সাপৰ চুৰুহা

একাধিক প্ৰকাৰৰ সাপৰ মাংস, ক্ৰিচেন্থেমাম পাত আৰু মচলাৰে তৈয়াৰী কৰা কেণ্টনীজ চুৰুহা

সাঁচ:EngvarB

কটা নেমু পাত আৰু ভজা ময়দাৰ মছলাৰ সৈতে এবাটি সাপৰ চুৰুহা

সাপৰ চুৰুহা বা সাপৰ চূপ হংকঙৰ একজনপ্ৰিয় সুস্বাদু খাদ্য আৰু স্বাস্থ্য পৰিপূৰক, য'ত অন্ততঃ দুবিধ সাপৰ মাংস মূল উপাদান হিচাপে থাকে। ক্ৰিইচেন্থিমাম পাত আৰু মছলা মিহলোৱাৰ বাবে এই চুৰুহা সোৱাদ অলপ মিঠা হয় যদিও সাপৰ মাংস কুকুৰাৰ মাংসৰ সোৱাদৰ সৈতে মিল থকা বুলি কোৱা হয়। [1][2] এই চুৰুহা সাধাৰণতে "স্নেক কিং" বা "শ্বিয়া ৱাং" নামেৰে জনাজাত বিশেষ দোকানত পৰিবেশন কৰা হয়, যিবোৰ বেছিভাগেই শ্বুম ছুই প' আৰু ক'লুন চহৰত অৱস্থিত। শীতকালত এই চুৰুহা প্ৰতিটো বাটিত প্ৰায় ৬০ ডলাৰ হংকং ডলাৰ (৭.৭৫ মাৰ্কিন ডলাৰ)ত বিক্ৰী হয়।। বহু শতিকাৰ আগতে যুঁজাৰু ৰাজ্যৰ যুগত উদ্ভৱ হোৱা, চীনা সংস্কৃতিত সাপৰ চুপক ইয়াৰ ঔষধি লাভালাভ আৰু উচ্চ পুষ্টিগত মূল্যৰ বাবে প্ৰশংসা কৰা হৈছিল। অৱশ্যে, কিন্তু শেহতীয়া বিগত বছৰবোৰত হংকঙত সাপৰ চুৰুহাৰ উদ্যোগ হ্ৰাস পাইছে কিয়নো এই চুৰুহাৰ নিৰ্মাতাসকলৰ দক্ষতা নতুন প্ৰজন্মলৈ আগবঢ়াই নিবলৈ মানুহ কম।[3]

ঐতিহাসিক পটভূমি সম্পাদনা কৰক

 
হংকংৰ শ্বেউং ৱানত থকা সাপৰ এম্পোৰিয়াম; গ্ৰাহকসকলে অপেক্ষা কৰি আছে; বাওঁফালে "বিষাক্ত সাপ"ৰ কাঠৰ পিঞ্জৰা

চীনা সংস্কৃতিত সাপৰ চুৰুহাক দুহেজাৰ বছৰতকৈও অধিক সময় ধৰি এক সুস্বাদু খাদ্য হিচাপে জনাজাত। প্ৰি-কিনৰ শ্বানহাইজিঙে লিপিবদ্ধ কৰিছিল যে গুৱাংডং প্ৰদেশৰ বাসিন্দাসকলে সাপৰ চুৰুহা খাবলৈ আৰম্ভ কৰিছিল; আৰু কিং বংশৰ শেষৰ ফালে চীনত খাদ্য সংস্কৃতি বহুলভাৱে জনপ্ৰিয় হৈ ওঠিছিল।[4] সাপৰ চূৰুহাক “উচ্চ মৰ্যাদাৰ”[4] খাদ্য হিচাপে গণ্য কৰা হৈছিল কাৰণ ইয়াৰ বিভিন্ন উপাদান আৰু জটিল প্ৰস্তুতিৰ বাবে ই আছিল ধন, সাহস আৰু সন্মানৰ প্ৰতীক; আৰু কেৱল কিছুমান বিশেষ বিষয়া আৰু চেলিব্ৰিটিকহে পৰিবেশন কৰা হৈছিল।“স্নেক কিং লেম” আছিল হংকঙত সাপৰ চূপ বিক্ৰীৰ বিশেষজ্ঞ প্ৰথমখন দোকান, যিখন ১১০ বছৰ আগতে বনহাম ষ্ট্ৰীটত স্থাপন কৰা হৈছিল, কিন্তু একেখন জিলাৰ হিলিয়াৰ ষ্ট্ৰীট লৈ স্থানান্তৰিত হৈছে। আশীৰ দশকত সাপ-চূপ উদ্যোগে সোণালী যুগ লাভ কৰিছিল। সেই সময়ছোৱাত ১০০ৰো অধিক খাদ্যৰ দোকান আছিল যিয়ে সাপৰ জোল প্ৰস্তুত কৰিছিল। আনকি হংকঙৰ কিছুমান দোকানে অধিক চাহিদাৰ সৈতে মোকাবিলা কৰিবলৈ নতুন শাখাও খুলিবলগীয়া হৈছিল।[5] আজিকালি খাদ্যৰ মূল্যৰ মুদ্ৰাস্ফীতি আৰু ভাড়া আকাশলংঘী হোৱাৰ বাবে সাপ-চূপৰ বিশেষজ্ঞ ষ্ট’ৰৰ সংখ্যা ২০লৈ হ্ৰাস পাইছে। তাতোকৈ ডাঙৰ কথাটো হ’ল, সাপ-চূপ নিৰ্মাতাসকলৰ বাবেও উত্তৰাধিকাৰী বিচাৰি পোৱাটো কঠিন। এই প্ৰক্ৰিয়াটোৰ লগত জড়িত অনুভূত কষ্ট, বিপদ আৰু অসুবিধাৰ বাবে কম লোকে বৃত্তিটোত প্ৰৱেশ কৰে, যাৰ বাবে বিষাক্ত সাপৰ সৈতে সঘনাই সংস্পৰ্শৰ প্ৰয়োজন হয়।[6] তদুপৰি, সাপ আমদানিৰ সৈতে জড়িত আমোলাতন্ত্ৰৰ ফলত হোৱা গুৰুতৰ যোগান সমস্যাই গ্ৰাহকৰ চাহিদাৰ হ্ৰাস পেলাইছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Hong Kong’s snake soup kings" Ramy Inocencio, CNN Travel (2013).
  2. Slurping snake soup in Hong Kong, Seattle Times, Kabir Chibber (2009).
  3. Pak, Jennifer "Last orders for Hong Kong's snake soup?" BBC (2013).
  4. 4.0 4.1 〈淮南子〉 精神訓「越人得髯蛇以為上肴,中國得之無用」Liu An, (2nd-century BCE ). 'Seminal Breath and Spirit'. In: (ed), Huáinánzǐ . 1st ed. China: 明 李時珍在他的著作《本草綱目》中記:「南人嗜蛇」 Li ShiZhen, (1578). Compendium of Materia Medica. 1st ed. China 唐 段公路〈北戶錄〉、段成式 〈酉陽雜記〉 也有廣東人吃蛇的記載 宋 朱沃在〈萍州可談〉中指出:「廣南食蛇,市中賣蛇羹」 太史五蛇羹是南方粤菜系中一道著名的菜肴,自晚清時期由人稱江太史的江孔殷發明
  5. "Snake King Lam". Hong Kong Connection, RTHK, 21 March 2013.
  6. Hong Kong 'snake kings' stand the test of time. Agence France-Presse (2013).