সামাজিক দূৰত্ব স্থাপন

সংক্ৰমণ নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ ঔষধবিহীন পদক্ষেপ

সামাজিক দূৰত্ব স্থাপন (Social distancing) বা শাৰীৰিক দূৰত্ব স্থাপন (physical distancing) হৈছে সংক্ৰামক ৰোগ বিস্তাৰ প্ৰতিৰোধৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ ঔষধবিহীন পদক্ষেপ। সামাজিক দূৰত্ব স্থাপনৰ উদ্দেশ্য হ'ল সংক্ৰামক ৰোগ বহনকাৰী ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰা ৰোগৰ সংক্ৰামণৰ সম্ভাৱনা হ্ৰাস কৰা আৰু তাৰ ফলস্বৰূপে আক্ৰান্ত লোকৰ সংখ্যা আৰু মৃত্যুহাৰ হ্ৰাস কৰা।[1][2]

সামাজিক দূৰত্ব স্থাপন আটাইতকৈ কাৰ্যকৰ তেতিয়া হয়, যেতিয়া সংক্ৰমণ হয় পানী-কণা সঞ্চালনেৰে (হাঁচি-কাঁহ); যৌন সংস্পৰ্শসহ প্ৰত্যক্ষ শাৰীৰিক সংস্পৰ্শেৰে; পৰোক্ষ শাৰীৰিক স্পৰ্শেৰে (যেনে দূষিত সমতল বা স্থান স্পৰ্শ কৰিলে) অথবা বায়ুবাহিত সঞ্চালনেৰে (যদি জীবাণু বায়ুত দীৰ্ঘসময় ধৰি বাঁচি থাকিব পাৰে)।[3]

সামাজিক দূৰত্ব স্থাপন সেইক্ষেত্ৰত খুব এটা কাম নকৰে যেতিয়া সংক্ৰামণ হয় দূষিত পানী বা খাদ্যৰ মাধ্যমেৰে অথবা মহ বা অন্য পতংগৰ মাধ্যমেৰে অথবা কদাচিৎ মানুহৰ পৰা মানুহলৈ বিয়পে।[4] সামাজিক দূৰত্ব স্থাপনৰ ঋণাত্মক দিশসমূহৰ মাজত মূল হৈছে নিঃসঙ্গতা, হ্ৰাসমান উৎপাদনশীলতা আৰু মানৱ ভাব-বিনিময়ৰ সৈতে সংযুক্ত সুফলৰ অভাৱ।

ঐতিহাসিকভাবে লেপাৰ ক'ল'নী আৰু লাজাৰেট্ট' নামৰ অঞ্চল কুষ্ঠ ৰোগ আৰু আন সংক্ৰামক ৰোগৰ সংক্ৰামণ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব স্থাপন কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠা কৰা হৈছিল।[5]

তথ্য সংগ্ৰহসম্পাদনা কৰক