সদস্য:হিমাংশু কলিতা/হাত ধোৱা

(হাত ধোৱাৰ পৰা পুনঃনিৰ্দেশিত)


হাত ধোৱা এটা এনেকুৱা পদ্ধতি যত হাতত লাগি থকা ধূলি মাকতি, বীজাণু বা অন্য লাগি থকা লেতেৰা পদাৰ্থবোৰ আঁতৰ কৰা হয়। চাবোণেৰে সঠিক পদ্ধতিৰে হাত ধোৱাৰ ফলত বিভিন্ন বেমাৰ যেনে ইনফ্লুয়েঞ্জা, ডায়েৰীয়া, কলেৰা, কৰোণা আদিৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি। লেতেৰা হাতেৰে চকু কাণ নাক বা মুখ চুলে হাতত লাগি থকা বীজাণুৰ বাবে আমাৰ বেমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। যদি পানী বা চাবোন নাথাকে, ছাঁইৰে হাত চাফা কৰিব পাৰে