সমকামিতা আৰু মনোবিজ্ঞান

মনোবিজ্ঞানসমকামিতাক মানৱ যৌন অভিমুখীতাৰ এটা ভাগ হিচাপে বিস্তৃত ভাবে অধ্যয়ন কৰা হয়। চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ , অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।[1] বৰ্তমান বৃহৎ সংখ্যক বৈজ্ঞানিক প্ৰমানে দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।[2]

ইতিহাস সম্পাদনা কৰক

১৯৯০ চনত বিশ্ব স্বাস্থ্য সংস্থাই সমকামিতাক ICD-10 ৰ পৰা আঁতৰাই দিয়ে যাক ৪৩তম বিশ্ব স্বাস্থ্য সমাৰোহত সমৰ্থন কৰা হয়।[3] আমেৰিকাৰ মনোৰোগ সংস্থাই সমকামিতাক ১৯৫২ চনত "মানসিক ৰোগৰ নিৰ্ণায়ক আৰু পৰিসাংখ্যিক হাতপুথি"ৰ প্ৰথম সংস্কৰণত সংযুক্ত কৰিছিল কিন্তু এই সংযুক্তি ৰাষ্ট্রীয় মনোস্বাস্থ্য সংস্থাই বৰঙনি দিয়া গৱেষণাৰ সমীক্ষাত আছিল। পিছে সেই গৱেষণা আৰু অন্যান্য অধ্যয়ন সমূহে সমকামিতাক অন্য যৌন অভিমুখীতাৰ দৰে স্বাভাৱিক, প্ৰাকৃতিক আৰু মানৱ অভিমুখিতাৰ এটা সুস্থ প্ৰকাশ নহয় বুলি বৈজ্ঞানিক ভিত্তিত প্ৰমাণ কৰাত বিফল হৈছিল। বৈজ্ঞানিক গৱেষণাৰ ফলস্বৰূপে আমেৰিকা মনোৰোগ সংস্থাই ১৯৭৩ চনত "মানসিক ৰোগৰ নিৰ্ণায়ক আৰু পৰিসাংখ্যিক হাতপুথি"ৰ তৃতীয় সংস্কৰণৰ পৰা সমকামিতাক আঁতৰাই দিয়ে। বৈজ্ঞানিক তথ্যৰ বিস্তৃত সমীক্ষাৰ পাছত আমেৰিকাৰ মনোবিজ্ঞান সংস্থাই ১৯৭৫ চনত সকলো মানসিক স্বাস্থ্যৰ বিশেষজ্ঞসকলক মানসিক ৰোগ আৰু সমকামিতাৰ ওপৰত সৃষ্টি কৰা লাঞ্চনাক আঁতৰোৱাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।. ১৯৯৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰীয় সমাজকর্মী সংস্থাই বৈজ্ঞানিক প্ৰমাণ অনুসৰি একেই পদক্ষেপ গ্ৰহণ কৰে।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. American Psychological Association: Appropriate Therapeutic Responses to Sexual Orientationhttp://www.apa.org/pi/lgbt/resources/therapeutic-response.pdf
  2. Royal College of Psychiatrists - Submission to the Church of England’s Listening Exercise on Human Sexuality. http://www.thinkinganglicans.org.uk/uploads/rcp.html
  3. Stop discrimination against homosexual men and women". World Health Organisation — Europe. 17 May 2011 [1] Archived 2021-11-22 at the Wayback Machine