মূল মেনু খোলক


সৰুৰে পৰা বিভিন্ন উৎসৰ যেনে চকু, নাক, কাণ, ছাল আৰু জিভা আদি পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা সংগৄহীত তথ্য আমাৰ মগজুয়ে জমা কৰে। মগজুত জমা ৰখা এই তথ্য ভাণ্ডাৰকে স্মৃতি বোলা হয় আৰু প্ৰয়োজন অনুসাৰে ইয়াক উলিয়াই আনি ব্যৱহাৰ কৰা হয়। জমা ৰখা তথ্য হেৰাই গ'লে বা সময়ত উপলব্ধ নহ'লে সেয়া দুৰ্বল স্মৃতি শক্তিৰ লক্ষণ।

স্মৃতি জমা ৰখাৰ এই প্ৰক্ৰিয়াটো তিনি ধৰণৰ

  • পঞ্জীকৰণ বা এনকোডিং : তথ্য আহৰণ আৰু বিভিন্ন তথ্য মিহলাই প্ৰস্তুতকৰণ,
  • সঞ্চয় : তথ্য সমূহ স্থায়ী ভাবে জমা কৰা
  • পুনৰুদ্ধাৰ : দৰকাৰ হলে তথ্য সমূহ বিচাৰি উলিয়াই অনা

সংবেদী স্মৃতিসম্পাদনা কৰক

ইন্দ্ৰিয়ৰ সতে জড়িত স্মৃতি। ই খুউব কম সময়ৰ বাবে চকুৰে দেখা বা কাণেৰে শুনা বা স্পৰ্শ অনুভূতি কম সময়ৰ বাবে ধৰি ৰাখিব পাৰে।

হ্ৰস্বকালীন স্মৃতিসম্পাদনা কৰক

এক মিনিট নাইবা কিছু চেকেন্দৰ বাবে আমি কিছুমান বস্তু মনত ৰাখিব পাৰো। যেনেকৈ এটা ফ’ন নাম্বাৰ বা কিছু তথ্য।

দীৰ্ঘ কালীন স্মৃতিসম্পাদনা কৰক

আমাৰ মগজুৰ হিপ্পকেম্পাচ নামৰ অংশটোৰ সহায়ত হ্ৰস্বকালীন স্মৃতিক দীৰ্ঘকালীন স্মৃতিলৈ ৰূপান্তৰ কৰিব পাৰি। এটি ছমহীয়া শিশুয়েও দিনটোৰ ২৪ ঘন্টাৰ কথা মনত ৰাখিব পাৰে। নমাহ মানৰ পৰাহে শিশুটিয়ে অলপ জটিল কথা মনত ৰাখিবলৈ শিকে।

স্মৃতি শক্তিসম্পাদনা কৰক

বৄদ্ধ বয়সত মানুহে কথা পাহৰিবলৈ ধৰে। এলঝেইমাৰ নামৰ ৰোগ বিধতো স্মৰণ শক্তি কমি যায়। সাম্প্ৰতিক বা অতীত এই দুই ধৰণৰ স্মৃতিয়েই লাহে লাহে লোপ পায় আৰু ৰোগী বিস্মৃতিৰ কবলত পৰে। অত্যাধিক মানসিক চাপ বা দীৰ্ঘদিনীয়া মানসিক অৱসাদেও স্মৃতি শক্তি দুৰ্ব্বল কৰিব পাৰে।


তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক