’’৷[5]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া জীৱনী অভিধান, ড° শিৱনাথ বৰ্মন, পৃ:নং; ২৮১, প্ৰকাশক: অনন্ত হাজৰিকা, বনলতা, ১৯৯২
  2. বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ৩৬৪, চন্দ্ৰ প্ৰকাশ, ২০১৪
  3. হেম বৰুৱাৰ ভ্ৰমণ সাহিত্য, সুপ্ৰীতি বৰুৱা, লেখিকা, সদৌ অসম লেখিকা সমাৰোহৰ বাৰ্ষিক মুখপত্ৰ, পৃ:নং; ২৫৯-২৬৩,২০১৭ চন
  4. ইজৰাইল, হেম বৰুৱা, পাতনি, ১৯৭০ চন
  5. এশ বছৰৰ অসমীয়া গদ্য সাহিত্য, সম্পা: ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, পৃ:নং; ২১১, শিল্পীঘৰ, ১৯৯৯