সাহিত্যৰ সমাজতত্ত্ব
সাহিত্যৰ সমাজতত্ত্ব (ইংৰাজী: Sociology of literature) সংস্কৃতিৰ সমাজতত্ত্বৰ এটা উপক্ষেত্ৰ। ইয়াত সাহিত্যৰ সামাজিক দৃষ্টিপাত আৰু ইয়াৰ সামাজিক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হৈছে। ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ হ’ল ১৯৯২ চনত পিয়েৰ ব’ৰ্ডিউৰ লেছ ৰেগলছ ডি ল’আৰ্ট: জেনেছ এট ষ্ট্ৰাকচাৰ ডু চেম্প লিটেৰেয়াৰ, যিখনক চুজান ইমানুৱেলে ৰুলছ অৱ আৰ্ট: জেনেছিছ এণ্ড ষ্ট্ৰাকচাৰ অৱ দ্য লিটাৰেৰী ফিল্ড (১৯৯৬)লৈ অনুবাদ কৰিছিল।
চমু আলোচনা
সম্পাদনা কৰকসমাজতত্ত্বৰ কোনো ‘প্ৰতিষ্ঠাপক পিতৃ'য়ে সাহিত্যৰ বিশদ অধ্যয়ন কৰা নাছিল। অৱশ্যে তেওঁলোকে এনে ধাৰণা গঢ়ি তুলিছিল, যিবোৰ পৰৱৰ্তী সময়ত আনসকলে সাহিত্যত প্ৰয়োগ কৰিছিল। কাৰ্ল মাৰ্ক্সৰ মতাদৰ্শ তত্ত্বটো পিয়েৰ মেচেৰী, টেৰী ইগলটন আৰু ফ্ৰেড্ৰিক জেমছন আদিয়ে সাহিত্যৰ প্ৰতি নিৰ্দেশিত কৰিছিল। মেক্স ৱেবাৰৰ আধুনিকতাবাদক সাংস্কৃতিক যুক্তিবাদৰ তত্ত্ব হিচাপে ফ্ৰেংকফৰ্ট স্কুলৰ লেখক থিয়ডৰ এডৰ্ণো আৰু জুৰ্গেন হাবাৰমাছৰ দৰে সাহিত্যকে ধৰি সকলো কলাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। বাহ্যিকভাৱে সংজ্ঞায়িত সামাজিক তথ্যৰ অধ্যয়ন হিচাপে সমাজতত্ত্বৰ প্ৰতি এমিল ডাৰখাইমৰ দৃষ্টিভংগীক ৰবাৰ্ট এস্কাৰপিটে সাহিত্যৰ ফালে পুনৰ নিৰ্দেশিত কৰিছিল। বোৰ্ডিউৰ ৰচনা মাৰ্ক্স, ৱেবাৰ আৰু ডাৰখাইমৰ ওচৰত স্পষ্টভাৱে ঋণী।[1][2]
সাহিত্যৰ সমাজবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল জৰ্জ লুকাচৰ দ্য থিয়ৰী অৱ দ্য নভেলে। ১৯১৬ চনত প্ৰথমবাৰৰ বাবে জাৰ্মান ভাষাৰ Zeitschrift fur Aesthetik und Allgemeine Kunstwissenschaft ত প্ৰকাশিত হৈছিল। ১৯২০ চনত ইয়াক কিতাপৰ ৰূপত পুনৰ প্ৰকাশ কৰা হয় আৰু এই সংস্কৰণে ফ্ৰেংকফৰ্ট স্কুলত প্ৰবল প্ৰভাৱ পেলায়। ১৯৬২ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণটোৱে ফৰাচী গাঁথনিবাদৰ ওপৰতো একেদৰেই প্ৰভাৱ পেলাইছিল। উপন্যাসৰ তত্ত্বই যুক্তি দিছিল যে, ধ্ৰুপদী মহাকাব্যই ধ্ৰুপদী সভ্যতাৰ সামাজিক সংহতিৰ দ্বাৰা বাস্তৱত পূৰ্বতে প্ৰদান কৰা জীৱনৰ এক সামগ্ৰিকতাক ৰূপ দিছিল।[3] উপন্যাসৰ ৰূপটো সেয়েহে সমস্যাপূৰ্ণ পৃথিৱীৰ ভিতৰত সমস্যাপূৰ্ণ মূল্যবোধৰ সন্ধানত সমস্যাপূৰ্ণ নায়কক কেন্দ্ৰ কৰি সংগঠিত কৰা হৈছে।
সাহিত্যৰ সমাজবিজ্ঞানলৈ ইংৰাজী ভাষাৰ পুৰণি অৱদানসমূহৰ ভিতৰত অন্যতম হৈছে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ইয়ান ৱাটৰ দ্য ৰাইজ অৱ দ্য নভেল (১৯৫৭)। ৱাটৰ বাবে উপন্যাসখনৰ ‘নতুনত্ব’ আছিল ইয়াৰ ‘আনুষ্ঠানিক বাস্তৱবাদ'।[4]
সংস্কৃতি, অভ্যৰ্থনা নান্দনিকতা আৰু সাংস্কৃতিক পুঁজিৰ উৎপাদনত পূৰ্বৰ কামৰ ওপৰত নিৰ্মাণ কৰি সাহিত্যৰ সমাজবিজ্ঞানে শেহতীয়াকৈ পাঠকৰ অৰ্থ নিৰ্মাণৰ ওপৰত মনোনিৱেশ কৰিছে। নতুন নতুন বিকাশৰ ভিতৰত সাহিত্য আৰু গোটৰ পৰিচয়ৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰা; প্ৰতিষ্ঠানিক আৰু পাঠকৰ-প্ৰতিক্ৰিয়া বিশ্লেষণ সম্পৰ্কে; সাহিত্যত লেখকৰ উদ্দেশ্যৰ ভূমিকা পুনৰ প্ৰৱৰ্তন কৰা; সাহিত্যত নৈতিকতা আৰু নৈতিকতাৰ ভূমিকা পুনৰ বিবেচনা কৰা, [5] আৰু সাহিত্য কেনেকৈ অন্য মাধ্যমৰ দৰে আৰু কেনেকৈ নহয় তাৰ বিষয়ে অধিক স্পষ্ট বুজাবুজি গঢ়ি তোলা, আদি বিবিধ ক্ষেত্ৰত এই আলোচনা দেখা পোৱা যায়।[6]
সাহিত্যৰ সমাজবিজ্ঞানেও শেহতীয়াকৈ প্ৰথম বিশ্ব আৰু তৃতীয় বিশ্বৰ লেখকৰ মাজত হোৱা বিশ্বব্যাপী বৈষম্যৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে, য’ত পিছৰ লেখকসকলে পেৰিছ, লণ্ডন বা নিউয়ৰ্কৰ প্ৰকাশকসকলৰ সম্পাদকীয় সিদ্ধান্তৰ ওপৰত প্ৰবলভাৱে নিৰ্ভৰশীল হোৱাৰ প্ৰৱণতা থাকে আৰু প্ৰায়ে ইয়াৰ পৰা বিশ্ব সাহিত্যিক বজাৰত অংশগ্ৰহণ কৰাৰ পৰা বাদ দিয়া হয়। [7]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ https://literariness.org/2018/01/22/marxist-literary-criticism-an-overview/
- ↑ https://dtllc.fflch.usp.br/sites/dtllc.fflch.usp.br/files/Eagleton%20-%20Marxism%20and%20Literary%20Criticism.pdf
- ↑ Lukács, G. (1971). The Theory of the Novel: A Historico-Philosophical Essay of the Forms of Great Epic Literature, trans. A. Bostock, London: Merlin Press, p. 56.
- ↑ Watt, I. (1963). The Rise of the Novel: Studies in Defoe, Richardson and Fielding, Harmondsworth: Penguin, p. 32.
- ↑ Dromi, S. M.; Illouz, E.. "Recovering Morality: Pragmatic Sociology and Literary Studies". New Literary History খণ্ড 42 (2): 351–369. doi:10.1353/nlh.2010.0004. http://muse.jhu.edu/journals/new_literary_history/v041/41.2.dromi.html। আহৰণ কৰা হৈছে: 2011-03-09.
- ↑ Griswold, W.. "Recent Moves in the Sociology of Literature". Annual Review of Sociology খণ্ড 19: 455–467. doi:10.1146/annurev.so.19.080193.002323.
- ↑ Casanova, Pascale (2004). The World Republic of Letters. প্ৰকাশক Cambridge, MA: Harvard University Press. https://archive.org/details/worldrepublicofl00casa.