স্থলপদ্ম (ইংৰাজী: Land Lotus) হৈছে Malvaceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ যাৰ বৈজ্ঞানিক নাম হিবিস্কাছ মিউটাবিলিছ (Hibiscus Mutabilis)। ফুলৰ বাবে ইয়াৰ খেতি কৰা হয়। স্থলপদ্ম মূলতঃ দক্ষিণ চীনৰ থলুৱা ফুল। ই এতিয়া এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে পোৱা যায়। [1]

স্থলপদ্ম
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
পৰিয়াল: Malvaceae
প্ৰজাতি: Hibiscus Mutabilis

শৰৎ-হেমন্ত কালত ফুলিবলৈ আৰম্ভ কৰা স্থলপদ্ম ফুলৰ পাঁহিবোৰৰ ব্যাস ৪–৬ ইঞ্চি (১০–১৫ চে.মি.) হয়। এপাঁহ ফুলত কেইবাটাও পাঁহি থাকে। কেইবাটাও ঠাল-ঠেঙুলিযুক্ত ইয়াৰ গা-গছ সাধাৰণতে ১২–১৫ ফুট হোৱা দেখা যায়। কাটিং মাধ্যমেৰে স্থলপদ্মৰ ফুলৰ বংশবিস্তাৰ সহজে কৰিব পাৰি। বছৰৰ যিকোনো সময়তে ইয়াৰ কাটিং কৰিব পাৰি। [2]

অসমত পোৱা স্থলপদ্ম

সম্পাদনা কৰক

অসমত শৰৎ কালৰ অগমনৰ লগে লগে ফুলিবলৈ আৰম্ভ কৰা এইবিধ ফুলৰ পাঁহিবোৰ দেখিবলৈ পদুম ফুলৰ দৰে। মাটিত হোৱাৰ বাবে ইয়াৰ নাম স্থলপদ্ম (স্থল: মাটি; পদ্ম: পদুম) বুলি জনা যায়। কিছুমান ঠাইত ইয়াক কপাহী গোলাপ বুলিও জনা যায়। ইয়াৰ ফুলিবলৈ আৰম্ভ কৰোঁতে বগা ৰঙৰ হয় আৰু লাহে লাহে ৰং সলনি কৰি ক্ৰমে গুলপীয়া আৰু শেষলৈ ডাঠ গুলপীয়া বা ৰঙা হোৱা দেখা যায়।

স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তন

সম্পাদনা কৰক
 
স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তন

স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তন ঘটা দেখা পোৱা যায়। ফুলিবলৈ আৰম্ভ কৰোঁতে আৰু ৰাতিপুৱাৰ সময়ত ইয়াৰ ৰং বগা হয়, দুপৰীয়াৰ সময়ত গুলপীয়া আৰু একেদিনাই সন্ধিয়া ডাঠ গুলপীয়া বা ৰঙা হয়। পৰীক্ষাগাৰৰ পৰিস্থিতিত বাহিৰৰ পৰিস্থিতিতকৈ ফুলৰ পাহিৰ ৰঙৰ পৰিৱৰ্তন লেহেমীয়া হৈছিল।[3] তাপমাত্ৰা ৰঙৰ পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা এটা গুৰুত্বপূৰ্ণ কাৰক হ’ব পাৰে। কাৰণ ফ্ৰীজত ৰখা বগা ফুলবোৰ গৰমলৈ উলিয়াই নিদিয়ালৈকে বগা হৈ থাকে, তাৰ পিছত লাহে লাহে গোলাপী হৈ পৰে।

তথ্যসূত্ৰ

সম্পাদনা কৰক