এজন স্কুলীয়া ল'ৰা, তৃতীয় কি চতুৰ্থ শ্ৰেণীত পঢ়ে। আখৰ দেখিলেই হ'ল, চাইনব'ৰ্ডৰ পৰা আৰম্ভ কৰি গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি যিয়েই নাপাওক পঢ়ি পেলায়। কাৰোবাৰ ঘৰলৈ গ'লে পঢ়িবলৈ একো নেপালে সেইঘৰৰৰ দাদা, বাইদেউ আদিৰ স্কুল-কলেজৰ পাঠ্য-কিতাপকে পঢ়ে। লিখেও। গল্প, কৱিতা আনকি "কমিক" পৰ্য্যন্ত "লিখে"। বিশেষকৈ সেই সময়ত চলি থকা অসম আন্দোলনৰ আৱেগৰ সময়ত জাতিয়তাবাদী কবিতা লিখি অনেকৰ পৰা প্ৰশংসাও লভিছিল। তেওঁৰ মাক-দেউতাকেও সীমিত সামৰ্থ্যৰে যেনেকৈ পাৰে যিমান পাৰে তেওঁক পঢ়িবলৈ যোগাৰ কৰি দিছিল।

সেই উৎসাহত ভেটাও নপৰাকৈ থকা না্ছিল। মূল বাধা আছিল ঘৰৰ অৰ্থনৈতীক অৱস্থা। এবাৰ তেওঁ কিবা কামত এজন মানুহৰ পৰা তেওঁলোকৰ ফাটি-ছিটি যোৱা অভিধানখন বিচাৰোঁতে কটু কথা শুনি মনত বৰ দুখ পাই্ছিল।

অসমৰ চুকে কোণে বিচাৰিলে এনে ছাত্ৰ কিজানি ডজনে ডজনে ওলাব। তেওঁলোকৰ কাৰণে আমি কি কৰিব পাৰোঁ?

আংশিক উত্তৰ হৈছে ইন্টাৰনেট। সুলভ আৰু সস্তা। আজিকালি ধনী-দুখীয়া নিৰ্বিশেষে অনেক ল'ৰা ছোৱালীক মবাইলেৰে "ফেচবুক কৰা" দেখা পাওঁ। আমাৰ সেই ল'ৰাজন আজিৰ দিনত হোৱাহ'লে নিশ্চৰ কমদামী বা চেকেণ্ড হেণ্ড মবাইল এটা কিনি বা খুজি আনি "পঢ়িলেহেঁতেন"। কিন্তু কি পঢ়িলেহেঁতেন? অসমীয়া ভাষাৰ তথাকথিত "গাঁৱলীয়া স্কুল"ত পঢ়া খেতিয়কৰ ল'ৰাটোক পঢ়িবলৈ দিবলৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ কিবা সমল আছেনে? সেয়া পৰ্য্যাপ্তনে?

এদিন পুৰণি কিতাপ খুচৰি ফুৰোঁতে মোৰ হাত পৰিছিল দেউতাই কোনোবা কাহানিয়েই কিনি থোৱা ৰিডাৰ্চ ডাইজেষ্টে প্ৰকাশ কৰা তিনিটা খণ্ডৰ এখন বিশ্বকোষত। মই যেন ৰত্নভাণ্ডাৰ এটাহে বিচাৰি পালোঁ! অসমীয়া মাধ্যমত পঢ়া কাৰণে তেতিয়া ইংৰাজী পঢ়িব নোৱাৰি্ছিলোঁ, সেয়ে দেউতাই পঢ়ি দিছিল। কিতাপকেইখন এতিয়াও সযতনে থৈ দিয়া আছে।

সেয়ে ইংৰাজী ৱিকিপিডিয়াৰ পৰা আঁত ধৰি যেতিয়া অসমীয়া ৱিকিপিডিয়াৰ ৱেবচাইট টো বিচাৰি পালোঁ মোৰ মন আনন্দত ভৰি পৰিল। মোৰ প্ৰশ্নৰ দ্ৱিতীয় অংশৰ উত্তৰ পাই গ'লোঁ। এখন বিনামূলীয়া বিশ্বকোষতকৈ জ্ঞানৰ বিশাল ভাণ্ডাৰ আৰু কি হ'ব পাৰে?

এখন মুক্ত আৰু বৃহৎ বিশ্বকোষ এটা প্ৰগতিকামী জাতিৰ সংস্কৃতিৰ পৰিচয় আৰু উন্নতিৰ মাপদণ্ড হ'ব পাৰে। অসমীয়া ৱিকিপিডিয়াৰ দৰে এক মহৎ প্ৰচেষ্টাৰ ভাগীদাৰ হ'বলৈ পাই মই গৌৰবান্বিত। তাতোকৈ গৌৰবান্বিত হৈছোঁ মুষ্টিমেয় হ'লেও বহল দৃষ্টিভংগীৰ অসমীয়া ৱিকিপিডিয়ানসকলৰ লগত পৰিচয় হ'বলৈ পাই, কান্ধত কান্ধ মিলাই এক পৰিয়ালৰ দৰে অসমীয়া ভাষা আৰু জাতিৰ উন্নতিৰ বাবে এক অৰ্থবহ কাম কৰিবলৈ পাই। অসমীয়া ৱিকিপিডিয়া অসমীয়া জাতিৰ সুস্থ জাতীয়তাবাদৰ প্ৰতীক হওক।