সবিতা গোস্বামী (ইংৰাজী: Sabita Goswami) আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক।[1] সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল।[2] শিক্ষক ৰূপে অৰুণাচলৰ বহু ভিতৰুৱা অঞ্চলত গোস্বামীয়ে কাম কৰিছিল আৰু স্বামীৰে সৈতে গোৱাত থকা সময়ছোৱাত সাংবাদিকতাৰ জগতখনত ভৰি দিছিল। পিছলৈ তেখেতে নৰ্থ ইষ্ট টাইমচ্‌ নামৰ এখন কাকত প্ৰকাশ কৰিছিল আৰু কাকতখনৰ সম্পাদকো আছিল তেওঁ নিজে। তেখেতৰ ব্যক্তিগত আৰু সামাজিক জীৱনক লৈ গোস্বামীয়ে তেখেতৰ আত্মকথা 'মন গংগাৰ তীৰত' লিখি উলিয়াইছে।[1] কিতাপখন অসমীয়া সাহিত্যত এক মাইলৰ খুঁটি। কিতাপখন Along the Red River[3] নামেৰে ইংৰাজীলৈ অনুবাদ হৈছে।

সবিতা গোস্বামী

কাকত পঢ়াত নিমগ্ন সবিতা গোস্বামী
জন্ম তেজপুৰ, অসম
পেচা শিক্ষকতা, সাংবাদিকতা, কাকতৰ সম্পাদক
জনা যায় উত্তৰ-পূৱ ভাৰতৰ বিবিচিৰ সাংবাদিক
সন্তান ত্ৰিবেণী গোস্বামী মাথুৰ, নন্দিনী গোস্বামী

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 প্ৰাণজ্যোতি নাথ (শনিবাৰ, ৩০ জানুৱাৰী, ২০২১). "পতনমুখী জীৱনক পুনঃনিৰ্মাণ কৰা সবিতা গোস্বামী". নিয়মীয়া বাৰ্তা. পৃষ্ঠাসমূহ: পৃষ্ঠা:৭, নাৰী পৃষ্ঠা. https://niyomiyabarta.com/epaper/30012021/details.php?date=30012021&page=7&article=4.gif&cid=4। আহৰণ কৰা হৈছে: ১ ফেব্ৰুৱাৰী, ২০২১. [সংযোগবিহীন উৎস]
  2. অৰ্চনা নাথান (১৬ আগষ্ট, ২০১৮). "আশীৰ দশকৰ সাংবাদিকতাৰ অগ্ৰদূত সবিতা গোস্বামী". Sroll.in. https://scroll.in/reel/889855/a-documentary-remembers-sabita-goswami-the-only-female-reporter-in-the-north-east-in-the-80s। আহৰণ কৰা হৈছে: ১ ফেব্ৰুৱাৰী, ২০২১. 
  3. অনুবাদ- ত্ৰিবেণী গোস্বামী মাথুৰ. "এলং দ্য ৰেড ৰিভাৰ". জুবান. https://zubaanbooks.com/bookauthor/sabita-goswami/। আহৰণ কৰা হৈছে: ১ ফেব্ৰুৱাৰী, ২০২১.