স্বপংয়ঙ মানাও পয় বা শ্বপৌং য়ৌং মানও পয় অসমৰ পূব প্ৰান্তত বসবাস কৰা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ৷ চিংফৌসকলে তেওঁলোকৰ পূৰ্বপুৰুষ শ্বপৌং য়ৌঙৰ স্মৃতি চাৰণাৰ্থে এই উৎসৱ পালন কৰে৷ ’মানও’ শব্দৰ অৰ্থ নৃত্য আৰু ’পয়’ মানে উৎসৱ৷ সাধাৰণতে বসন্ত ঋতুৰ আগমনৰ লগে লগে ফাগুণৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ এই উৎসৱ পালন কৰা হয়৷ চিংফৌ জনগোষ্ঠীৰ সকলো লোকেই এই উৎসৱত ভাগ লয়৷

স্বপংয়ঙ মানাও পয়
তাৰিখ ফাগুণৰ ১ তাৰিখৰ পৰা ৩ তাৰিখ
আৰম্ভ বসন্ত ঋতুৰ আৰম্ভণিত
অন্তৰ বাৰ্ষিক
ঠাই অসম, ভাৰত
অংশগ্ৰহণকাৰী চিংফৌসকল

উৎসৱৰ ধৰ্মীয় ৰীতি-নীতি সম্পাদনা কৰক

চিংফৌসকলৰ বৰ্তমান প্ৰায় সকলোৱেই বৌদ্ধধৰ্মত বিশ্বাসী যদিও বৌদ্ধধৰ্মৰ প্ৰভাৱ পৰাৰ আগতে জনজাতীয় পৰম্পৰা অনুসৰি উৎসৱৰ আৰম্ভণিতে দেশ আৰু জাতিৰ মঙ্গলাৰ্থে শ্বপৌং য়ৌং আৰু মাঠুম মাঠা(বিশ্ব স্ৰষ্টা)ক প্ৰাৰ্থনা কৰে৷ তাৰপাছত উৎসৱৰ বাবে সজা বৃহৎ চাং ঘৰৰ সম্মুখত “শ্বাদুং’’ প্ৰতিষ্ঠা কৰে৷ তাৰ আগতে সেই স্থানত এটা গাহৰি জীয়াই জীয়াই পুতি ’গা-নাত’( আই বসুমতী)ক উপাসনা কৰে আৰু তাতে বলিশাল পাতি ৫টা বা ৭টা ম’হ বলি দিয়ে৷

শ্বাদুং সম্পাদনা কৰক

শ্বাদুং চিংফৌসকলৰ জাতীয় প্ৰতীক৷ শ্বাদুঙত প্ৰায় ২০ ফুট উচ্চতাৰ ৭ডাল বা ৯ডাল দণ্ড থাকে৷ একেবাৰে মাজত পোতা দণ্ড দুডালক দুংলা(পুৰুষ) আৰু দুংৱি(প্ৰকৃতি) বোলা হয়৷ খুটি দুটাৰ মূৰত ঝাণ(সূৰ্য) আৰু স্তা(চন্দ্ৰ) অংকিত কৰা থাকে৷ তেওঁলোকৰ বিশ্বাস যে মাঠুম-মাঠাই চন্দ্ৰ আৰু সূৰ্য সৃষ্টি কৰাৰ পিছতহে এই পৃথিৱী জাতিষ্কাৰ হৈছিল৷ মাজত এডাল দণ্ড পথালিকৈ থাকে আৰু তাত ধনেশ পক্ষী(খুংৰাং)ৰ ছবি অংকিত কৰা থাকে৷ কাৰণ, ধনেশ পক্ষী পক্ষীকুলৰ ৰজা আৰু পক্ষীকুলেই পোনতে প্ৰকৃতিৰ ফলমূল খাই আনন্দত মাঠুম-মাঠাৰ বন্দনা কৰিছিল৷ উৎসৱ পালন কৰা পক্ষীকুলৰ এই উৎসৱত ’ম্যাং দিং য়াউ’ নামৰ এজন মানৱেও অংশ গ্ৰহণ কৰিছিল আৰু তেওঁৰে নিৰ্দেশত মানাও পয় উৎসৱ পালন কৰা হয়৷ শ্বাদুঙত হেলনীয়াকৈ থকা দণ্ড দুডাল দুখন দাৰ প্ৰতীক৷ দা চিংফৌসকলৰ অপৰিহাৰ্য আহিলা, আত্মৰক্ষা আৰু জীৱিকাৰ৷

পৰিৱেশন সম্পাদনা কৰক

শ্বাদুঙৰ সম্মুখত চিংফৌসকলৰ জনগোষ্টীয় আৰ্হিৰ বৃহৎ চাংঘৰ নিৰ্মাণ কৰা হয়, ইয়াতে অতিথি আৰু বৃদ্ধ লোকসকল বহে আৰু জ্বলি থকা জুইৰ চাৰিওফালে বহি ফালাপ(বিশেষভাবে প্ৰস্তুত কৰা চাহ)ৰ জুতি লয়৷[1] শ্বাদুং প্ৰতিষ্ঠাৰ পিছত চিংফৌসকলৰ মুনিহ-তিৰোতা সকলোৱে ’গিখিন গুমদিন মানও’ নামৰ সমূহীয়া নৃত্য কৰে৷ এই নৃত্যৰ মাজেৰে চিংফৌসকল ঐক্য-সংহতি আৰু ভাতৃত্বৰ বান্ধোন কটকটীয়া কৰি তোলে৷ ইয়াৰ পিছত বা-দাং মানও, চ্যুত মানও, কুৰাণ আদি বিভিন্ন প্ৰকাৰৰ নৃত্য কৰে৷ নৃত্যসমূহত দলৰ দলপতিজনে হাতত দা এখন লৈ দলটোৰ ৰখীয়া হিচাপে নৃত্য কৰে আৰু বাকীসকলে চৰাই-চিৰিকতিৰ প্ৰতীক হিচাপে হাতত বিচনী অথবা ৰুমাল লৈ বিভিন্ন ভংগীমাত নৃত্য কৰে৷

বাদ্য-যন্ত্ৰ সম্পাদনা কৰক

স্বপংয়ং নৃত্যত ব্যৱহৃত বাদ্যসমূহ হ’ল, চিং নামৰ এফলীয়া ঢোল, পি-মান(বাঁহী), বাত(বৰ-কাঁহ) আৰু ৰুমাল বা ডলা লৈ “অ’ৰা ৰাগা, অ’ৰা ৰাগা অ’ৰা ৰাগা অ’ৰা ৰাগালৌ .... গীতৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে৷[2]

সাজ-পাৰ সম্পাদনা কৰক

এই উৎসৱত চিংফৌসকলে নিজহাতে প্ৰস্তুত কৰা জাতীয় সাজ পৰিধান কৰিহে ভাগ লয়৷ মহিলাসকলে ৱাতুত বা ৱাচাং(মেখেলা) বুকুত নিংৱাট(মেঠনি), বুম-বাম(মূৰৰ পাগ) আৰু মণি-মুকুতাখচিত হাতদীঘল চোলা পৰিধান কৰে৷ পুৰুষসকলে মূৰত টাটক বুম-বাম(পাগুৰি) আৰু কঁকালত লাছা বাবু(লুঙী) পিন্ধে[3] আৰু কান্ধত মোনা আৰু খাপ থকা দা ওলোমাই লয়৷[2] চিংফৌসকলৰ পৱিত্ৰ এই জাতীয় উৎসৱে সকলোকে আত্মীয়তাৰ এনাজৰীৰে বান্ধি ৰাখে৷ এই উৎসৱত অনাচিংফৌ লোকেও অংশ গ্ৰহণ কৰিব পাৰে৷ স্বয়ংপয় উৎসৱ ৰঙালী বিহুৰ সৈতে সমঞ্জস্য থকা অসমৰ অন্যতম এক জাতীয় উৎসৱ৷

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. মানস প্ৰতীম গগৈ, দৈনিক অসম
  2. 2.0 2.1 তিনি জনগোষ্ঠীৰ লোক উচৱৰ চাক্ষুষ অভিজ্ঞতা, মুৰুলীধৰ দাস, মনপুৰ-মৌচন্দা
  3. চিংফৌ জাতি আৰু বিছা ৰজাৰ ইতিবৃত্ত, জগত চাংমাই