সুচিত্ৰা হান্সদা (ইংৰাজী: Suchitra Hansda), জন্ম: ১৯৮৩ চন, এগৰাকী চাঁওতালী মহিলা লেখিকা। ভাৰতৰ পশ্চিম বংগৰ হুগলী জিলাৰ জামদা গাঁৱত তেওঁৰ ঘৰ। চাঁওতালী ভাষাৰ বিভিন্ন সাহিত্যৰ ৰচনাৰ বাবে তেওঁ পৰিচিত।[1]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

হান্সদাই পানপুৰ শশীভূষণ হাইস্কুল,[2] হাওৰাৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু মেদিনীপুৰৰ ৰাজা নৰেন্দ্ৰ লাল খান মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৮ চনত তেওঁৰ বিবাহ হয়।[1]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

সুচিত্ৰা হান্সদাই তেওঁৰ গ্ৰন্থ বেৰা আহলা কবিতা পুথিৰ বাবে ২০১৫ চনৰ সাহিত্য অকাডেমী নতুন দিল্লী যুৱ পুৰস্কাৰ লাভ কৰিছে৷[3].

কিতাপ আৰু প্ৰকাশন সম্পাদনা কৰক

সুচিত্ৰা হান্সদাই তলত উল্লেখ কৰা চাঁওতালী ভাষাৰ কবিতা পুথি প্ৰকাশ কৰিছে।[4]

  • বেৰা আহলা
  • ডোবে বাহা
  • ধিলৱাং
  • জুৱান ডেৰে
  • খাদা
  • বানাদল

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "सुचित्रा हांसदा को युवा साहित्य पुरस्कार - फोट ो डीएस 4 असंपादित - Prabhat Khabar" (en-US ভাষাত). 2015-06-25. https://www.prabhatkhabar.com/state/jharkhand/jamshedpur/490176। আহৰণ কৰা হৈছে: 2024-03-10. 
  2. "Education First". https://school.banglarshiksha.gov.in/ws/website/index/19160114104. 
  3. "..:: SAHITYA Akademi - Yuva Puraskar ::". https://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp. 
  4. "ᱟᱭᱳ ᱟᱲᱟᱝ – ᱟᱭᱳ ᱟᱲᱟᱝ". https://ayoarang.in/ᱟᱭᱳ-ᱟᱲᱟᱝ.