সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব
- এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ পৃষ্ঠাত চিত্ৰ সংযোগ কৰাৰ পদ্ধতিৰ বিষয়ে। চিত্ৰ সংযোগ কৰাৰ আগতে অনুগ্ৰহ কৰি চিত্ৰ ব্যৱহাৰ নীতি চাওক।
ৱিকিপিডিয়াত "চিত্ৰ" বা "Image" টেগ্ ব্যৱহাৰ কৰি কোনো পৃষ্ঠাত ছবি সংযোগ কৰিব পাৰি। এই টেগ্টোত ছবিখনৰ নামৰ উপৰিও ছবিখনৰ স্থানৰ বাবে কিছুমান সাংকেতিক শব্দ থাকে।
চিত্ৰ টেগসম্পাদনা কৰক
[[চিত্ৰ:ছবিৰ নাম.jpg | ফ্ৰেমৰ প্ৰকাৰ | স্থান | আকাৰpx | শিৰোনামা ]]
সাংকেতিক শব্দসমূহসম্পাদনা কৰক
চিত্ৰ টেগে বুজি পোৱা কিছুমান শব্দ (কীৱৰ্ড) আছে। চিত্ৰখনৰ ব্যৱহাৰ সম্পৰ্কে এই শব্দবোৰে সংকেত বহন কৰে। টেগ্টোৱে বুজি নোপোৱা শব্দবোৰ ছবিখনৰ শিৰোনামা হিছাপে ব্যৱহাৰ হয়। শব্দবোৰ case-sensitive। সেইবোৰ সৰুফলা আখৰত টাইপ কৰিব লাগে।
- স্থান: left, center, right
- ফ্ৰেম প্ৰকাৰ: frame, thumb
- আকাৰ: ইংৰাজী সংখ্যা এটা আৰু px লিখিব লাগে (যেনে- 200px)
- শিৰোনামা: সাংকেতিক শব্দ নোহোৱা যিকোনো শব্দ শিৰোনামা হিচাপে ব্যৱহাৰ হয়।
স্থানসম্পাদনা কৰক
- ব্যৱহাৰ কৰিব পৰা শব্দ: left, center, right
- কোনো স্থান নিৰ্দিষ্ট নকৰিলে ছবিখন পৃষ্ঠাৰ সোঁফালে থাকিব।
left বা right ব্যৱহাৰ কৰিলে পৃষ্ঠাখনৰ শব্দবোৰ ছবিখনৰ চাৰিওফালে আহিব। center টেগ্ ব্যৱহাৰ কৰিলে শব্দবোৰ ছবিখনৰ তলফালে আহিব। বেছিভাগ প্ৰবন্ধতে মাজৰ স্থান ব্যৱহাৰ কৰিব নালাগে।
স্থানৰ উদাহৰণ |
---|
এয়া ছবি এখন পৃষ্ঠাৰ বাওঁফালে ৰখাৰ উদাহৰণ।
|
এয়া ছবি এখন পৃষ্ঠাৰ বাওঁফালে ৰখাৰ উদাহৰণ।
|
এয়া ছবি এখন পৃষ্ঠাৰ মাজত ৰখাৰ উদাহৰণ।
|
ফ্ৰেম প্ৰকাৰসম্পাদনা কৰক
- ব্যৱহৃত প্ৰকাৰ: frame, thumb
- ফ্ৰেমৰ প্ৰকাৰ বাচনি নকৰিলে কোনো ফ্ৰেম ব্যৱহাৰ নহয়।
- ফ্ৰেম বাচনি কৰিলে ছবিখনৰ তলত শিৰোনামা দেখা যায়।
ফ্ৰেমৰ প্ৰকাৰৰ উদাহৰণ |
---|
এইখন এখন ফ্ৰেমযুক্ত ছবিৰ উদাহৰণ।
|
এইখন এখন থাম্বনেইল ছবি বা ক্ষুদ্ৰ প্ৰতিকৃতি।
|
আকাৰসম্পাদনা কৰক
চিত্ৰ টেগত পিক্সেল উল্লেখ কৰি ছবিখনৰ আকাৰ সলাব পাৰি। এনে কৰাৰ বাবে ইংৰাজী সংখ্যাটোৰ পিছত px লিখিব লাগে। যেনে- 150px। ৱিকিপিডিয়াত বেছিভাগ ছবিৰে আকাৰ 200 পিক্সেল (200px)।
- ফ্ৰেমযুক্ত ছবি আকাৰ ধৰি দিলেও সলনি নহয়: সেইবোৰ সদায় সৰ্বোচ্চ আকাৰত ওলায়।
- আকাৰ নিৰ্দিষ্ট কৰি নিদিলে থাম্বনেইল ছবি 200px হিচাপে বা সম্পূৰ্ণ আকাৰত ওলাব (যিটোৱেই সৰু)।
- আকাৰ নিৰ্দিষ্ট কৰি নিদিলে কোনো ফ্ৰেম প্ৰকাৰ নথকা ছবি সাৰ্বোচ্চ আকাৰত ওলাব।
আকাৰৰ উদাহৰণ | ||
---|---|---|
[[Image:Wikipedia-logo-v2-as.svg|100px|Image: 100 pixels]] | [[Image:Wikipedia-logo-v2-as.svg|200px|Image: 200 pixels]] | [[Image:Wikipedia-logo-v2-as.svg|250px|Image: 250 pixels]] |
শিৰোনামাসম্পাদনা কৰক
সাংকেতিক শব্দ নোহোৱা যিকোনো শব্দ ছবিখনৰ শিৰোনামা হিচাপে ব্যৱহাৰ হয়। কোনো ফ্ৰেম প্ৰকাৰ থকা ছবিৰহে শিৰোনামা ওলায়। ফ্ৰেম ব্যৱহাৰ কৰক বা নকৰক্, কম্পিউটাৰ মাউছটো ছবিখনৰ ওপৰলৈ আনিলেও শিৰোনামাটো দেখা যায়। সাংকেতিক শব্দবোৰ case-sensitive হোৱা বাবে rightৰ বিকল্প Right নহয়। right টো এটা সাংকেতিক শব্দ, Right লিখিলে সেয়া শিৰোনামাহে হ'ব।
সালসলনি: আপল'ড কৰোঁতে লিখা শিৰোনামা ভুল হ'লেও সেয়া সলনি কৰিব পৰা তথ্য বৰ্তমান ৱিকিপিডিয়াত উপলব্ধ নহয়।
সংযোজিত সাংকেতিক শব্দসম্পাদনা কৰক
frame আৰু আকাৰ (px) কী-ৱৰ্ডৰ বাহিৰে আন সাংকেতিক শব্দবোৰ ছবিখনত একেলগে থাকিব পাৰে। যদি কোনো দুটা সাংকেতিক শব্দই একেটা কাম কৰিব বিচাৰিছে, তেন্তে টেগত থকা শেষৰটো ব্যৱহাৰ হ'ব। যেনে- যদি টেগটোত left আৰু right দুয়োটা শব্দ থাকে, তেন্তে যিটো শেষত লিখা আছে সেইমতেহে ছবিখনৰ স্থান নিৰ্ধাৰণ হ'ব।
- যেনে
[[Image:Wikipedia-logo-v2-as.svg|50px|এটা শিৰোনামা|left|frame|right|Left|চিত্ৰ: 50 pixels]]
ছবিখন সৰ্বোচ্চ আকাৰত, ফ্ৰেমযুক্ত হিচাপে, পৃষ্ঠাৰ সোঁফালে "চিত্ৰ: 50 pixels" শিৰোনামেৰে ওলাব।
- "frame সংকেত ব্যৱহাৰ হোৱা বাবে 50px সংকেতটো ব্যৱহাৰ নহয়।
- চিত্ৰ: 50 pixelsটো শিৰোনামাৰূপে ব্যৱহাৰ হৈছে কাৰণ টেগৰ এই শেষ অংশটো কোনো সংকেত নহয়।
- ছবিখন পৃষ্ঠাৰ সোঁফালে থাকিব কাৰণ right শব্দটো টেগ্টোৰ শেষ স্থান সংকেত। Left শব্দটো কোনো সংকেত নহয় কাৰণ প্ৰথম আখৰটো বৰফলাত লিখা হৈছে।