স্বৰ্ণলতা (গ্ৰন্থ)
স্বৰ্ণলতা উপন্যাসৰ ঔপন্যাসিক তিলোত্তমা মিশ্ৰ৷ উপন্যাসখনৰ পটভূমি মূলতঃ ঊনবিংশ শতিকাৰ অসম আৰু কলিকতাৰ সামাজিক অৱস্থা৷ স্বৰ্ণলতাই প্ৰায় ৯ বছৰ বয়সতেই শিক্ষা গ্ৰহণৰ বাবে অসম এৰি কলিকতালৈ গুছি যোৱা আৰু পাছলৈ সংসাৰ আৰু ব্যক্তিগত কাৰণত কলিকতাৰ নিবাসী হোৱাৰ জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনীয়েই উপন্যাসখনৰ মূল উপজীৱ্য৷[1] সমান্তৰালভাৱে অসম বুৰঞ্জীৰ কিছু গুৰুত্বপূৰ্ণ ঘটনাক প্ৰধান সমল হিচাপে লৈ সেই নিৰ্দিষ্ট সমলক উপন্যাসৰ মাজেৰে সজীৱ আৰু ৰসাল কৰি লেখিকাই বৰ্ণিত কাহিনীটোক পৰিপূৰ্ণতা প্ৰদান কৰিছে৷ [2]
স্বৰ্ণলতা | |
---|---|
লেখক | তিলোত্তমা মিশ্ৰ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | উপন্যাস |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
বিষয়বস্তু
সম্পাদনা কৰকউপন্যাসখনত স্বৰ্ণলতা চৰিত্ৰটোৰ দৰেই সমাজ সংস্কাৰক গুণাভিৰাম বৰুৱা, তেওঁৰ পত্নী বিষ্ণুপ্ৰীয়া দেৱী আৰু স্বৰ্ণলতাৰ বান্ধৱী লক্ষ্মীপ্ৰীয়া, তৰা আদি চৰিত্ৰৰ খণ্ডিত কাহিনীৰ আধাৰত বৰ্ণিত কাহিনীটোৰ বিকাশ সাধন হৈছে আৰু ঊনবিংশ শতিকাৰ সময়ছোৱাত অসম-বংগৰ সমসাময়িক সমাজখনৰ সামগ্ৰিক অৱস্থা আৰু পৰিৱেশটোৰ চিত্ৰায়ন কৰা হৈছে৷ ধৰ্ম আৰু গোড়া ৰীতি-নীতিয়ে আগুৰি থকা সমাজ এখনত নাৰীৰ সামাজিক স্থিতি আৰু শিক্ষা গ্ৰহণৰ অৱস্থা,মৰ্যাদা আদিৰপৰা আৰম্ভ কৰি সাহিত্য, ৰাজনীতি, পৰম্পৰা, গোড়ামী আদি বিষয়বস্তু সম্পৰ্কে উপন্যাসখনত বৰ্ণনা কৰা হৈছে৷ সেইদৰে মিছনেৰীসকলে অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহাৰ সময়ছোৱা আৰু অসমৰ ল’ৰা-ছোৱালীয়ে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ পৰিৱেশ, শিক্ষালাভৰ লগতে অসমৰ উন্নতি আৰু বিকাশৰ বাবে কৰা সামাজিক অৱদানৰ বিষয়ে উপন্যাসখনত বৰ্ণিত হৈছে৷ উপন্যাসখনত লেখিকাই মূলতঃ ঊনবিংশ শতিকাৰ অসমৰ সমাজ চিত্ৰণত গুৰুত্ব দিছে৷ সেই সময়ছোৱাৰ একাংশ লোকৰ, উদাৰতা, সংকীৰ্ণতা, গোড়া মনোভাৱ, ধৰ্মৰ ৰীতি-নীতি, সামাজিক লোকাচাৰ, মহানুভৱতা, দুৰ্বলতা আদি প্ৰত্যেকটো দিশেই লেখিকাই কল্পনাৰে আৰু ইতিহাসৰ আশ্ৰয় লৈ হুবহু ৰূপ দিয়াৰ প্ৰয়াস কৰিছে৷ [3]
উপন্যাসখনৰ পাতনিত লেখিকাই এটা কথা উল্লেখ কৰিছে যে– উপন্যাসখনৰ চৰিত্ৰবোৰ একে সময়তে ঐতিহাসিক আৰু কাল্পনিকো৷ অন্যহাতে তেওঁ পূৰ্বতে উল্লেখ কৰি আহিছে–‘‘উপন্যাসখনত যিকেইটা কাল্পনিক চৰিত্ৰ আছে সেইকেইটাকো মই দৰাচলতে সম্পূৰ্ণৰূপে কাল্পনিক বা ঐতিহাসিক ভিত্তি নথকা চৰিত্ৰ বুলি ক’ব নোখোজোঁ৷’’ উপন্যাসখনত বৰ্ণিত হৈছে অসমীয়া সমাজ ব্যৱস্থাই আজিৰ সুসভ্য বুলি স্বীকৃতি দিব পৰা পৰিৱেশ আৰু পৰিস্থিতিটোৰ নিৰ্মাণৰ প্ৰাৰম্ভিক সময়ছোৱাৰ কাহিনী৷ অতীতৰ যিসকল পুৰুষ-নাৰীৰ একাগ্ৰ ত্যাগ, সাধনা, কষ্ট আৰু আধুনিক চিন্তা-চেতনাৰ বিকাশৰ ফলত অসম ৰাজ্যই আজিৰ আধুনিক সমাজ ব্যৱস্থাটো আমি লাভ কৰিছে, সেইসকল ব্যক্তিৰ জীৱন আৰু সমসাময়িক সমাজ ব্যৱস্থাটোৰ স্বৰূপ উপন্যাসখনত প্ৰতিফলিত হৈছে৷ বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজখনৰ পৰা নাৰীৰ নিজৰ স্বাধীনতা আৰু অধিকাৰ আজুৰি আনি নাৰীক স্বাভিমানেৰে জীয়াই থাকিবলৈ ঔপন্যাসখনত থকা নাৰী চৰিত্ৰ বিষ্ণুপ্ৰীয়া, লক্ষ্মীপ্ৰীয়া, তৰা, স্বৰ্ণলতাৰ দৰে হাজাৰ হাজাৰ নাৰীয়ে প্ৰচলিত সমাজৰ বিৰুদ্ধে বিদ্বেষ কৰি প্ৰাপ্য আদায় কৰিবলগীয়া হৈছে৷ দুখ-আৰু দুৰ্দশাৰে জীৱন পাৰ কৰি গোড়া পৰম্পৰা, নীতি-নিয়মৰ বিপক্ষে প্ৰতিবাদ কৰি এই চৰিত্ৰকেইটাই প্ৰকৃততে পৰৱৰ্তী বিংশ, একবিংশ শতিকাৰ অসমীয়া নাৰীৰ বাবে এটি পৃষ্ঠভূমি নিৰ্মাণ কৰি থৈ গৈছে৷ ঔপন্যাসিকে এই কথাবোৰকে ‘স্বৰ্ণলতা’ত কাহিনীৰ আকাৰে সৱল আৰু সজীৱতাৰে বৰ্ণনা কৰিছে৷[2]
উপন্যাসখনৰ প্ৰধান চৰিত্ৰ হিচাপে কেইবাটাও চৰিত্ৰ অৱতীৰ্ণ হোৱা দেখা যায়৷ ইয়াৰ ভিতৰত স্বৰ্ণলতা, গুণাভিৰাম বৰুৱা, বিষ্ণুপ্ৰীয়া, তৰা, লক্ষ্মীপ্ৰীয়া আদি চৰিত্ৰকেইটা বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰতিটো চৰিত্ৰই প্ৰতিবাদী, সাহসী আৰু সমাজ সংস্কাৰী মনোভাৱেৰে সমৃদ্ধ৷ নাৰী শিক্ষাৰ প্ৰসাৰৰ লগতে নাৰীক পুৰুষৰ সমানে সমানে অধিকাৰ দিবলৈ আৰু স্বাভিমানেৰে জীয়াই থাকিবলৈ প্ৰত্যেকটো চৰিত্ৰই অহোপুৰুষাৰ্থ কৰিছে৷ এইক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে গুণাভিৰাম বৰুৱাই৷ ‘স্বৰ্ণলতা’ উপন্যাসখনে ঊনবিংশ শতিকাৰ অসমীয়া সমাজখনৰ মধ্যিবৃত্ত শ্ৰেণীটোৰ কিছু সামাজিক বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ সেই সময়চোৱাৰ অসমীয়া মধ্যবৃত্ত মানুহখিনিৰ লগতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অহা মিশ্যনেৰীসকলৰ পৰা আদি কৰি অসম আৰু কলিকতাৰ শিক্ষা ব্যৱস্থা, সমাজ-সাহিত্য- সংস্কৃতি, সামাজিক ৰীতি-নীতি আদি, ধৰ্মীয় বিশ্বাস, গোড়া পৰম্পৰা, নাৰীৰ অধিকাৰ আৰু সামাজিক স্থান আদি প্ৰতিটো দিশ বুৰঞ্জীৰদৰে লিপিবদ্ধ হৈছে৷ উপন্যাসখনত ৰায়বাহাদূৰ গুণাভিৰাম বৰুৱাৰ দৰে এচাম আধুনিক মনৰ মানুহৰ সমাজ সংস্কাৰৰ চিন্তা-চেতনা যেনেদৰে বৰ্ণিত হৈছে, জাতিৰ প্ৰতি ভাষাৰ প্ৰতি, নাৰী শিক্ষাৰ প্ৰতি যেনেদৰে প্ৰতিফলিত হৈছে; সেইদৰে এচাম গোড়া মানুহৰ কপটতা, কু-সংস্কাৰ আৰু জাত্যাভিমান আদি দিশবোৰো প্ৰতিফলিত হৈছে৷