সৰ্বেশ্বৰ দত্ত সম্পাদনা কৰক

  সৰ্বেশ্বৰ দত্ত(ইংৰাজী:SARBESWAR DUTTA:১৯৩৬-২০১৩)আছিল এজন বিশিষ্ট সাহিত্যিক।

জন্ম সম্পাদনা কৰক

  সৰ্বেশ্বৰ দত্তৰ জন্ম হয় ১৯৩৬চনৰ শিৱৰাত্ৰিৰ দিনা মাজুলীৰ গড়মূৰত।তেওঁৰ দেউতাক আছিল প্ৰয়াত পুৱাৰাম দত্ত আৰু মাক আছিল প্ৰয়াত জেউতী দত্ত।[1]

শিক্ষা সম্পাদনা কৰক

  সৰ্বেশ্বৰ দত্তদেৱে স্কুলীয়া শিক্ষা মাজুলী জিলাৰ কমলাবাৰীত গ্ৰহণ কৰিছিল।উচ্চ শিক্ষাৰ বাবে জ্যেষ্ঠ ভাতৃ ধীৰেন দত্তৰ লগ হৈ মাজুলীৰ পৰা যোৰহাটলৈ আহে আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আই. এ নামভৰ্তি কৰে।ইয়াৰ পিছতে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা অসমীয়া(ভাষা) আৰু শিক্ষাত তত্ব এই দুয়োটা বিভাগতে স্নাতকোত্তৰ উপাধি লাভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

   সৰ্বেশ্বৰ দুত্তাদেৱে অসম পৰিবহণ নিগমৰ চাকৰিৰে কৰ্মজীৱন আৰম্ভ । জীৱনৰ প্ৰাৰম্ভতে মাজুলীত তেখেতে শিক্ষকতা আৰম্ভ কৰিছিল।গুৱাহাটী বিশ্ববদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মাজুলী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা ৰূপে যোগদান কৰে । ইয়াৰ কেইবছৰমান পিছত তেওঁ লখিমপুৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰিছিল।

সাহিত্যৰাজি সম্পাদনা কৰক

গল্প মঞ্জৰী সম্পাদনা কৰক

 •ৰূপৰ জোনাকেৰে
 •কোলাহল
 •আৱাজ

গ্ৰন্থ সমালোচনা সম্পাদনা কৰক

 •জ্ঞানানন্দ শৰ্মা পাঠকৰ"মোৰ কথাশুনা দীপাংকৰ":ব্যক্তিগত অনুভৱৰ এক চকামকা ৰেঙনি।
 •এখন চিৰন্তন প্ৰতিমাই কোৱা কথা শুনি
 •দেৱজিৎ শইকীয়াৰ কবিতা

প্ৰবন্ধ সম্পাদনা কৰক

 •মানৱ অধিকাৰ সম্পৰ্কে যৎকিন্সিত
 •এটি বিদ্যা বৃক্ষ ৰূপণৰ ৰূপলেখা
 •মহাৰাজ নৰনাৰায়ণৰ নৰবলি
 •শিক্ষাৰ প্ৰসাৰ সাধনত গড়মূৰ সত্ৰৰ ভূমিকা
 •সত্ৰ সংক্ৰান্ত তথ্যত বিসংগতি

নৃত্য নাটিকা সম্পাদনা কৰক

 •হৰধনু ভংগ

বিবাহ সম্পাদনা কৰক

 ১৯৬৮ চনত শ্ৰীমতী ৰম্ভা চেলেং ৰ হৈতে শুভ পৰিণয়।

মৃত্যু সম্পাদনা কৰক

 অসমীয়া সাহিত্যৰ এইজনা মহান ব্যক্তিৰ ২০১৩ চনৰ ১৯জুন তাৰিখে  মৃত্যুক সাৱটি লয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ।শইকীয়া দেৱজিৎ(২০১৪);সৰ্বেশ্বৰ দত্ত ৰচনা মঞ্জৰী: আৰ্তিকো ডিজাইন এণ্ড পাব্লিকেচন প্ৰকাশ পৃষ্ঠা নং ৬৭৫