সৰ্বশিক্ষা অভিযান হৈছে ভাৰতত প্ৰচলিত এক শৈক্ষিক আঁচনি। নিৰ্দিষ্ট "সময়সীমাৰ ভিতৰত" প্ৰাথমিক শিক্ষাৰ সৰ্বজনীনকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই আঁচনিখনৰ আধাৰত এক মৌলিক অধিকাৰ (অনুচ্ছেদ-২১ ক) হিচাপে ভাৰতৰ সংবিধানৰ ৮৬ তম সংশোধনীয়ে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিছে (২০০১ চনত ২০৬ নিযুত শিশু বুলি অনুমান কৰা হৈছে)। এই কাৰ্যসূচীটো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শুভাৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছে ২০১০ চনৰ ভিতৰত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুক শিক্ষিত কৰা। অৱশ্যে, সময়সীমাক অনিৰ্দিষ্ট কাললৈ আগুৱাই নিয়া হৈছে।

হাওৰাৰ এখন চৰকাৰী বিদ্যালয়ত সৰ্বশিক্ষা অভিযানৰ ল'গ' অংকিত এখন ফলক।

উদ্দেশ্য

সম্পাদনা কৰক
 
অসমৰ এখন বিদ্যালয়ত সৰ্বশিক্ষা অভিযান আঁচনিৰ অধীনত বিনামূলীয়া পাঠ্যপুথি বিতৰণ।
  • সকলোবোৰ শিশুকে ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে ২০০৩ চনৰ ভিতৰত বিদ্যালয়, শিক্ষা নিশ্চিত কেন্দ্ৰ, বিকল্প বিদ্যালয়,বিদ্যালয়ৰ প্ৰত্যাৱৰ্তন শিবিৰ আদিত সামৰি লোৱা।
  • সকলোবোৰ শিশুক ২০০৭ চনৰ ভিতৰত, প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰীয়া শিক্ষা সমাপ্ত কৰাৰ সুযোগ দিয়া।
  • ২০১০চনৰ ভিতৰত আঠ বছৰীয়া প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ দিয়া।
  • জীৱনৰ কাৰণে শিক্ষা প্ৰদানকাৰী গুণগত প্ৰাথমিক শিক্ষা বিস্তাৰত গুৰুত্ব প্ৰদান।
  • প্ৰাথমিক স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁতৰ কৰাৰ ব্যৱস্থা কৰা।
  • ২০১০চনৰ ভিতৰত প্ৰাথমিক শিক্ষাক সৰ্বজনীন আৰু ৬-১৪ বছৰৰ শিশুসকলক শিক্ষা সম্পূৰ্ণ কৰা।

বৈশিষ্ট্য

সম্পাদনা কৰক
  • প্ৰাথমিক বিদ্যালয়ৰ মানদণ্ড ৰক্ষা কৰিবৰ বাবে ৰাজ্যসমূহৰ অনুষ্ঠানসমূহৰ সংস্কাৰ সাধন কৰা।
  • বিদ্যালয় পৰ্যায়লৈকে শিক্ষাৰ ফলপ্ৰসূ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰা।
  • বিদ্যালয় তথা শিক্ষানুুষ্ঠানবোৰ যে ৰাইজৰ বাবেহে সেই ধাৰণা প্ৰচাৰ কৰা।
  • বিদ্যালয়ৰ নিকটৱৰ্ত্তী অঞ্চলৰ ৰাইজক অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা। আদি

এক হস্তক্ষেপ কাৰ্যসূচী হিচাপে, এই অভিযান ২০০২ চনত আৰম্ভ হৈছিল। এই এছ.এছ.এ. ২০০০-২০০১ চনৰ পৰা কাৰ্যকৰী হৈছে।[1] অৱশ্যে এই পৰিকল্পনাটোৰ শিপা ১৯৯৩-১৯৯৪ চনৰ সৈতে সংযুক্ত হৈ আছে। সেইসময়ত জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী (ডিপিইপি) আৰম্ভ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল সৰ্বজনীন প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য প্ৰাপ্তি।[2] ডিপিইপিয়ে কেইবাটাও পৰ্যায়ত দেশৰ ১৮খন ৰাজ্যৰ ২৭২খন জিলাক সামৰি লৈছিল।[3] কাৰ্যসূচীটোৰ ব্যয় কেন্দ্ৰীয় চৰকাৰ (৮৫%) আৰু ৰাজ্য চৰকাৰসমূহৰ(১৫%) মাজত ভাগ বতৰা কৰা হৈছিল। কেন্দ্ৰীয় অংশটো বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিভাগ (ডিএফআইডি) আৰু ইউনিচেফকে ধৰি কেইবাটাও বাহ্যিক সংস্থাৰ দ্বাৰা পুঁজি যোগান ধৰা হৈছিল।[4] ২০০১ চনলৈ এই কাৰ্যসূচীৰ প্ৰতি ১৫০০ মিলিয়ন ডলাৰৰ অধিক প্ৰতিশ্ৰুতিবদ্ধ আছিল আৰু ৫০ নিযুত শিশুক ইয়াৰ পৰিধিত আৱৰি লোৱা হৈছিল। ডিপিইপিৰ প্ৰথম পৰ্যায়ৰ প্ৰভাৱ মূল্যায়নত, লেখকসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে সংখ্যালঘু শিশুৰ ওপৰত ইয়াৰ মুঠ প্ৰভাৱ আকৰ্ষণীয় আছিল, আনহাতে ছোৱালীৰ নামভৰ্তিৰ ওপৰতো প্ৰভাৱ পৰাৰ সামান্যতম প্ৰমাণ পোৱা গৈছিল। তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে ডিপিইপিত বিনিয়োগ অপচয় নহয়, কিয়নো ই ভাৰতত প্ৰাথমিক বিদ্যালয়ৰ হস্তক্ষেপৰ বাবে এক নতুন পদ্ধতি প্ৰৱৰ্তন কৰিছিল।[4]

শিক্ষাৰ অধিকাৰ আইন (আৰটিই) ১ এপ্ৰিল ২০১০ তাৰিখে কাৰ্যকৰী হৈছিল। কিছুমান শিক্ষাবিদ আৰু নীতি নিৰ্মাতাই বিশ্বাস কৰে যে, এই আইনখন গৃহীত হোৱাৰ লগে লগে, এছ.এছ.এ.-য়ে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় আইনী শক্তি অধিগ্ৰহণ কৰিছে।[5]

এই আঁচনিখনৰ প্ৰাৰম্ভিক ব্যয় আছিল ৭,০০০ কোটি টকা আৰু ২০১১-১২চনত, ভাৰত চৰকাৰে এই প্ৰকল্পটোৰ বাবে ২১,০০০ কোটি (২.৮ বিলিয়ন আমেৰিকান ডলাৰ) আৱণ্টন কৰিছিল, যি আগৰ বছৰতকৈ ৪০ শতাংশ অধিক আছিল।[6] বহুতো ব্যক্তি আৰু সংগঠন আদিয়েও এইক্ষেত্ৰত অৱদান আগবঢ়াইছে। ফলত কাৰ্যসূচীটো অধিক জনপ্ৰিয় হোৱাৰ লগে লগে পুঁজিও বৃদ্ধি পাইছে।

একত্ৰীকৰণ

সম্পাদনা কৰক

২০১৮ চনত, সৰ্ব শিক্ষা অভিযানৰ লগতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰম্ভ কৰি সমগ্ৰ শিক্ষা অভিযান গঠন কৰা হৈছিল।[7]

তথ্যসূত্ৰ

সম্পাদনা কৰক

সহায়ক গ্ৰন্থ

সম্পাদনা কৰক
  • বীৰেন্দ্ৰ ডেকা "সকলোৱে বাবে শিক্ষা", "শিক্ষাতত্ত্ব"
  • ৰেণু দেৱী, "অসমৰ শিক্ষা ব্যৱস্থা"
  • যতীন বৰুৱা, "ভাৰতৰ শিক্ষাৰ ইতিহাস অধ্যয়ন"