সদা বেজবৰুৱা (ইংৰাজী: Soda Bezboruah) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ লেখক।

সদা বেজবৰুৱা
জন্ম ২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৩৪
শ্বিলঙৰ মৈদাম লাবানত
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৩৪ চনত তেখেতৰ জন্ম হয়। পিতৃৰ নাম মুকুটৰাম বেজবৰুৱা।[1]

শিক্ষা সম্পাদনা কৰক

  • তেখেতে  আউনীআটী কমলদেৱ,কটন কলেজিয়েট উচ্চ বিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰে। বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। বেজবৰুৱাদেৱে স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া ভাষা শাখাত লাভ কৰে।
  • তেখেতে ১৯৬২ চনৰ পৰা ১৯৬৪ চনলৈ Institute of Oriental Philosophy, Vrindaban, U.P ত  গৱেষণা শেষ কৰিছিল। ১৯৬৮ত Assamese Version of the Mahabharata during the Vaisnava Period বিষয়ত D. Phil ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন সম্পাদনা কৰক

  • সদা বেজবৰুৱাই চাংসাৰি আৰু হেকৰা উচ্চ বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কাম কৰিছিল।
  • ১৯৬৪ চনৰ পৰা ১৯৯৪ চনলৈ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল।
  • ১৯৯৫ চনৰ পৰা ধুবুৰী আদালতত অধিবক্তাৰ কাম  কৰিছিল।
  • ধুবুৰী আইন মহাবিদ্যালয়ৰ প্ৰবক্তা ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ। [2]

সাহিত্যৰাজি সম্পাদনা কৰক

সদা বেজবৰুৱাৰ ১৯৫৯ৰ পৰা প্ৰবন্ধ প্ৰকাশ হৈছিল।

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • জ্যোতি, (১৯৯৯) (প্ৰবন্ধ)
  • হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত
  • হৰ-গৌৰী সংবাদ
  • কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ
  • ৰুদ্ৰ কন্দলীৰ সাত্যকি প্ৰৱেশ।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড). পৃষ্ঠা. ৪৬২. 
  2. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড). পৃষ্ঠা. ৪৬২. 
  3. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড). পৃষ্ঠা. ৪৬২.