সাংগ্ৰাই উৎসৱ

মাৰমা জনজাতিৰ নৱবৰ্ষৰ উৎসৱ
(সাংগ্ৰাই নৃত্যৰ পৰা পুনঃনিৰ্দেশিত)

সাংগ্ৰাই উৎসৱ (ইংৰাজী: Sangrai Festival) অসমীয়া পঞ্জিকামতে চ’ত মাহত (এপ্ৰিলৰ প্ৰথম ভাগত) পালন কৰা সাংগ্ৰাই উৎসৱ উপলক্ষে মাৰমা জনজাতিৰ লোকে সাংগ্ৰাই উৎসৱ পালন কৰে। ই ত্ৰিপুৰা আৰু বাংলাদেশৰ জনজাতি লোক মাৰমাসকলৰ নৱবৰ্ষক আদৰা উৎসৱ৷ সাংগ্ৰাই এক জলোৎসৱ বুলিলেও হয়৷ ই ত্ৰিপুৰা আৰু বাংলাদেশৰ পাৰ্বত্য জিলাসমূহত পালিত বৈসাবি উৎসৱৰ এক অংশ৷[1]

সাংগ্ৰাই এটি মাৰমা ভাষা৷ সাংগ্ৰাই অসমৰ ব’হাগ বিহুৰ দৰে ই এক নৱবৰ্ষ আদৰা আনন্দৰ উৎসৱ৷[2] বছৰৰ শেষ দিনৰ পৰা এই উৎসৱ পালন কৰা হয়৷ উৎসৱ উপলক্ষে সেমাই, পাচন, পিঠা আদি নানা মুখৰোচক খাদ্য প্ৰস্তুত কৰা হয়৷ প্ৰত্যেকে প্ৰত্যেকৰ ঘৰলৈ যায় আৰু কুশল বাৰ্তা বিনিময় কৰি আনন্দত মজি উঠে৷ সাংগ্ৰাই উৎসৱৰ প্ৰধান আকৰ্ষণ হৈছে জলোৎসৱ৷ এই উৎসৱৰ সময়ত ডেকা-গাভৰু আৰু অন্যান্য মানুহে পৰস্পৰৰ গালৈ পানী ছটিয়াই জলকেলি কৰে৷ জলকেলিৰ বাবে উৎসৱ আৰম্ভ হোৱাৰ আগতেই এখন ৰভা দিয়া হয়৷ মাৰমা ভাষাত ইয়াক “ৰিলংপোয়ে’’ বোলে৷ এই ৰভাতলীত যুৱক-যুৱতীসকলে এজনে আনজনৰ গালৈ পানী ছটিয়াই কাবু কৰিবলৈ চেষ্টা কৰে৷ বয়স্থসকলে বৌদ্ধ মন্দিৰলৈ গৈ ধৰ্মীয় ৰীতি-নীতি পালন কৰে৷ যুৱক-যুৱতী, শিশু-কিশোৰসকলে জলকেলি কৰাৰ পিছত ৰছী টনা, হাউ ডু ডু আদি খেল খেলি আনন্দত মতলীয়া হয়৷[3]

মাৰমাসকলে চাৰিদিন ধৰি এই উৎসৱ পালন কৰে৷ উৎসৱৰ কাৰণে বৌদ্ধ মন্দিৰ, ঘৰ-দুৱাৰ ধুই পৰিষ্কাৰ কৰে৷ তাৰপিছত তেওঁলোকে ঠায়ে ঠায়ে জলকেলি কৰে৷ জলকেলি কৰাৰ অৰ্থ পুৰণি বছৰৰ সকলো দোষ, গ্লানি ধুই নিকা কৰা৷ আগৰ দিনত ইয়াৰ বাবে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰা হৈছিল৷ আজিকালি উৎসৱত উল্লাস প্ৰকাশ কৰিবলৈ ৰঙীন পানী ব্যৱহাৰ কৰা দেখা যায়৷ [4] ইংৰাজী কেলেণ্ডাৰমতে ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা উৎসৱ শোভাযাত্ৰা, ধৰ্মীয় ৰীতি-নীতি পালন, খোৱা-বোৱা আৰু আনন্দৰ মাজেৰে পুৰণি সকলো দায়-দোষ পানীৰে ধুই নিকা কৰাৰ প্ৰতীকী কাৰ্যৰে নৱবৰ্ষক আদৰে৷ [5] উৎসৱৰ প্ৰথম এৰাতি বুদ্ধৰ পূজা আৰু ঘৰ সজোৱাৰ কাম কৰা হয়। ঘৰ সজোৱাৰ বাবে ফুল ব্যৱহাৰ কৰা হয়৷ পাহাৰত বহু ফুল থাকিলেও কিছুমান বিশেষ ফুলৰ সহায়তহে ঘৰবোৰ সজাই তোলা হয়। ইয়াৰে আটাইতকৈ জনপ্ৰিয় শুকুলা ৰঙৰ "ছাংৰাই পাইং" নামৰ ফুল। ঘৰ সজাবলৈ ফুলেই প্ৰধান অৱলম্বন৷ সেয়ে, প্ৰত্যেকেই এই ফুল সংগ্ৰহ কৰি ঘৰ সজায়৷[6] সাংগ্ৰাই উৎসৱৰ প্ৰধান আকৰ্ষণ জলকেলি চাবলৈ উৎসৱ থলীলৈ এই সময়ত চট্টগ্ৰামৰ বিভিন্ন ঠাইৰ পৰা অলেখ মানুহৰ সমাগম ঘটে৷

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. https://www.kalerkantho.com/online/national/2022/04/12/1137621
  2. http://xobdo.org/dic/%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%87
  3. https://www.protidinersangbad.com/todays-newspaper/editor-choice/168809/
  4. http://onushilon.org/geography/bangladesh/khudro-nrigosthi/marma/sangrai.htm
  5. "জলকেলিতে শেষ হ’লো মাৰমাদেৰ সাংগ্ৰাই উৎসৱ". https://www.banglatribune.com/country/chitagong/738773/%E0%A6%9C%E0%A6%B2%E0%A6%95%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%A4%E0%A7%87-%E0%A6%B6%E0%A7%87%E0%A6%B7-%E0%A6%B9%E0%A6%B2%E0%A7%8B-%E0%A6%AE%E0%A6%BE%E0%A6%B0%E0%A6%AE%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B0-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%87-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A6%AC। আহৰণ কৰা হৈছে: 11 March 2023. 
  6. "Sangrai festival spreads wave of festivity in the hills". bdnews24.com. https://bdnews24.com/bangladesh/2005/04/14/sangrai-festival-spreads-wave-of-festivity-in-the-hills। আহৰণ কৰা হৈছে: 2021-10-19.