সোহম শ্বাহ

ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু উদ্যোগী


সোহম শ্বাহ (ইংৰাজী: Sohum Shah) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, উদ্যোগী৷ তেওঁ সাধাৰণতে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। ২০০৯ চনত সোহম শ্বাহক বাবৰ নামৰ ছবিখনত খলনায়কৰ ভূমিকাত পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত ২০১২ চনত তেওঁ ৰিচাইকলৱালা ফিল্মছৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি শ্বিপ অৱ থিছিয়াছত অভিনয় কৰে।[1]২০১৫ চনত শ্বাহে তালৱাৰ আৰু ২০১৭ চনত ছিমৰন ছবিত অভিনয় কৰে।[2]তেওঁৰ দ্বাৰা অভিনীত আৰু প্ৰযোজিত ছবি টুম্বাড়ে সমালোচকৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

সোহম শ্বাহ
Sohum Shah
পেচা অভিনেতা
জনা যায় টুম্বাড়,শ্বিপ অৱ থিছিয়াছ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Frater, Patrick (2018-03-21). "FilMart: 'Theseus' Producer Sohum Shah Pitches Fantasy Thriller 'Tumbad'". Variety. https://variety.com/2018/film/asia/filmart-sohum-shah-pitches-fantasy-thriller-tumbad-1202732068/. 
  2. "Simran actor Sohum Shah on playing Kangana Ranaut's love interest, nepotism and his journey to Bollywood". The Indian Express. 2017-09-07. https://indianexpress.com/article/entertainment/bollywood/simran-actor-sohum-shah-on-kangana-ranaut-nepotism-controversies-4832426/.