হীৰেণ ভট্টাচাৰ্য :

আধুনিক অসমীয়া কবিতাৰ এজন সফল সম্ভাৱনাপূৰ্ণ কবি হ'ল হীৰেণ 

ভট্টাচাৰ্য৷ তেওঁৰ জন্ম হয় 1932 চানত যোৰহাটত৷ বহু কম বয়সৰ পৰা

কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয়

1957 চনত৷ তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন 'মোৰ দেশ মোৰ প্ৰেমৰ

কবিতা' প্ৰকাশ হয় 1972 চনত৷ 'বিভিন্ন দিনৰ কবিতা' (1974), 'কবিতাৰ

ৰ'দ' (1976) আৰু 'তোমাৰ গান' (1976) প্ৰকাশ পায়৷ অসমীয়া কবিতা

প্ৰেমিৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰু দা'৷ কবিৰ 'সুগন্ধী পখিলা

(নিৰ্বাচিত কবিতা সংকলন 1981) আৰু 'শস্যৰ পথাৰ মানুহ' (সংগ্ৰহিত

কবিতা 1991), 'মোৰ প্ৰিয় বৰ্ণমালা', 'ভালপোৱাৰ বোকা মাটি' তেওঁৰ

কবিতাৰ আটাইতকৈ উজ্জল দিশ৷ ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু

ল'ৰা-ছোৱালীৰ কাৰণে 1991 চনত 'ল'ৰা ধেমালি' আৰু 'অকন ধেমালি' প্ৰকশ

কৰে৷ তেওঁৰ সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই 'বিষ্ণুৰাভা বটাঁ' (1958),

'চুভিয়েট দেশ নেহেৰু বটাঁ' (1987)আৰু 'সাহিত্য একাডেমি বটাঁ' (1992)

প্ৰদান কৰে৷ আনহাতে 2000 চনত 'অসম উপত্যাকা বটাঁ' প্ৰদান কৰে৷ হীৰু

দাৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে

পাথকৰ মনৰ মাজত গভীৰ সাজ বহুৱায়৷ প্ৰকৃতি আৰু মানুহ তেওঁৰ

কবিতাৰ প্ৰধান বিষয়বস্তু৷