সমষ্টিবাদী অৰ্থনীতি
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
সমষ্টিবাদী অৰ্থনীতি (ইংৰাজী: Macroeconomics) হ’ল অৰ্থনীতিৰ এটা ভাগ য’ত সামগ্ৰীক ভাৱে অৰ্থনীতিখন বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয়। [1] সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ, যেনে - সম্পূৰ্ণ নিয়োগ সমস্যা, সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান, ৰাষ্ট্ৰীয় সঞ্চয় আৰু বিনিয়োগ ইত্যাদিৰ অধ্যয়নেই হৈছে সমষ্টিবাদী অৰ্থনীতি।
সংজ্ঞা
সম্পাদনা কৰকসমষ্টিবাদী অৰ্থনীতিৰ ইংৰাজী প্ৰতিশব্দ Macroeconomics (মেক্ৰইকনমিক্স) শব্দটো গ্ৰীক শব্দ ‘Makros’ (মেক্ৰছ) ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে বৃহৎ বা ডাঙৰ।
সমষ্টিবাদী অৰ্থনীতিৰ সূত্ৰ হ’ল - “অৰ্থনৈতিক বিশ্লেষণৰ সেই ভাগকেই সমষ্টিবাদী অৰ্থনীতি বুলি ক’ব পাৰি, যি ভাগে এটা বিশেষ গোটৰ পৰিৱৰ্তে আটাইবোৰ গোটৰ অৰ্থনৈতিক আচৰণ একেলগে অধ্যয়ন কৰে।”
বিকল্প নাম
সম্পাদনা কৰকসমষ্টিবাদী অৰ্থনীতিক ‘আয় আৰু নিয়োগ তত্ত্ব’ বুলিও কোৱা হয়। যিহেতু ইয়াৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়সমূহ সমাজৰ আয় আৰু নিয়োগ নিৰ্ধাৰণৰ সৈতে জড়িত সেইবাবে ইয়াক ‘আয় আৰু নিয়োগ তত্ত্ব’ বুলিও অভিহিত কৰা হয়।
সমষ্টিবাদী অৰ্থনীতিৰ পৰিসৰ
সম্পাদনা কৰকসমষ্টিবাদী অৰ্থনীতিৰ পৰিসৰ অতি ব্যাপক। ইয়াৰ পৰিসৰখিনি ৰাষ্ট্ৰীয় আয়, উৎপাদন আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰা উপাদানবোৰৰ বিশ্লেষণ,বিতৰণ তত্ত্ব,অৰ্থনৈতিক উন্নয়ন আৰু ইয়াৰ দীৰ্ঘম্যাদী অৰ্জন পদ্ধতি,আন্তৰ্জাতিক বাণিজ্য তত্ত্ব, মুদ্ৰা, বাণিজ্য চক্ৰ আৰু মুদ্ৰাস্ফীতি বা মুদ্ৰা অৱক্ষয় আদিলৈ বিস্তৃত।