কবিতা : প্ৰেমৰ কবিতা

মোৰ বুকুত কি জ্বলে !/ মোৰ দুখ, মোৰ আনন্দ / কিহে আৰু ব্যাপক কৰি তোলে ! /

মোৰ অনুভবে অনুভবে / তোমাৰ প্ৰেমৰ গুণগুণ শব্দ / এনেকৈ ৰু-ৰুৱাই জ্বলে / যে তাৰ ছাই ভৰি পৰে / মোৰ বুকুৰ ভিতৰে বাহিৰে৷ /

সম্ভবত তোমাৰ প্ৰগলভ প্ৰেমে / মোক ছাই কৰি পুৰি নিব ক্ৰমে৷