সৰ্পগন্ধা
সৰ্পগন্ধা হৈছে এবিধ চিৰসেউজীয়া সৰু জোপোহা, যাক ক্ৰান্তীয় হিমালয়, অসম, মেঘালয়, ডেক্কান উপদ্বীপ(Deccan peninsula) আৰু পশ্চিম বংগ আৰু বিহাৰৰ আন কিছু অংশত পোৱা যায়। এই উদ্ভিদৰ পাতবোৰ সৰল আৰু ফুলবোৰ বগা-ৰঙা।
সৰ্পগন্ধা | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Rauvolfia |
প্ৰজাতি: | R. serpentina |
দ্বৈৰাশিক নামকৰণ | |
Rauvolfia serpentina (L.) Benth. ex Kurz[2] | |
সমাৰ্থক[3] | |
|
এইবিধ উদ্ভিদ বিধৰ বিষয়ে প্ৰথমে জৰ্জ বেন্থাম নামৰ ইংলেণ্ডৰ জৈৱ বিজ্ঞানী জনে বৰ্ণনা কৰিছিল। শুকান শিপাবোৰত পাঁচটা alkaloids থাকে যাৰ ভিতৰত serpentine, serpentinine , reserpine আৰু rauwolfine আটাইতকৈ গুৰুত্বপূৰ্ণ। শিপা হৈছে এইবিধ উদ্ভিদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যাক পৰিষ্কাৰ, শুকোৱা আৰু গুৰি কৰা হয় আৰু তাত গুৰি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । R. sepentina নামেৰে ই বৈজ্ঞানিকভাৱে পৰিচিত যদিও সাধাৰণতে সৰ্পগন্ধা বা devil's pepper বুলি জনা যায়।
সৰ্পগন্ধা ইয়াৰ ৰক্তচাপ হ্ৰাস কৰা গুণৰ বাবে অতি বিখ্যাত। তদুপৰি ইয়াক নিদ্ৰাহীনতা, মানসিক ভাৰসাম্যহীনতা, উন্মাদনা আৰু সৰ্প দংশনৰ প্ৰতিকাৰক হিচাপেও ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Appendices". Convention on International Trade in Endangered Species (CITES). 2014. http://www.cites.org/eng/app/appendices.php। আহৰণ কৰা হৈছে: 2014-08-07.
- ↑ "Rauvolfia serpentina". US Department of Agriculture, Agricultural Research Service. 1992-2016. Dr. Duke's Phytochemical and Ethnobotanical Databases. 10 September 2018. Archived from the original on 10 January 2022. https://web.archive.org/web/20220110050440/https://phytochem.nal.usda.gov/phytochem/plants/show/1665?qlookup=Rauvolfia+serpentina&offset=0&max=20&et=। আহৰণ কৰা হৈছে: 25 November 2018.
- ↑ "The Plant List: A Working List of All Plant Species". Royal Botanic Gardens, Kew, UK and Missouri Botanical Garden. Archived from the original on 2 October 2018. https://web.archive.org/web/20181002085549/http://www.theplantlist.org/tpl1.1/record/kew-176968। আহৰণ কৰা হৈছে: 12 April 2015.