সমাস (ইংৰাজী: Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ।[1] বাক্য বা প্ৰকাশিত মনৰ ভাৱ চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।

সংস্কৃত ব্যাকৰণ মতে সমাসৰ সংখ্যা বেছি হ'লেও সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক হোৱা বাবে অসমীয়াত প্ৰধানকৈ ছয়বিধ[2][3] সমাস আছে-

  1. দ্বন্দ্ব সমাস
  2. দ্বিগু সমাস
  3. বহুব্ৰীহি সমাস
  4. কৰ্মধাৰয় সমাস
  5. তৎপুৰুষ সমাস
  6. অব্যয়ীভাৱ সমাস

দ্বন্দ্ব সমাস

সম্পাদনা কৰক

দুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি সমাস কৰিলেই দ্বন্দ্ব সমাস বলে। ই তিনিবিধ - (ক) ইতৰেতৰ (খ) সমাহাৰ আৰু (গ) একশেষ দ্বন্দ্ব সমাস।[4][5]

ইতৰেতৰ দ্বন্দ্ব সমাস

সম্পাদনা কৰক

সমাসৰ সমস্তপদ সমস্যমান পদবোৰৰ অৰ্থ স্পষ্ট হৈ থাকে বা অৰ্থ প্ৰধানভাবে থাকে তাকেই ইতনেতৰ সমাস বোলে। যেনে, ৰাম আৰু লক্ষ্মণ - ৰামলক্ষ্মণ, ধেনু আৰু শৰ ধেনুশৰ; উচ্চাৰণ সহজ সাধ্য কৰিবলৈ বা শ্ৰুতিমাধুৰ্যৰ বাবে এই সমাসত দীঘলীয়া পদটি সাধাৰণতে শেষৰ ফালে বহে। নাইবা প্ৰথম পদৰ শেষাংশ লোপ পায়। যেনে, ভাই আৰু ককাই—ভাইককাই, জয় আৰু পৰাজয় জয়পৰাজয়; আকৌ দুই বা ততোধিক বিশেষণ পদৰো সমাস হয়, যেনে— ভাল আৰু বেয়া ভালবেয়া, সাধু আৰু সন্ত- সাধুসন্ত ইত্যাদি। স্ত্ৰীলিংগ আৰু পুংলিংগ পদৰ সমাস হ'লে সাধাৰণতে স্ত্ৰীলিংগবাচক পদটো আগত বহে। যেনে, ৰাধা আৰু কৃষ্ণ— ৰাধাকৃষ্ণ, সাৱিত্ৰী আৰু সত্যবান- সাৱিত্ৰীসত্যৱান, জায়া আৰু পতি— দম্পতী, * জম্পতা, জায়াপতী (দম্পতী, জম্পতি বা জায়াপতি)।

সমাহাৰ দ্বন্দ্ব সমাস

সম্পাদনা কৰক

যি দ্বন্দ্ব সমাসত অনেক সমাস হৈ ব্যস্ত পদবোৰৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে তাকেই সমাহাৰ দ্বন্দ্ব বোলে। যেনে, 'কাঁহিবাটিয়ে কেৱল কাঁহী আৰু বাটিকেই বুজোৱা নাই কাঁহী, বাটি আৰু এই জাতীয় লোটা, ঘটী, কলহ আদিকো বুজায়। কিন্তু কেৱল কাঁহী আৰু বাটিকেই বুজালে ইতৰেতৰ দ্বন্দ্ব সমাস হ’ব। তেনেকৈ ‘আমকঁঠাল, আম-কঁঠালৰ বাৰী বুলিলে আম, কঁঠাল আৰু এই জাতীয় অন্যান্য ফলৰ বাৰীকেই বুজায়। তেনেকৈ তেলটেঙা, ভাতমাছ ইত্যাদি। নামধাতু বা তুমৰ্থক ক্ৰিয়াৰো সমাহাৰ দ্বন্দ্ব হয়।

একশেষ দ্বন্দ্ব সমাস

সম্পাদনা কৰক

একশেষ দ্বন্দ্ব সমাসত ব্যস্তপদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্তপদটোহে বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। বাকী ব্যস্তপদবোৰ লোপ পায়। এই দ্বন্দ্ব সমাসত কেইবাটাও শব্দৰ সলনি একেটি অৱশেষ থাকে আৰু সিয়ো বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। সেই বহু বচনযুক্ত পদটিয়ে আটাইবোৰ ব্যস্তপদকেই বুজায়, সেইবাবেই ই একশেষ দ্বন্দ্ব সমাস। যেনে- ৰাম, হৰি, যদু, মধু, আদি ‘ৰামহঁত’, পিতা, খুৰা আদি ‘পিতাহঁত’, ‘আহমেদ, আফান আদি 'ৰুস্তমহঁত, 'ৰংপি’ তেৰণ আদি ৰংপিহঁত।

দ্বিগু সমাস

সম্পাদনা কৰক

দুই বা তাতোকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।[6] উদাহৰণ:

  • ত্ৰিফলা = তিনি ফলৰ সমাহাৰ।
  • দোমাহী = দুই মাহৰ সমাহাৰ।

দ্বিগু সমাসত কেতিয়াবা অ-কাৰণ্ত পদৰ পিছত 'আ' বা 'ঈ' যোগ কৰা হয়।

বহুব্ৰীহি সমাস

সম্পাদনা কৰক

যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজাই আন কোনো বিশেষ অৰ্থহে বুজায়, তাকে বহুব্ৰীহি সমাস বোলে।[7] বহুব্ৰীহি সমাস তিনি প্ৰকাৰৰ-

  • কৰ্মধায় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি
  • ব্যাধিকৰণ বহুব্ৰীহি বা তৎপুৰুষ বহুব্ৰীহি
  • ব্যতিহাৰ বহুব্ৰীহি

সমানাধিকৰণ বহুব্ৰীহি সমাস

সম্পাদনা কৰক

সমস্যমান বিশেষ্য আৰু বিশেষণ পদ একে বিভক্তিত থাকি দুয়োটাৰে সংযোগত সিদ্ধ হোৱা বহুব্ৰীহি সমাসক সমানাধিকৰণ বহুব্ৰীহি সমাস বোলে। উদাহৰণ–

  • পীত (হালধীয়া) অম্বৰ (কাপোৰ ) যাৰ = পীতাম্বৰ

উক্ত উদাহৰণটোত সমস্যমান পদ বা ব্যস্ত পদ (পীত) বিশেষণৰ দৰে ব্যৱহাৰ হৈছে আৰু অম্বৰ (কাপোৰ) ৰ লগত তুলনা বুজাইছে। গতিকে ই সমানাধিকৰণ বহুব্ৰীহি সমাস।

ব্যধিকৰণ বহুব্ৰীহি সমাস

সম্পাদনা কৰক

যি বহুব্ৰীহি সমাসত সমস্যমান পদে অধিকৰণ অৰ্থ প্ৰকাশ কৰে তাকেই ব্যধিকৰণ বহুব্ৰীহি সমাস বোলে। বহুব্ৰীহি ব্যধিকৰণ সমাসত সমস্যমান বিশেষ্য পদ দুটা একে বিভক্তিত নাথাকে আৰু এটা বিশেষ্য পদত সপ্তমী বিভক্তি যোগ হয়। উদাহৰণ–

  • বনত যি ভোজ হয় = বনভোজ।
  • পদ্ম আছে নাভিত যাত = পদ্মনাভ।

ব্যতিহাৰ বহুব্ৰীহি সমাস

সম্পাদনা কৰক

পৰস্পৰ একে কাৰ্য বুজোৱা বহুব্ৰীহি সমাসক ব্যতিহাৰ সমাস বোলে। উদাহৰণ–

  • পৰস্পৰে হাতে হাতে কৰা যুঁজ = হতাহতি।

কৰ্মধাৰয় সমাস

সম্পাদনা কৰক

বিশেষণ আৰু বিশেষ্য পদত সমাস হৈ যদি বিশেষ্যৰ অৰ্থটো প্ৰধানভাৱে প্ৰতীয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে। যেনে -

  • মহাপুৰুষ = মহৎ যি পুৰুষ।
  • বিদ্যোৎসাহী = বিদ্যাৰ প্ৰতি উৎসাহী।

কৰ্মধায় সমাস দুবিধ -

  • মধ্যপদলোপী কৰ্মধায়
  • অত্যপদলোপী কৰ্মধায়

মধ্যপদলোপী কৰ্মধাৰয় সমাস

সম্পাদনা কৰক

যি কৰ্মধাৰয় সমাসৰ ব্যাসবাক্য বা সমাস বাক্যৰ মধ্যস্থিত পদ লোপ পায় তাকে মধ্যপদলোপী কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–

  • চন্দ্ৰৰ তুল্য (নিচিনা, দৰে ) বদন = চন্দ্ৰ বদন।
  • পদ্মৰ নিচিনা (দৰে, তুল্য) লোচন = পদ্মলোচন।

অন্ত্যপদলোপী কৰ্মধাৰয় সমাস

সম্পাদনা কৰক

যি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষ পদ লোপ পায় তাকে অন্ত্যপদলোপী কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–

  • বাক্য অমৃতৰ তুল্য = বাক্যামৃত।
  • মুখ চন্দ্ৰৰ নিচিনা = মুখচন্দ্ৰ।
  • বিদ্যা সাগৰৰ তুল্য = বিদ্যাসাগৰ।

কৰ্মধাৰয় সমাসক তুলনা বা ৰিজনি অনুসৰি তিনি ভাগত ভাগ কৰিব পাৰি –

  • উপমান কৰ্মধাৰয় সমাস
  • উপমিত কৰ্মধাৰয় সমাস
  • ৰূপক কৰ্মধাৰয় সমাস

উপমান কৰ্মধাৰয় সমাস

সম্পাদনা কৰক

উপমানবাচক পদৰ সৈতে সাধাৰণ গুণবাচক পদ লগ হৈ সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমান কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–

  • বজ্ৰৰ দৰে কঠিন = বজ্ৰ-কঠিন।
  • গাখীৰৰ দৰে বগা = গাখীৰ-বগা।

উপমিত কৰ্মধাৰয় সমাস

সম্পাদনা কৰক

উপমান আৰু উপমেয় পদৰ মাজত সাদৃশ্য কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমিত কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–

  • জীৱন নৈৰ তুল্য = জীৱননৈ।
  • মুখ পদ্মৰ নিচিনা = পদ্মমুখ।

ৰূপক কৰ্মধাৰয় সমাস

সম্পাদনা কৰক

উপমান আৰু উপমেয়ক অভেদ ৰূপে কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক ৰূপক কৰ্মধাৰয় সমাস বোলে। উদাহৰণ -

  • কাল ৰূপ চক্ৰ = কালচক্ৰ।
  • মুখ ৰূপ চন্দ্ৰ = চন্দ্ৰমুখ।

তৎপুৰুষ সমাস

সম্পাদনা কৰক

যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তি লোপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বোলে। উদাহৰণ -

  • মাতৃপূজা = মাতৃক পূজা।
  • ৰাজসিংহাসন = ৰজাৰ সিংহাসন।
  • অনুচিত = ন উচিত।

তৎপুৰুষ সমাস ছয় প্ৰকাৰৰ:

  • দ্বিতীয়া তৎপুৰুষ
  • তৃতীয়া তৎপুৰুষ
  • চতুৰ্থী তৎপুৰুষ
  • পঞ্চমী তৎপুৰুষ
  • ষষ্ঠী তৎপুৰুষ আৰু
  • সপ্তমী তৎপুৰুষ

দ্বিতীয়া তৎপুৰুষ

সম্পাদনা কৰক

প্ৰথম ব্যস্ত পদৰ দ্বিতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক দ্বিতীয় তৎপুৰুষ সমাস বোলা হয়। উদাহৰণ–

  • মাতৃক পূজা = মাতৃপূজা।
  • ভকতক সেৱা = ভকতসেৱা।

তৃতীয়া তৎপুৰুষ

সম্পাদনা কৰক

ব্যস্ত পদ দুটাৰ প্ৰথমটো তৃতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক তৃতীয়া তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • মনেৰে সজা = মনেসজা।
  • হাতেৰে বোৱা = হাতেবোৱা।

চতুৰ্থী তৎপুৰুষ

সম্পাদনা কৰক

প্ৰথম ব্যস্ত পদৰ চতুৰ্থী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক চতুৰ্থী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • ঈশ্বৰলৈ সেৱা = ঈশ্বৰসেৱা।
  • গুৰুলৈ ভক্তি = গুৰুভক্তি।

পঞ্চমী তৎপুৰুষ

সম্পাদনা কৰক

প্ৰথম ব্যস্ত পদ দুটাৰ প্ৰথমটোৰ পঞ্চমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক পঞ্চমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • পদৰ পৰা চ্যুত = পদচ্যুত।
  • পাপৰ পৰা মুক্ত = পাপমুক্ত।

ষষ্ঠী তৎপুৰুষ

সম্পাদনা কৰক

প্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তি লোপ হৈ হোৱা সমাসক ষষ্ঠী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • পিতৃৰ তুল্য = পিতৃতুল্য।
  • পৰৰ অধীন = পৰাধীন।

সপ্তমী তৎপুৰুষ

সম্পাদনা কৰক

ব্যস্ত পদৰ সপ্তমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক সপ্তমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • খনিত জাত = খনিজাত।
  • দিনত কণা = দিনকণা।

ওপৰত আলোচনা কৰা ছয় প্ৰকাৰৰ তৎপুৰুষ সমাসৰ উপৰিও আৰু দুবিধ তৎপুৰুষ সমাস আছে। সেয়া হ'ল -

  • উপপদ তৎপৰুষ সমাস
  • নঞ্‌ তৎপুৰষ সমাস

উপপদ তৎপৰুষ সমাস

সম্পাদনা কৰক

উপপদৰ সৈতে কৃদন্ত পদৰ সহযোগত সিদ্ধ হোৱা সমাসক উপপদ তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • জলত চৰে যি = জলচৰ।
  • পংকত জন্মে যি = পংকজ।

নঞ্‌ তৎপুৰষ সমাস

সম্পাদনা কৰক

নিষেধ বা নঞ্‌ অৰ্থবোধক অব্যয়ৰ সৈতে বিশেষ্য বা বিশেষণ পদ লগলাগি সিদ্ধ হোৱা সমাসক নঞ্‌ তৎপুৰুষ সমাস বোলে। উদাহৰণ–

  • ন ন্যায় = অন্যায়।
  • ন উচিত = অনুচিত।

অব্যয়ীভাৱ সমাস

সম্পাদনা কৰক

যি সমাসত অব্যয়ৰ অৰ্থ প্ৰধানৰূপে প্ৰতীয়মান হয় আৰু পূৰ্বপদত অব্যয় থাকে তাক অব্যয়ীভাব সমাস বোলে। উদাহৰণ -

  • উপকূল = কূলৰ সমীপ।
  • দুৰ্ভিক্ষ = ভিক্ষাৰ অভাৱ।

অব্যয়ীভাৱ সমাস তলত দিয়া ধৰণে বিভিন্ন অৰ্থত ভাগ কৰিব পাৰি -

অভাৱ অৰ্থত

সম্পাদনা কৰক
  • ধৰ্মৰ অভাৱ = অধৰ্ম।
  • সুখৰ অভাৱ = অসুখ।

সমীপ্য অৰ্থত

সম্পাদনা কৰক
  • বনৰ সমীপ = উপবন।

পৰ্যন্ত অৰ্থত

সম্পাদনা কৰক
  • জীৱন পৰ্যন্ত = আজীৱন।
  • মৰণ পৰ্যন্ত = আমৰণ।

বীপ্সা (পুনঃ পুনঃ) অৰ্থত

সম্পাদনা কৰক
  • দিনে দিনে = প্ৰতিদিনে।
  • ঘৰে ঘৰে = প্ৰতিঘৰে।

সাদৃশ্য অৰ্থত

সম্পাদনা কৰক
  • দ্বীপৰ সদৃশ = উপদ্বীপ।
  • মূৰ্তি সদৃশ = প্ৰতিমূৰ্তি।

উলংঘন অৰ্থত

সম্পাদনা কৰক
  • শক্তিক অতিক্ৰম নকৰি = যথাশক্তি।
  • বিধিক অতিক্ৰম নকৰি = যথাবিধি।

যোগ্য অৰ্থত

সম্পাদনা কৰক
  • ৰূপৰ যোগ্য = প্ৰতিৰূপ।

পশ্চাৎ অৰ্থত

সম্পাদনা কৰক
  • পাছত যায় যি = অনুচৰ।

বিপৰীত অৰ্থত

সম্পাদনা কৰক
  • ফলৰ বিপৰীত = প্ৰতিফল।

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "সমাস". https://newjobbabaji.blogspot.com/2021/12/blog-post_22.html?m=1। আহৰণ কৰা হৈছে: 23 November 2024. 
  2. "সমাস". https://newjobbabaji.blogspot.com/2021/12/blog-post_22.html?m=1। আহৰণ কৰা হৈছে: 23 November 2024. 
  3. November 2024 "সমাস". https://masrur360.com/%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%B8-samas-compound-in-assamese/ November 2024. 
  4. November 2024 "সমাস আৰু ইয়াৰ প্ৰকাৰ". https://www.dainiksakori.com/2022/01/Homakh-Assamese-Grammar.html?m=1 November 2024. 
  5. November 2024 "সমাস". https://masrur360.com/%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%B8-samas-compound-in-assamese/ November 2024. 
  6. November 2024 "সমাস আৰু ইয়াৰ প্ৰকাৰ". https://www.dainiksakori.com/2022/01/Homakh-Assamese-Grammar.html?m=1 November 2024. 
  7. November 2024 "সমাস আৰু ইয়াৰ প্ৰকাৰ". https://www.dainiksakori.com/2022/01/Homakh-Assamese-Grammar.html?m=1 November 2024.