সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে। বৰ্তমান সোমনাথ মন্দিৰ গুজৰাটৰ অন্যতম পৰ্যটনস্থলী। বিভিন্ন অলৌকিক কাহিনী বিজড়িত সোমনাথ মন্দিৰ স্ব-মহিমাৰে মহিমামন্দিত। ‘সোম’ অৰ্থাৎ চন্দ্ৰৰ ‘নাথ’ অৰ্থাৎ দেৱতা হিচাপে ইয়াত মহাদেৱৰ পূজা- অৰ্চনা কৰা হয়। ভক্তসকলৰ বাবে এই মন্দিৰ নিতৌ পুৱা ৬ বজাৰ পৰা ৰাতি ৯ বজালৈকে খোলা ৰখা হয়। মন্দিৰটোত ৰাতিপুৱা ৭ বজাত, দুপৰীয়া ১২ বজাত আৰু গধূলি ৭ বজাত দৈনিক তিনিবাৰকৈ আৰতি অনুষ্ঠিত কৰা হয়।[1]

সোমনাথ মন্দিৰ
নাম
দেৱনাগৰী सोमनाथ मन्दिर
স্থান
দেশ ভাৰত
ৰাজ্য গুজৰাট
জিলা গীৰ সোমনাথ
এলেকা ৱেৰাৱল
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী সোমনাথ (শিৱ)
প্ৰধান উৎসৱ মহা শিৱৰাত্ৰি
স্থাপত্য শৈলী হিন্দু মন্দিৰ
১৮৬৯ চনত সোমনাথ মন্দিৰ

পৌৰাণিক আখ্যানসম্পাদনা কৰক

স্কন্দ পুৰাণ অনুসৰি সোমনাথ মন্দিৰৰ পৌৰাণিক আখ্যান এনেধৰণৰ- চন্দ্ৰদেৱে প্ৰজাপতি দক্ষৰ ২৭ গৰাকী কন্যাক বিবাহ কৰাইছিল। কিন্তু ২৭ গৰাকী পত্নীৰ ভিতৰত চন্দ্ৰয়ে কেৱল ৰোহিনীৰ প্ৰতিহে বেছিকৈ প্ৰেম-প্ৰীতিৰ ভাৱ প্ৰদৰ্শন কৰিছিল। এই কথাতে ৰুষ্ট আৰু চৰম অপমানিত হৈ বাকী ২৬ গৰাকী কন্যাই গৈ নিজ পিতৃ দক্ষৰ ওচৰত চন্দ্ৰৰ বিৰুদ্ধে গোচৰ দিলেগৈ। দক্ষই জোঁৱাই চন্দ্ৰক দুবাৰকৈ বুজনি দিও সৈমান কৰাব নোৱৰাত ক্ৰোধান্বিত হৈ পৰিল আৰু চন্দ্ৰক একলা একলা কৈ ক্ষয় যাবলৈ অভিশাপ প্ৰদান কৰিলে। চন্দ্ৰ দেৱৰ এই অৱস্থা হোৱাত সকলো দেৱতা কিংকৰ্তব্যবিমূঢ় হ’ল আৰু সকলোৱে মিলি ব্ৰহ্মদেৱৰ ওচৰত উপায় বিচাৰি গ’ল। ব্ৰহ্মদেৱে তেতিয়া চন্দ্ৰদেৱক সমুদ্ৰতীৰত শিৱৰ আৰাধনা কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে। চন্দ্ৰদেৱে পত্নী ৰোহিণীৰ সৈতে সমুদ্ৰতীৰৰ প্ৰভাসক্ষেত্ৰত গৈ মহাদেৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। ছমাহ তপস্যাৰ অন্তত মহাদেৱে আহি চন্দ্ৰদেৱক দৰ্শন প্ৰদান কৰিলে আৰু চন্দ্ৰক দক্ষৰাজৰ শাপৰ পৰা মুক্তি দি আশীৰ্বাদ প্ৰদান কৰিলে যে প্ৰতি ১৫ দিনত চন্দ্ৰদেৱে দক্ষৰ শাপ অনুসৰি একলা একলাকৈ ক্ষয় যাব কিন্তু তাৰ পৰবৰ্তী ১৫ দিনত মহাদেৱৰ আশীৰ্বাদত চন্দ্ৰদেৱে পুনৰ নিজৰ পূৰ্ণতা ঘূৰাই পাব। মহাদেৱৰ আশীৰ্বাদত ধন্য হৈ চন্দ্ৰদেৱে মহাদেৱক সেই স্থানতে যুগ যুগলৈ বিৰাজমান থাকি ভক্তসকলক দুখ-দুৰ্দশাৰ পৰা মুক্তি প্ৰদান কৰিবলৈ অনুৰোধ কৰিলে। চন্দ্ৰদেৱৰ প্ৰাৰ্থনাত সন্ত্তষ্ট হৈ মহাদেৱে সেই স্থানত চন্দ্ৰদেৱে স্থাপন কৰা শিৱলিংগত নিজৰ জ্যোতি প্ৰদান কৰিলে আৰু সেই স্থানে সোমনাথ মন্দিৰ হিচাপে প্ৰতিষ্ঠিত হ’ল।[2]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Thapar, Romila (2004), Somnath: The Many Voices of History, India: Penguin Books India (P) Ltd.
  2. Chaturvedi, B. K. (2006), Shiv Purana (First ed.), New Delhi: Diamond Pocket Books (P) Ltd, ISBN 81-7182-721-7

বাহ্যিক সংযোগসম্পাদনা কৰক